![]() ২০০৬ চনত গণতন্ত্ৰ দিৱস পেৰেডৰ সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ 'আশা'ৰ ওপৰত আলোকপাত কৰা প্ৰতীকৰথ | |
দেশ | ভাৰত |
---|---|
আৰম্ভণি | ২০০৫ |
স্থিতি | ৯,৩৯,৯৭৮ গৰাকী আশা (২০১৮) |
স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (ইংৰাজী: Accredited Social Health Activist) বা আশা কৰ্মী ভাৰতৰ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনৰ অংশ হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰতিষ্ঠা কৰা সামাজিক স্বাস্থ্য কৰ্মী।[1] এই অভিযান ২০০৫ চনত আৰম্ভ হৈছিল আৰু ২০১২ চনৰ বাবে সম্পূৰ্ণ ৰূপায়ণৰ লক্ষ্য নিৰ্দিষ্ট কৰা হৈছিল। সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পিছত ভাৰতত "প্ৰতিখন গাঁৱত আশা" বা এগৰাকী স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী প্ৰতিখন গাঁৱতে থাকিব বুলি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।[2] ২০১৩ চনৰ জুলাই মাহত ভাৰতত মুঠ আশাৰ সংখ্যা ৮,৭০,০৮৯ গৰাকী আছিল।[3] ২০১৮ চনত আশাৰ সংখ্যা ৯,৩৯,৯৭৮ গৰাকী হয়। নিৰ্ধাৰিত লক্ষ্য অনুসৰি আশাৰ আদৰ্শ সংখ্যা হৈছে ১০,২২,২৬৫ গৰাকী।[4] ইংৰাজীত ইয়াৰ নামৰ প্ৰথম শব্দকেইটা লগ লগাই 'আশা' নামটো দিয়া হৈছে।
আশা হৈছে স্থানীয় মহিলা যি তেওঁলোকৰ সম্প্ৰদায়ত স্বাস্থ্য বিষয়ক প্ৰাথমিক শিক্ষক আৰু প্ৰচাৰক হিচাপে কাম কৰিবলৈ প্ৰশিক্ষণ প্ৰাপ্ত। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তেওঁলোকক এনেদৰে বৰ্ণনা কৰিছে:[5]
...সামাজিক স্বাস্থ্য কৰ্মী(সকল) যি স্বাস্থ্য আৰু ইয়াৰ সামাজিক নিৰ্ধাৰকসকলৰ ওপৰত সজাগতা সৃষ্টি কৰে আৰু স্থানীয় স্বাস্থ্য পৰিকল্পনা আৰু বিদ্যমান স্বাস্থ্য সেৱাৰ বৰ্ধিত ব্যৱহাৰ আৰু দায়বদ্ধতাৰ দিশত সম্প্ৰদায়সমূহক একত্ৰিত কৰে।
তেওঁলোকৰ কামবোৰৰ ভিতৰত হৈছে মহিলাসকলক চিকিৎসালয়ত সন্তান জন্ম দিবলৈ অনুপ্ৰেৰিত কৰা, শিশুসকলক টীকাকৰণ স্বাস্থ্যকেন্দ্ৰলৈ অনা, পৰিয়াল পৰিকল্পনাত উদগনি দিয়া (যেনে বন্ধ্যাকৰণ), প্ৰাথমিক চিকিৎসাৰ দ্বাৰা প্ৰাথমিক ৰোগ আৰু আঘাতৰ চিকিৎসা কৰা, জনগাঁথনিৰ নথি ৰখা আৰু গাঁৱত অনাময় ব্যৱস্থা উন্নত কৰা।[6] স্বাস্থ্যসেৱা প্ৰণালী আৰু গ্ৰাম্য জনসংখ্যাৰ মাজত এক গুৰুত্বপূৰ্ণ যোগাযোগ প্ৰণালী হিচাপে আশায়ে উল্লেখযোগ্য বৰঙণি আছে।[7]
