Чемпионат мира по футболу FIFA 2018 Chempionat mira po futbolu FIFA 2018 | |
---|---|
২০১৮ ফিফা বিশ্বকাপৰ প্ৰতিক | |
প্ৰতিযোগিতাৰ তথ্য | |
আয়োজক দেশ | ৰাছিয়া |
তাৰিখ | ১৪ জুন – ১৫ জুলাই |
দলসমূহ | ৩২ (৫খন কনফিডাৰেচনৰ পৰা) |
স্থান | ১২ (১১খন আয়োজক চহৰত) |
শীৰ্ষস্থানীয় অৱস্থান | |
বিজেতা | ফ্ৰান্স (২য় খিতাপ) |
দ্বিতীয় স্থান | ক্ৰয়েছিয়া |
তৃতীয় স্থান | বেলজিয়াম |
চতুৰ্থ স্থান | ইংলেণ্ড |
প্ৰতিযোগিতাৰ পৰিসংখ্যা | |
মুঠ খেলৰ সংখ্যা | 64 |
মুঠ গোলৰ সংখ্যা | 169 |
উপস্থিতি | 30,31,768 (47,371 প্ৰতিখন খেলত) |
সৰ্বাধিক গোলদাতা | Harry Kane (৬টা গোল) |
শ্ৰেষ্ঠ খেলুৱৈ | Luka Modrić |
শ্ৰেষ্ঠ যুৱা খেলুৱৈ | Kylian Mbappé[1] |
শ্ৰেষ্ঠ গোলৰক্ষক | Thibaut Courtois |
অপক্ষপাতী খেলৰ বঁটা | স্পেইন[2] |
চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা ফিফা বিশ্বকাপ ফুটবলৰ একবিংশতিতম স্ংস্কৰণ বিশ্বকাপ ফুটবল ২০১৮ ৰাছিয়াত অনুষ্ঠিত হয়। এই বিশ্বকাপ ১৪ জুনৰ পৰা ১৫ জুলাইলৈ চলিছিল।[3]পূব ইউৰোপত হোৱা এইখনেই প্ৰথম বিশ্বকাপ[4] আৰু ইউৰোপত হোৱা একাদশতম বিশ্বকাপ। ১৪২ বিলিয়ন ডলাৰ খৰচ হোৱা এইখন এতিয়ালৈ হোৱা বিশ্বকাপসমূহৰ ভিতৰত আটাইতকৈ ব্যয়বহুল বিশ্বকাপৰূপে পৰিগণিত হৈছে। ভিডিঅ’ এছিছটেণ্ট ৰেফাৰী(Video Assistant Referee) ব্যৱহাৰ হোৱা এইখনেই প্ৰথম বিশ্বকাপ।[5][6]
প্ৰ্তিযোগিতাখনত মুঠতে ৩২টা দলে ভাগ লৈছিল য’ত ৩১টা দলে যোগ্যতা নিৰূপণকাৰী খেলৰ যোগেদি আৰু ৰাছিয়াই আয়োজক দল হিচাপে ভাগ লোৱাৰ সুবিধা পায়। ৩২টা দলৰ ভিতৰত ২০টা দলেই ২০১৪ চনৰ ফিফা বিশ্বকাপত ভাগ লৈছিল, আনহাতে আইচলেণ্ড আৰু পানামাই প্ৰথমবাৰৰ বাবে বিশ্বকাপত ভূমুকি মাৰে। ১১খন চহৰৰ ১২খন ষ্টেডিয়ামত মুঠ ৬৪খন খেল অনুষ্ঠিত হৈছিল।[7]
চূড়ান্ত খেলখন ফ্ৰান্স আৰু ক্ৰ’ৱেচিয়াৰ মাজত অনুষ্ঠিত হৈছিল য’ত ফ্ৰান্সে ৪-২ ব্যৱধানত জয়ী হৈ দ্বিতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ জিকিবলৈ সক্ষম হয়।
ফিফাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফিফাৰ ২০৯খন সদস্যদেশে বিশ্বকাপত স্থান পাবলৈ আবেদন কৰে। চাৰিবাৰৰ চেম্পিয়ন ইটালী, তিনিবাৰৰ ৰাণাৰ্ছ আপ নেডাৰলেণ্ড, ২০১৭ৰ আফ্ৰিকা কাপ বিজয়ী কেমেৰুণ, দুবাৰকৈ কোপা আমেৰিকা আৰু ২০১৭ৰ কনফেডাৰেচন কাপ বিজয়ী চিলি, ২০১৬ৰ অ’এফচি নেচ’ন কাপ বিজয়ী নিউজিলেণ্ড আৰু ২০১৭ৰ CONCACAF Gold Cup বিজয়ী যুক্তৰাষ্ট্ৰই মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব নোপোৱাটো উল্লেখযোগ্য।[8]
