সৰবজ্যোত সিং | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ৩০ ছেপ্টেম্বৰ, ২০০১ (২৩ বছৰ) | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
শিক্ষা | ডিএভি কলেজ, চণ্ডীগড় | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জীৱিকা | শ্বুটাৰ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | শ্বুটিং | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
শিতান | ১০ মিটাৰ এয়াৰ পিষ্টল | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
সৰবজ্যোত সিং (ইংৰাজী: Sarabjot Singh; জন্ম: ৩০ ছেপ্টেম্বৰ ২০০১) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ। শ্বুটাৰ হিচাপে তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত মনু ভাকৰৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।[1][2]
২০০১ চনৰ ৩০ ছেপ্টেম্বৰ তাৰিখে হাৰিয়ানাৰ বাৰাৰা ব্লকৰ আম্বালাৰ ধীন গাঁৱত সৰবজ্যোত সিঙৰ জন্ম হৈছিল।[3] তেওঁ পিতৃ যতীন্দৰ সিং আৰু মাতৃ হৰদীপ কৌৰ।[4] তেওঁৰ পিতৃ এজন কৃষক আৰু মাতৃ এগৰাকী গৃহিণী। তেওঁ চণ্ডীগড়ৰ দশম খণ্ডৰ ডি এ ভি কলেজত অধ্যয়ন কৰে।[5][4] তেওঁ চেণ্ট্ৰেল ফিনিক্স ক্লাৱৰ আম্বালা কেণ্টস্থিত এ আৰ শ্বুটিং একাডেমীত প্ৰশিক্ষক অভিষেক ৰানাৰ অধীনত শ্বুটিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।[4]
সৰবজ্যোত সিং ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় শ্বুটিং দলৰ অংশ।[6] ২০২২ চনৰ এছিয়ান গেমছত চীনক পৰাস্ত কৰি সৰবজ্যোত সিং, অৰ্জুন সিং চিমা আৰু শিৱ নাৰৱালৰ ভাৰতীয় ১০ মিটাৰ এয়াৰ পিষ্টল দলে সোণৰ পদক লাভ কৰে।[7] সৰবজ্যোত সিঙে দিব্য টি. এছ.ৰ সৈতে এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।[8][9][10]
ইয়াৰ পূৰ্বে ২০২১ চনত তেওঁ বিশ্ব চেম্পিয়নশ্বিপৰ ব্যক্তিগত আৰু দলীয় দুয়োটা ইভেণ্টতে সোণৰ পদক লাভ কৰিছিল। ২০১৯ চনত তেওঁ আই এছ এছ এফৰ জুনিয়ৰ বিশ্বকাপত সোণৰ পদক লাভ কৰিছিল।
২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মনু ভাকৰৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।[11]