তেওঁ অৰেল ৰিহাইড্ৰেচন থেৰাপী (অ'আৰএছ), আইৰণ ফলিক এচিড টেবলেট (আইএফএ), ক্লোৰোকুইন, ডিচপোজেবল ডেলিভাৰী কিট (ডিডিকে), অৰেল পিলচ আৰু কণ্ডমৰ দৰে সকলো বাসস্থানত উপলব্ধ কৰা অত্যাৱশ্যকীয় বস্তুসমূহ আশায়ে মজুত ৰাখে।[8]
আশাকৰ্মীসমূহ মুখ্যতঃ গাওঁখনৰ মহিলা সমূহৰ পৰা বাছনি কৰা হয়। সাধাৰণতে যিসকল মহিলায়ে নিকট ভৱিষ্যতৰ বাবে সেই গাঁওখনত থকাৰ সম্ভাৱনা আছে তেওঁলোকক সেৱা কৰিবলৈ বাছনি কৰা হৈছে। বিবাহিত, বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলাসকলক সাধাৰণতে আন মহিলাতকৈ অধিক প্ৰাধান্য দিয়া হয়। কিয়নো ভাৰতীয় সাংস্কৃতিক নিয়ম অনুসৰি বিবাহৰ পিছত এগৰাকী মহিলাই তেওঁৰ গাঁও এৰি তেওঁৰ স্বামীৰ ওচৰলৈ প্ৰব্ৰজন কৰে। সেয়ে অবিবাহিত মহিলা সকলক পৰাপক্ষত আশা বাছনিৰ বিবেচনা কৰা নহয়। আকৌ আশা হ'বলৈ তেওঁলোকে দশম শ্ৰেণীলৈকে পঢ়া যোগ্যতা অৰ্জন কৰিব লাগিব আৰু সম্ভৱতঃ ২৫ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। তেওঁলোকক গ্ৰাম পঞ্চায়তৰ দ্বাৰা বাছনি কৰা হয় আৰু তেওঁলোক পঞ্চায়তৰ প্ৰতি দায়বদ্ধ। যদি কোনো উপযুক্ত সাক্ষৰ প্ৰাৰ্থী নাথাকে তেন্তে এই চৰ্তসমূহ শিথিল কৰা হ'ব পাৰে।[9]
যদিও আশাকৰ্মীসমূহক স্বেচ্ছাসেৱক বুলি গণ্য কৰা হয়, তেওঁলোকে প্ৰশিক্ষণৰ দিনবোৰৰ বাবে ফলাফল-আধাৰিত পাৰিশ্ৰমিক আৰু বিত্তীয় ক্ষতিপূৰণ প্ৰাপ্ত কৰে। উদাহৰণ স্বৰূপে, যদি এগৰাকী আশায়ে এক প্ৰতিষ্ঠানগত প্ৰসৱৰ সুবিধা প্ৰদান কৰে তেন্তে তেওঁ ₹৬০০ টকা প্ৰাপ্ত কৰে আৰু মাতৃ গৰাকীয়ে ₹১,৪০০ টকা লাভ কৰে। আশাসকলে প্ৰতিটো শিশুৰ বাবে টীকাকৰণ অভিযান সম্পূৰ্ণ কৰাৰ বাবে ₹১৫০ টকা আৰু পৰিয়াল পৰিকল্পনা কৰা প্ৰতিজন ব্যক্তিৰ বাবে ₹১৫০ টকা উদগনি হিচাপে লাভ কৰে। স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (পিএইচচি) বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকত সাধাৰণতে আশাসকল উপস্থিত থাকে। এই প্ৰয়োজনীয়তাৰ বাহিৰেও আশাসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ স্বাস্থ্যকৰ্মৰ কামত ব্যয় কৰা সময় তুলনামূলকভাৱে নমনীয়।
ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনৰ অধীনত আশা সকলৰ নিৰীক্ষণ আৰু মূল্যাঙ্কনৰ বাবে প্ৰথমে জিলা পৰ্যায়ত এক আদৰ্শ সীমা জৰীপ কৰিব লাগে। এয়া বিকেন্দ্ৰীকৃত নিৰীক্ষণ লক্ষ্য আৰু সূচক নিৰ্দিষ্ট কৰাৰ বাবে কৰা হয়। সম্প্ৰদায়ৰ নিৰীক্ষণ গাওঁ পৰ্যায়ত কৰা হয়। পৰিকল্পনা আয়োগে মূল্যাঙ্কনৰ ফলাফলৰ অন্তিম নিৰীক্ষণ কৰে। বাহ্যিক মূল্যাঙ্কন সঘনাই ব্যৱধানত কৰা হয়।