ভাৰতীয় ধ্ৰুপদী সংগীত |
---|
![]() |
ধাৰণাসমূহ |
সংগীতত যিবোৰ ধ্বনিৰ এক নিৰ্দিষ্ট ৰূপ থাকে আৰু যাৰ কোমলতা বা তীব্ৰতা অথবা উত্থান-পতন আদি শুনা মাত্ৰকে সহজে অনুমান কৰিব পৰা যায়, সেই ধ্বনিকে স্বৰ বোলা হয়। স্বৰ হৈছে এনে এক শব্দ যিয়ে একেলগে উশাহ, স্বকীয় উচ্চাৰণ, সংগীতৰ ধ্বনি, আৰু অষ্টক বা সপ্তকৰ এটা পৰ্যায়ক বুজায়। অধিক ব্যাপকভাৱে ক'বলৈ গ'লে ই প্ৰাচীন ভাৰতীয় ধাৰণাৰ সংগীত সুৰৰ এক সম্পূৰ্ণ মাত্ৰা।[1][2]
স্বৰ শব্দটো সংস্কৃত ভাষাৰ মূল শব্দ স্বৰৰ (সংস্কৃত: स्वर) পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "শব্দ কৰা"।[3] সঠিকভাৱে ক’বলৈ গ’লে সংস্কৃত নিৰুক্ত ব্যৱস্থাত স্বৰৰ সংজ্ঞা এনেদৰে দিয়া হৈছে:
ভাৰতীয় সঙ্গীতত ব্যৱহৃত হোৱা মুখ্য স্বৰ কেইটা হ'ল - ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধৈবত আৰু নিষাদ।[4] ছুটিকৈ এই সাতোটা স্বৰক সা, ৰে, গা, মা, পা, ধা আৰু নি বুলি কোৱা হয়। এই সাটোতা স্বৰক একেলগে স্বৰগম বুলি কোৱা হয়৷ এই সাতোটা স্বৰৰ ষড়জ আৰু পঞ্চমক বাদ দি বাকী পাঁচোটা স্বৰৰ দুটাকৈ ৰূপ আছে - এটা শুদ্ধ আৰু আনটো বিকৃত ৰূপ (কোমল অথবা তীব্ৰ)৷[5] ঋষভ, গান্ধাৰ, ধৈবত আৰু নিষাদ স্বৰৰ একোটাকৈ কোমল ৰূপ আছে। সেই স্বৰ কেইটাক কোমল ৰে, কোমল গা, কোমল ধা আৰু কোমল নি বোলা হয়।[5] মধ্যম স্বৰৰ বিকৃত ৰূপ হ'ল তীব্ৰ মধ্যম বা কড়ি মধ্যম।[5] গতিকে শুদ্ধ আৰু বিকৃত স্বৰ লগ লগাই মুঠ বাৰটা স্বৰ সঙ্গীতত ব্যৱহাৰ কৰা হয়।
কোমল স্বৰ বুজাবলৈ স্বৰটোৰ তলত এডাল সমান্তৰাল ৰেখা আৰু তীব্ৰস্বৰ বুজাবলৈ স্বৰৰ ওপৰত এডাল লম্বমান ৰেখা দিয়া হয়।
গতিকে প্ৰতিটো স্বৰ কোনো প্ৰাণী বা চৰাইৰ মাতৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়।[6]