হিন্দু ধৰ্মত গৰ্ভপাত সাধাৰণতে পৰম্পৰাগত হিন্দু শাস্ত্ৰৰ দ্বাৰা পাপ হ'লেও হিন্দু বিশ্বাস আৰু গ্ৰন্থৰ বিশাল বৰ্ণালীৰ ভিতৰত ইয়াক দ্বিধামূলকভাৱে ব্যাখ্যা কৰিব পাৰি।[1] মহানাৰায়ণ উপনিষদত গৰ্ভপাতক সতীত্বৰ ব্ৰত ভংগ কৰা আদি কাৰ্য্যৰ সৈতে তালিকাভুক্ত কৰা হৈছে।[2] হিন্দু শাস্ত্ৰত শিকোৱা হৈছে যে "গৰ্ভপাত কৰাটো পিতৃ-মাতৃক হত্যা কৰাতকৈও বেয়া পাপ" আৰু "আন এক গ্ৰন্থত কোৱা হৈছে যে সন্তান গৰ্ভপাত কৰা মহিলাই নিজৰ জাতি হেৰুৱাব।" [1] সাধাৰণতে হিন্দু ধৰ্মই অহিংসাৰ পথ প্ৰদৰ্শক নীতি শিকায়, অৰ্থাৎ সকলো জীৱৰ ক্ষতি বা আঘাতৰ পৰা বিৰত থকা, যিয়ে অহিংসাৰ নৈতিকতাৰ মূল হিচাপে কাম কৰে।[2]
কিন্তু মহাভাৰত, ভাগৱতগীতা আৰু ৰামায়ণৰ দৰে হিন্দু গ্ৰন্থৰ লগতে পণ্ডিতসকলৰ মাজত আত্মৰক্ষাৰ প্ৰয়োজনীয় পৰিস্থিতিৰ সন্মুখীন হ'লে অহিংসাৰ নীতিয়ে কি নিৰ্দেশ দিয়ে সেই বিষয়ে মতানৈক্য আছে।[3] যেনেকৈ অহিংসা সম্পৰ্কীয় কিছুমান হিন্দু গ্ৰন্থত মাংস সেৱনৰ প্ৰশংসা কৰা হৈছে আনহাতে আন কিছুমানে মাংস খোৱাৰ ওপৰত নিষেধাজ্ঞাৰ কথা কৈছে, তেনেকৈয়ে হিন্দু দৰ্শন আৰু গ্ৰন্থৰ ইতিহাসত "আঘাত নকৰা"ৰ উপদেশৰ গতিশীল অৰ্থ আছে।
ভাগৱতৰ দৰে হিন্দু গ্ৰন্থত কোৱা হৈছে যে আত্মাৰ জন্মও নহয়, মৃত্যুও নহয়; তথাকথিত "পাপে" ব্ৰহ্মৰ প্ৰতি কৰ্তব্য আৰু ভক্তিৰ বাবে নিজৰ কৰ্ম উৎসৰ্গা কৰাসকলক (এইদৰে নিৰপেক্ষ সত্যত বহি থকা) স্পৰ্শ কৰিব নোৱাৰে যিটো পদুমৰ পাত পানীৰ দ্বাৰা অস্পৃশ্য হোৱাৰ দৰে।[4]
গৰ্ভপাতৰ ক্ষেত্ৰত হিন্দু সকলে ব্যক্তিভেদে বিভিন্ন স্থিতি গ্ৰহণ কৰে। এই কাৰণতে গৰ্ভপাতৰ ক্ষেত্ৰত সমজুৱাকৈ হিন্দুসকলৰ মতামত উল্লেখ নকৰি, গৰ্ভপাতৰ ক্ষেত্ৰত নিৰ্দিষ্টকৈ এজন হিন্দুৰ মতামতহে গুৰুত্বপূৰ্ণ। ভাৰতত গৰ্ভপাতৰ হাৰ অধিক হোৱাৰ পিছতো পৰিসংখ্যা অনুসৰি ৮০ শতাংশ ভাৰতীয় মহিলাই এইক্ষেত্ৰত অসন্মত আৰু ৫৬ শতাংশই ইয়াক জঘন্য অপৰাধ বুলি গণ্য কৰে, (যিটো ধৰ্মীয় চিনাক্তকৰণৰ দ্বাৰা পৃথক নহয়)।[5] ভাৰতত বহুত সংখ্যক গৰ্ভপাতৰ এটা সামাজিক কাৰণ সম্ভৱতঃ ভ্ৰুণৰ লিংগ পক্ষপাতিত্ব অন্তৰ্ভুক্ত। ২০১১ চনৰ লোকপিয়লত সাত বছৰৰ তলৰ ল'ৰাতকৈ ৭১ লাখ ছোৱালী কম হোৱা দেখা গৈছে, যিটো ২০০১ চনত ৬০ লাখ আৰু ১৯৯১ চনত ৪২ লাখ ছোৱালীৰ তুলনাত বৃদ্ধি পাইছে।[6] আমেৰিকাত য'ত গৰ্ভপাত সম্পৰ্কীয় ঘটনা বহুলাংশে খ্ৰীষ্টান গোটৰ লোকৰ দ্বাৰা সম্পন্ন হৈছে। সমীক্ষাত অংশগ্ৰহণ কৰা ৬৮% হিন্দুৱে গৰ্ভপাত সকলো বা বেছিভাগ ক্ষেত্ৰতে বৈধ হ'ব লাগে বুলি বিশ্বাস কৰে আনহাতে ২৯% লোকে গৰ্ভপাত সকলো বা বেছিভাগ ক্ষেত্ৰতে অবৈধ হ'ব লাগে বুলি বিশ্বাস কৰে।[7]
