স্বৰ্ণকুমাৰী দেৱী Swarnakumari Devi | |
---|---|
![]() স্বৰ্ণকুমাৰী দেৱী | |
জন্ম | ২৮ আগষ্ট, ১৮৫৫ কলিকতা, বংগ প্ৰদেশ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৩ জুলাই, ১৯৩২ (৭৬ বছৰ) কলিকতা, বংগ প্ৰদেশ, ব্ৰিটিছ ভাৰত |
পেচা | কবি, ঔপন্যাসিকা, সংগীতশিল্পী, সমাজকৰ্মী |
দাম্পত্যসঙ্গী | জানকীনাথ ঘোষাল |
সন্তান | হিৰন্মিয়ী দেৱী সৰলা দেৱী চৌধুৰাণী ছাৰ জ্যোৎস্না ঘোষাল উৰ্মিলা ঠাকুৰ |
স্বৰ্ণকুমাৰী দেৱী (ইংৰাজী: Swarnakumari Devi; ২৮ আগষ্ট ১৮৫৫ – ৩ জুলাই ১৯৩২) আছিল এগৰাকী ভাৰতৰ বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷[1][2] ভাৰতৰ প্ৰথমকেইগৰাকী ঔপন্যাসিকাৰ মাজত তেখেতৰ নামটোও লোৱা হয়৷[3] বংগত বাংলা ভাষাত সাহিত্য চৰ্চা কৰি সমাদৰ লাভ কৰা প্ৰথমকেইগৰাকী লেখিকাৰ ভিতৰতো স্বৰ্ণকুমাৰী দেৱী অন্যতম৷[4]
স্বৰ্ণকুমাৰী দেৱী আছিল দেবেন্দ্ৰনাথ ঠাকুৰৰ কন্যা সন্তানসকলৰ চতুৰ্থগৰাকী৷ ইয়াৰ লগতে তেখেত আছিল দ্বাৰকানাথ ঠাকুৰৰ নাতি৷ স্বৰ্ণকুমাৰী দেৱীৰ তিনিগৰাকী ভগ্নী সৌদামিনী, সুকুমাৰী আৰু শৰৎকুমাৰী তেওঁতকৈ আছিল বয়সত ডাঙৰ৷ আনহাতে বৰ্ণকুমাৰী আছিল কনিষ্ঠগৰাকী৷ সৌদামিনী বেথুন কলেজৰ প্ৰথমকেইগৰাকী শিক্ষাৰ্থীৰ মাজত অন্যতম৷ পৰিয়ালৰ বাকীকেইগৰাকী ছোৱালীয়েও তেখেতক অনুসৰণ কৰি শিক্ষাগ্ৰহণ কৰিছিল৷ কিন্তু স্বৰ্ণকুমাৰীয়ে মূলতঃ ঘৰতে শিক্ষাগ্ৰহণ কৰিছিল বুলি ক'ব পাৰি৷ [2]তেখেত ৰবীন্দ্ৰনাথ ঠাকুৰতকৈ পাঁচবছৰে জ্যেষ্ঠ আছিল৷[4]
জৰাশংক ঠাকুৰবাড়ীত শিক্ষাক গুৰুত্ব দিয়া হৈছিল৷ ৰবীন্দ্ৰনাথ ঠাকুৰে আত্মজীৱনীত লিখিছে, "বিদ্যালয়ৰ তুলনাত আমি ঘৰতহে অধিক শিকোঁ৷"[5]কম বয়সৰ পৰাই স্বৰ্ণকুমাৰীয়ে বাকীসকল ছোৱালীৰ লগত বন্ধুত্ব গঢ়ি তুলিব পৰাকৈ সক্ষম আছিল৷
১৮৬৮ চনত স্বৰ্ণকুমাৰীৰ বিবাহ সম্পন্ন হৈছিল জানকীনাথ ঘোষালৰ সৈতে৷ জানকীনাথ ঘোষাল আছিল এগৰাকী সুশিক্ষিত আৰু দৃঢ় মনোবলৰ মানুহ৷ নদীয়া জিলাৰ এটি জমিদাৰী পৰিয়ালৰ ল'ৰা জানকীনাথক পৰিয়ালৰ পৰা বৰ্জন কৰা হৈছিল৷ কাৰণ জানকীনাথে ব্ৰাহ্মধৰ্ম গ্ৰহণ কৰিছিল আৰু বিতৰ্কিত ব্ৰাহ্ম ৰীতিৰ "আনুষ্ঠানিকতা"ৰ মাজেৰে বিবাহপাশত আবদ্ধ হৈছিল৷[6] তেখেতক সকলোধৰণৰ উত্তৰাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল৷ অৱশ্যে নিজৰ সামৰ্থ আৰু দৃঢ়তাৰ জোৰত তেখেতে ব্যৱসায় আৰম্ভ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেখেতক 'ৰাজা' উপাধি প্ৰদান কৰা হৈছিল৷[1] [2] জানকীনাথে কম বয়সৰ পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত সক্ৰিয়তা বৰ্তাই ৰাখিছিল৷ [7] [1]
দম্পতীটোৰ সন্তানকেইগৰাকী হৈছে-হিৰন্ময়ী দেৱী(১৮৭০-১৯২৫),[8] জ্যোৎস্নানাথ ঘোষাল (১৮৭১-১৯৬২) আৰু সৰলা দেৱী চৌধুৰাণী (১৮৭২-১৯৪৫)৷[9] জ্যোৎস্নানাথ ঘোষালে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ পশ্চিম ভাৰতত সেৱাদান কৰিছিল৷[10]
স্বৰ্ণকুমাৰী দেৱীৰ প্ৰথমখন উপন্যাস হৈছে দ্বীপ নিৰ্বাণ৷ প্ৰকাশ হৈছিল ১৮৭৬ চনত৷[4][3] এটা বিশেষ সূত্ৰৰ মতে, হানা কেথেৰিন মুলেন্স হৈছে বাংলা ভাষাত উপন্যাস লিখা প্ৰথমগৰাকী মহিলা; যিখন প্ৰকাশ হৈছিল ১৮৫২ চনত৷[11] তেনে এক প্ৰেক্ষাপটত স্বৰ্ণকুমাৰী আছিল বাংলা ভাষাত উপন্যাস লিখা প্ৰথমগৰাকী বাংলা মহিলা৷[12][13] [14]
১৮৭৯ চনত স্বৰ্ণকুমাৰীয়ে সম্ভৱতঃ বাংলা ভাষাত প্ৰথমখন অপেৰা লিখে৷ নাম আছিল বসন্ত উৎসৱ৷[15]
কলিকতা বিশ্ববিদ্যালয়ে স্বৰ্ণকুমাৰী দেৱীক ১৯২৭ চনত জগততাৰিণী সোণৰ পদক প্ৰদান কৰে৷[15]