হৰিশ চন্দ্ৰ বাৰ্মা (এইচ চি বাৰ্মা) | |
---|---|
জন্ম | ০৩ এপ্ৰিল, ১৯৫২ (৭২ বছৰ) দাৰভাঙা, বিহাৰ |
ক্ষেত্ৰ | নি্উক্লিয়েৰ পদাৰ্থ বিজ্ঞান |
শিক্ষানুষ্ঠান | পাটনা ছায়েন্স কলেজ, আই আই টি কাণপুৰ |
ডক্তৰেল পৰামৰ্শদাতা | অধ্যাপক জি এন ৰাও |
জনা যায় | পদাৰ্থ বিজ্ঞানৰ শিক্ষা |
হৰিশ চন্দ্ৰ বাৰ্মা(এইচ চি বাৰ্মা) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু ১৯৯৪ চনৰ পৰা কাণপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত। তেওঁৰ গৱেষণাৰ বিষয় হৈছে নিউক্লিয়েৰ পদাৰ্থ বিজ্ঞান[1].
তেওঁ ইতিমধ্যে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ পদাৰ্থ বিজ্ঞানৰ কিতাপ ৰচনা কৰিছে। তেওঁ ৰচনা কৰা দুটা খণ্ডৰ কিতাপ Concepts Of Physics ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈৰ মাজত বহুলভাৱে জনপ্ৰিয়। তেওঁ পদাৰ্থ বিজ্ঞানৰ জটিল ধাৰণাসমূহ খুব সহজকৈ, স্পষ্টকৈ আৰু বিস্তাৰিতভাৱে প্ৰকাশ কৰাৰ বাবে গ্ৰন্থখনি পদাৰ্থবিজ্ঞান ভালপোৱা সকলৰ বাবে হাতপুথিস্বৰূপ। ভাৰতবৰ্ষত পদাৰ্থবিজ্ঞানশিক্ষা জনপ্ৰিয়কৰণৰ উদ্দেশ্যে তেওঁ শিক্ষা সোপান নামেৰে এটি প্ৰকল্পও হাতত লৈছে। তেওঁৰ কিতাপসমূহৰ হিন্দী সংস্কৰণো তেওঁ প্ৰকাশ কৰিছে[2]।
ড॰ হৰিশ চন্দ্ৰ বাৰ্মাৰ জন্ম বিহাৰৰ দাৰভাঙাত, ১৯৫২ চনত। তেওঁৰ ল’ৰালিকালৰ বেছিভাগ সময় পাটনাত অতিবাহিত কৰিছিল। তেওঁৰ পিতৃ শ্ৰী গণেশ প্ৰসাদ বাৰ্মা এজন শিক্ষক আছিল আৰু হৰিশ চন্দ্ৰ বাৰ্মাই তেওঁৰ পৰাই গণিতৰ আদিপাঠ লাভ কৰিছিল। হাইস্কুলীয়া শিক্ষা উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ পাটনা ছায়েন্স কলেজত নামভৰ্তি কৰে। তাৰপৰাই তেওঁ পাটনা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ বাৰ্মা কাণপুৰ আই আই টিৰ পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ আছিল আৰু ১০ পইণ্ট স্কেলত ৯.৯ পইণ্টেৰে প্ৰতিভাধাৰী ছাত্ৰ হিচাপে পৰিগণিত হৈছিল। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ মাত্ৰ তিনি বছৰৰ পাছতেই তেওঁ কাণপুৰ আই আই টিৰ পৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়।
১৯৮০ চনত তেওঁ পাটনা ছায়েন্স কলেজত শিক্ষক হিচাপে যোগদান কৰে। সেই কলেজখনত তেওঁক একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানৰ শ্ৰেণী ল’বলৈ দিয়া হৈছিল। তাত শিক্ষকতা কৰি তেওঁ বুজি পাইছিল যে শ্ৰেণীটোৰ শীৰ্ষস্থানৰ ছাত্ৰকেইজনেও পদাৰ্থবিজ্ঞানৰ ধাৰণাসমূহ স্পষ্টকৈ বুজি পোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। তেওঁ পঢ়ুৱাবলৈ ব্যৱহাৰ কৰা পাঠ্যপুঠিখনত (a book by Resnick and Halliday) ব্যৱহৃত উচ্চতৰ ভাষাৰ বাবেও সমস্যাৰ সৃষ্টি হৈছে বুলি তেওঁ অনুভৱ কৰিছিল। এনেকুৱা কিছু কাৰণৰ ফলশ্ৰুতিত সৃষ্টি হৈছিল Concepts of Physics। এই কিতাপখনে তেওঁলৈ যথেষ্ট সফলতা কঢ়িয়াই আনে। কিতাপখনত ব্যৱহৃত সৰল ভাষা, আকৰ্ষণীয় উদাহৰণ, ভাৰতীয় সংস্কৃতিৰ লগত মিলাকৈ কৰা বৰ্ণনাৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিলে। গ্ৰন্থখনে ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ আগত পদাৰ্থ বিজ্ঞানৰ সৌন্দৰ্য দাঙি ধৰাত সফল হৈছিল। আই আই টি জে ই ই পৰীক্ষাৰ বাবেও বহুত পৰীক্ষাৰ্থীয়ে এই কিতাপখনকে স হায়ক পুথি হিচাপে ব্যৱহাৰ কৰে। পাটনা কলেজৰ ১৫ বছৰ শিক্ষকতা কৰাৰ পাছত তেওঁ আই আই টি কাণপুৰলৈ আহে।
১৯৯৪ চনত তেওঁ আই আই টি কাণপুৰত অধ্যাপক হিচাপে যোগদান কৰে। তেওঁ তাত বিভিন্ন পাঠ্যক্ৰম পঢ়ুৱাৰ লগতে Quantum Physics নামেৰে এখন কিতাপ ৰচনা কৰে। তদুপৰি স্নাতকোত্তৰ আৰু পি এইচ ডিৰ ছাত্ৰসকলৰ গাইড প্ৰদান কৰাৰ লগতে শিক্ষা তথা সমাজৰ উন্নতিৰ হকে কিছুমান প্ৰকল্প হাতত লৈছিল। সেইসমূহৰ ভিতৰত স্কুল ফিজিক্স প্ৰজেক্ট, শিক্ষা সোপান আৰু Utsahi Physics Teachers.