যদি সন্তান জন্মৰ ক্ষেত্ৰত মাতৃৰ জীৱন বিপদত পৰে তেন্তে হিন্দু ধৰ্মই গৰ্ভপাতৰ ক্ষেত্ৰত অনুমতি প্ৰদানকৰে।[8] হিন্দু ধৰ্মৰ সাধাৰণ মূল্যবোধৰ ব্যৱস্থাই শিকায় যে যিকোনো পৰিস্থিতিত সঠিক কাৰ্য্যপন্থাই জড়িতসকলৰ আটাইতকৈ কম ক্ষতি কৰে। এইদৰে মাতৃৰ জীৱন বিপদত পৰা ক্ষেত্ৰত গৰ্ভপাতক গ্ৰহণযোগ্য বুলি গণ্য কৰা হয়।[8]
গৰ্ভপাতৰ নৈতিকতা সম্পৰ্কে কেইবাটাও উৎসত হিন্দু গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা তলত দিয়া উদ্ধৃতিসমূহ ব্যৱহাৰ কৰা হৈছে:
ভাগৱতগীতা, ২.১৩ "যেনেকৈ মূৰ্ত আত্মা শৈশৱৰ পৰা যৌৱনলৈ আৰু বৃদ্ধাৱস্থালৈকে অবিৰতভাৱে পাৰ হৈ যায়, ঠিক তেনেদৰে মৃত্যুৰ সময়ত আত্মাই আন এটা শৰীৰলৈ গতি কৰে। জ্ঞানীসকল ইয়াৰ দ্বাৰা মোহগ্ৰস্ত নহয়।"
ভাগৱতগীতা এই উদ্ধৃতিটোত গৰ্ভপাতৰ কাৰ্য্যৰ ওপৰত কোনো বিশেষ বিচাৰ নকৰাকৈয়ে পুনৰ্জন্মৰ প্ৰক্ৰিয়াৰ বৰ্ণনা কৰা হৈছে।
ভাগৱতপুৰাণ,৬.১৬.১৪ শিশুটিক বিষ খুৱাই ৰাণী কৃত্যদ্যুতিৰ সতিনীসকলে অতিশয় লাজ পাইছিল আৰু তেওঁকে তেওঁলোকৰ শৰীৰৰ সমগ্ৰ উজ্জ্বলতা হেৰুৱাই পেলাইছিল। হে ৰজা বুলি বিলাপ কৰি থাকোঁতেই তেওঁলোকে ঋষি অংগিৰাৰ নিৰ্দেশ মনত পেলাই সন্তান জন্ম দিয়াৰ উচ্চাকাংক্ষা ত্যাগ কৰিলে। ব্ৰাহ্মণৰ নিৰ্দেশনা অনুসৰণ কৰি তেওঁলোকে যমুনাৰ পাৰলৈ গৈছিল আৰু তাতেই তেওঁলোকে স্নান কৰি পাপৰ প্ৰায়শ্চিত্ত কৰিছিল।
এই উক্তিটো সুৰসেনৰ ৰজা চিত্ৰকেতু সম্পৰ্কীয় এটা কাহিনীৰ পৰা লোৱা হৈছে। ৰজাৰ প্ৰথম পত্নী কৃতিদ্যুতিক আশীৰ্বাদ দিয়া মহামুনি অংগিৰাক লগ পোৱালৈকে তেওঁ কোনো পুৰুষ সন্তান জন্মদিবলৈ সক্ষম নাছিল ঋষিৰ আশীৰ্বাদৰ পিছত তেওঁলোকৰ পুত্ৰ সন্তান জন্ম হয়। কিন্তু তেওঁৰ সহস্ত্ৰীসকলে ঈৰ্ষাতে শিশুটো হত্যা কৰিছিল - গতিকে এই দৃষ্টান্তটো গৰ্ভপাতৰ পৰিৱৰ্তে শিশুহত্যাৰ কাৰ্য্যৰ সৈতে জড়িত।[9] গংগা আৰু শান্তনুৰ কাহিনীত মহাভাৰতৰ দৰে কেইবাখনো হিন্দু মহাকাব্যতো শিশু হত্যাৰ কথা উল্লেখ আছে।