হৃষিকেশ মুখাৰ্জী | |
---|---|
![]() মু্খাৰ্জীৰ সোঁৱৰণত প্ৰকাশ কৰা ডাকটিকট, ২০১৩ | |
জন্ম | ৩০ ছেপ্টেম্বৰ, ১৯২২ কলকাতা, বেংগল প্ৰেচিডেঞ্চি, বৃটিছ ভাৰত (বৰ্তমানৰ কলকাতা, ভাৰত) |
মৃত্যু | ২৭ আগষ্ট, ২০০৬ (৮৩ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ |
পেচা |
|
হৃষিকেশ মুখাৰ্জী ((ইংৰাজী: Hrishikesh Mukherjee ; ৩০ ছেপ্টেম্বৰ ১৯২২ – ২৭ আগষ্ট ২০০৬) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, সম্পাদক আৰু লেখক। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। জনপ্ৰিয়ভাৱে হৃষিদা নামেৰে পৰিচিত মুখাৰ্জীয়ে চাৰি দশকৰো অধিক সময়ৰ কৰ্মজীৱনত ৪২খন ছবি পৰিচালনা কৰিছিল। তেওঁক ভাৰতৰ ‘মধ্যমপন্থী চলচ্চিত্ৰ’ৰ পথ প্ৰদৰ্শক হিচাপে স্বীকৃতি দিয়া হয়। পৰিৱৰ্তনশীল মধ্যবিত্তীয় জীৱন-ধাৰাক প্ৰতিফলিত কৰা সামাজিক ছবিৰ বাবে বিখ্যাত মুখাৰ্জীয়ে "মূলসুঁতিৰ চলচ্চিত্ৰ"ৰ অতিৰিক্ততা বা অবাস্তৱতা আৰু সমান্তৰাল চলচ্চিত্ৰৰ তীব্ৰ বাস্তৱবাদৰ মাজত এটা মধ্যম পথ খোদিত কৰিছিল"।[1][2][3][4]
আনাৰী, সত্যকাম, চুপকে চুপকে, অনুপমা, অনুৰাধা, আনন্দ, অভিমান, গুড্ডি, গোলমাল, মঝলি দিদি, চৈতালী, আশীৰ্বাদ, বাৱৰ্চী, খুবচুৰত, কিছি সে না কেহনা, নমকহৰাম আদি তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি।
তেওঁ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ড (CBFC) আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এনএফডিচি) অধ্যক্ষৰ দায়িত্বত আছিল।[5] ভাৰত চৰকাৰে তেওঁক ১৯৯৯ চনত দাদা চাহেব ফাল্কে বঁটা আৰু ২০০১ চনত পদ্মবিভূষণেৰে সন্মানিত কৰে। ২০০১ চনত তেওঁ অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰদান কৰা এন টি আৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে আঠটা ফিল্মফেয়াৰ বঁটাও লাভ কৰে।
মুখাৰ্জীয়ে ১৯৪০-ৰ দশকৰ শেষৰ ফালে কলিকতাৰ বি এন চিৰকাৰৰ নিউ থিয়েটাৰত কেমেৰামেন হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ চলচ্চিত্ৰ সম্পাদক হিচাপে কাম কৰিবলৈ লয়। তেওঁ সেই সময়ৰ সুপৰিচিত সম্পাদক সুবোধ মিত্ৰৰ (কেঁচিদা) পৰা কাম শিকিছিল। [7] ১৯৫১ চনৰ পৰা বিমল ৰায়ৰ সৈতে মুম্বাইত চলচ্চিত্ৰ সম্পাদক আৰু সহকাৰী পৰিচালক হিচাপে কাম কৰে।[8] তেওঁ ৰায়ৰ যুগান্তকাৰী ছবি দো বিঘা জমিন (১৯৫৩) আৰু দেৱদাসত (১৯৫৫) জড়িত হৈছিল।
তেওঁৰ প্ৰথম পৰিচালনা মুছাফিৰ (১৯৫৭) সফল নহ'ল। ১৯৫৯ চনত তেওঁৰ দ্বিতীয়খন ছবি আনাড়ী প্ৰশংসিত হয়। ছবিখনে পাঁচটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰে। আনাড়ীৰ বাবে অৱশ্যে মুখাৰ্জীয়ে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ মনোনয়ন পাইছিল যদিও তেওঁৰ গুৰু বিমল ৰায়ৰ ওচৰত পৰাজিত হয়।
ইয়াৰ পিছৰ বছৰবোৰত তেওঁ অসংখ্য ছবি নিৰ্মাণ কৰিছিল। তাৰে কিছুমান উল্লেখযোগ্য ছবি হ’ল- অনুৰাধা (১৯৬০),ছায়া (১৯৬১),আচলি-নকলি (১৯৬২), অনুপমা (১৯৬৬), আশীৰ্বাদ (১৯৬৮), সত্যকাম (১৯৬৯), গুড্ডি (১৯৭১), আনন্দ (১৯৭১), বাৱৰ্চি (১৯৭২), অভিমান (১৯৭৩), নমকহাৰাম (১৯৭৩), মিলি (১৯৭৫), চুপকে চুপকে (১৯৭৫), আলাপ (১৯৭৭), গোলমাল (১৯৭৯), খুবছুৰত (১৯৮০) আৰু বেমিছাল (১৯৮২)। তেওঁ ধৰ্মেন্দ্ৰক চুপকে চুপকেৰ জৰিয়তে প্ৰথমবাৰৰ বাবে কমেডী চৰিত্ৰত চিনাকি কৰাই দিছিল আৰু ১৯৭০ চনত অমিতাভ বচ্চনক আনন্দৰ যোগেদি তেওঁক এটা ডাঙৰ সুযোগ দিছিল। গুড্ডিৰ যোগেদি জয়া ভাদুৰীকো হিন্দী চলচ্চিত্ৰলৈ লৈ আনিছিল, য’ত ভাদুৰীয়ে ৰাজেশ খান্নাৰ নায়িকা হৈছিল।[5] তেওঁৰ গুৰু বিমল ৰায়ৰ মধুমতীৰ দৰে ছবিত সম্পাদক হিচাপে কাম কৰাৰ বাবে সম্পাদক হিচাপেও তেওঁক বহুতে বিচাৰিছিল।[9]