হান্স খ্ৰীষ্টিয়ান গ্ৰাম | |
---|---|
জন্ম | ১৩ ছেপ্টেম্বৰ, ১৮৫৩ কোপেনহেগেন |
মৃত্যু | ১৪ নৱেম্বৰ, ১৯৩৮ (৮৫ বছৰ) কোপেনহেগেন |
বাসস্থান | ডেনমাৰ্ক |
ক্ষেত্ৰ | জীৱাণুবিদ্যা |
শিক্ষানুষ্ঠান | কোপেনহেগেন বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | জেপটুছ ষ্টিনত্ৰুপ |
জনা যায় | গ্ৰাম ষ্টেইন আৱিষ্কাৰক |
লেখকৰ সংক্ষিপ্ত ৰূপ (উদ্ভিদ বিজ্ঞান) | ইণ্ডিয়া |
হান্স খ্ৰীষ্টিয়ান জোৱাচিম গ্ৰাম (ইংৰাজী: Hans Christian Gram; ১৩ ছেপ্টেম্বৰ ১৮৫৩ – ১৪ নৱেম্বৰ ১৯৩৮) এগৰাকী ডেনিছ বীজাণুবিদ, ঔষধবিজ্ঞানী আৰু অণুজীৱবিদ। তেওঁক গ্ৰেট গ্ৰাম ষ্টেইনৰ উন্নীতকৰণত আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাবে জনাজাত। গ্ৰাম ষ্টেইন এবিধ ৰঞ্জক। ইয়াৰ সহায়ত বেক্টেৰিয়া সমূহ অণুবীক্ষণ যন্ত্ৰত সহজে দৃশ্যমান হয়। ইয়াৰ সহায়ত গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ হিচাপে বেক্টেৰিয়াৰ শ্ৰেণীবিভাজনো কৰা হয়।
২০১৯ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে হান্স খ্ৰীষ্টিয়ান গ্ৰামৰ সন্মানৰ্থে তেওঁৰ ১৬৬তম জন্মদিনত গুগলে বিশেষ ডুডুল প্ৰদৰ্শন কৰে।
১৮৫৩ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে ডেনমাৰ্কত হান্স খ্ৰীষ্টিয়ান জোৱাচিম গ্ৰামৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ফ্ৰেডৰিক টাৰকেল জুলিয়াছ গ্ৰাম আইনীবিদ্যাৰ অধ্যাপক আৰু মাতৃ লুচী খ্ৰীষ্টিয়ান ৰলেণ্ড।
তেওঁ কোপেনহেগেন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু জীৱবিজ্ঞানী জেপটুছ ষ্টিনত্ৰুপৰ উদ্ভিদ বিজ্ঞান সহকাৰী আছিল। উদ্ভিদবিদ্যা অধ্যয়ন কৰোঁতে তেওঁ ঔষধী উদ্ভিদৰ মৌলিক তত্ত্ব আৰু অণুবীক্ষণ যন্ত্ৰৰ ব্যৱহাৰৰ বিষয়ে শিকিছিল।
তেওঁ ১৮৭৮ চনত চিকিৎসা বিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৮৮৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ১৮৭৮ চনৰ পৰা ১৮৮৫ চনলৈ ইউৰোপ ভ্ৰমণ কৰে। ১৮৮৪ চনত তেওঁ জাৰ্মানীৰ বাৰ্লিনত বেক্টেৰিয়াক দুটা মুখ্য শ্ৰেণীত শ্ৰেণীবিভাজন কৰা এক পদ্ধতি উদ্ভাৱন কৰে।[1] এই পদ্ধতিক গ্ৰাম ষ্টেইনিং বোলা হয় আৰু বৰ্তমানলৈ চিকিৎসা অণুজীৱবিদ্যাত ইয়াৰ ব্যৱহাৰ কৰা হয়।
১৮৯১ চনত ঔষধ বিজ্ঞান শিক্ষক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ ঔষধ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। পিছলৈ তেওঁ ১৯০০ চনত ঔষধ বিজ্ঞানৰ অধ্যাপকৰ পদ এৰি মেডিচিন বিভাগৰ অধ্যাপকৰ পদ গ্ৰহণ কৰে।
হান্স খ্ৰীষ্টিয়ান গ্ৰামে উদ্ভাৱন কৰা বেক্টেৰিয়াক ষ্টেইন কৰা কৰা পদ্ধতি গ্ৰাম ষ্টেইনৰ বাবে গোটেই বিশ্বত জনাজাত। এই পদ্ধতিৰ সহায়ত বেক্টেৰিয়া সমূহ অণুবীক্ষণ যন্ত্ৰত সহজে দৃশ্যমান হয়। ইয়াৰ সহায়ত গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ হিচাপে বেক্টেৰিয়াৰ শ্ৰেণীবিভাজনো কৰা হয়। গ্ৰাম ষ্টেইন ক্ৰিষ্টেল ভায়লেট আৰু চেফ্ৰানিন এই দুবিধ ৰঞ্জকৰে তৈয়াৰ কৰা হয়। ষ্টেইনিঙৰ পিছত গোলাপী-বেগুনীয়া ৰঙৰ হলে বেক্টেৰিয়াখিনিক গ্ৰাম পজিটিভ আৰু ৰঙা ৰঙৰ হলে গ্ৰাম নেগেটিভ বেক্টেৰিয়া বুলি শ্ৰেণীবিভাজন কৰা হয়।
তেওঁ প্ৰথমতে মানৱ লোহিত ৰক্ত কণিকাৰ অধ্যয়ন কৰিছিল। তেওঁ পাৰনিছিয়াছ এনিমিয়াৰ বৈশিষ্ট্য হিচাপে মেক্ৰ'চাইটক চিহ্নিত কৰিছিল।
১৯০০ চনত তেওঁ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল।[2] অধ্যাপক হিচাপে তেওঁ চাৰিটা খণ্ডৰ ক্লিনিকেল ব্যক্তব্য প্ৰকাশিত কৰিছিল। এই গ্ৰন্থ ডেনমাৰ্কত বহুল ভাৱে প্ৰচলিত হৈছিল। ১৯২৩ চনত তেওঁ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।[2]
১৯৩৮ চনৰ ১৪ নৱেম্বৰ তাৰিখে ডেনমাৰ্কৰ কোপেনহেগেনত ৮৫ বছৰ বয়সত হান্স খ্ৰীষ্টিয়ান গ্ৰামৰ মৃত্যু হয়।