টোকা: কাষৰ সংখ্যাসমূহে প্ৰ্তিযোগিতাখনৰ আৰম্ভণিত ফিফা ৰেংকিং বুজাইছে (FIFA World Rankings)[9]
|
|
|
বিশ্বকাপৰ কাৰণে মুঠতে ১২খন ষ্টেডিয়াম নিৰ্মাণ আৰু নবীকৰণ কৰা হৈছিল।[10]
২০১৮ চনৰ ১৬ মাৰ্চৰ দিনা ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভিডিঅ' এছিচটেণ্ট ৰেফাৰীৰ বাবে অনুমোদন জনোৱা হয়[11]
২০১৮ৰ ২৯মাৰ্চত ফিফা কাউন্সিলে ছয়টা ফুটবল কনফেডাৰেশ্যনৰ পৰা ৩৬জন ৰেফাৰী আৰু ৬৩জন সহকাৰী ৰেফাৰীৰ তালিকা প্ৰস্তুত কৰে[12][13] আৰু ৩০ এপ্ৰিলৰ দিনা ১৩জন ভিডিঅ' এছিচটেণ্ট ৰেফাৰীৰ বিষয়ে ঘোষণা কৰে[14]
১৪জুন বৃহস্পতিবাৰে ৩:৩০বজাত ৰাছিয়াৰ ৰাজধানী মস্কোৰ লুঝনিকি ষ্টেডিয়ামত[15] ৰাছিয়া আৰু ছৌডি আৰবৰ মাজৰ টুৰ্নামেণ্টৰ উদ্বোধনী খেলখনৰ প্ৰায় আধা ঘণ্টা আগে[16][17] ফুটবল বিশ্বকাপ ২০১৮ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ইংলেণ্ডৰ বিখ্যাত পপ শিল্পী ৰবি উইলিয়ামছে ‘'লেট মি এণ্টাৰটেিন ইউ’' গান গাই গাই প্ৰৱেশ কৰে ৰবি উইলিয়ামছৰ লগত তাল মিলাই প্ৰ্ৱেশ কৰে ৰাছিয়াৰ স্ংগীত শিল্পী এইডা গাৰিফুলিনা দুয়ো একেলগে এঞ্জেল গানটো পৰিৱেশন কৰে অনুষ্ঠানত ৰোণাল্ড' উপস্থিত থাকে তেওঁ এডিডাছ টেলষ্টাৰ বলটো প্ৰদৰ্শন কৰে যিটো মাৰ্চ মাহত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ্লৈ নি জুন মাহত ঘূৰাই অনা হৈছিল[18]
প্ৰতিযোগী দলসমূহক মুঠ আঠটা গ্ৰুপত ভাগ কৰা হৈছিল আৰু প্ৰতিটো গ্ৰুপত চাৰিটাকৈ দল আছিল প্ৰতিটো গ্ৰুপৰ দলসমূহৰ মাজত খেল হোৱাৰ পিছত প্ৰটিতো গ্ৰুপৰ পৰা দুটাকৈ শ্ৰেষ্ঠ দল নক্আউট পৰ্য্যায়লৈ নিয়া হৈছিল
কোনো এটা গ্ৰুপৰ দলসমূহৰ ৰেংকিং তলত দিয়াধৰণে বিচাৰ কৰা হৈছিল[19]
যদি দুটা দল সমান পৰ্য্যায়ত থাকে তেন্তে তলৰ উপায়সমূহ লোৱা হৈছিল
সুশৃঙ্খল ভাবে খেলাৰ বাবে পইণ্ট
সোণালী বল | ৰূপালী বল | ব্ৰঞ্জৰ বল |
---|---|---|
Luka Modrić | Eden Hazard | Antoine Griezmann |
সোণালী বুট | ৰূপালী বুট | ব্ৰঞ্জৰ বুট |
Harry Kane (6 goals, 0 assists) |
Antoine Griezmann (4 goals, 2 assists) |
Romelu Lukaku (4 goals, 1 assist) |
Golden Glove | ||
Thibaut Courtois | ||
শ্ৰেষ্ঠ যুৱ খেলুৱৈ | ||
Kylian Mbappé | ||
FIFA Fair Play Award | ||
স্পেইন |
পুৰস্কাৰৰ ধন ২০১৭ৰ অক্টোবৰতেই ঘোষণা কৰা হৈছিল.[20]
স্থান | পৰিমাণ (মিলিয়ন আমেৰিকান ডলাৰ) | |
---|---|---|
প্ৰতিটো টিম | মুঠ | |
চেম্পিয়ন | ৩৮ | ৩৮ |
ৰাণাৰ্ছ আপ | ২৮ | ২৮ |
তৃতীয় স্থান | ২৪ | ২৪ |
চতুৰ্থ স্থান | ২২ | ২২ |
৫ম-৮ম স্থান (কোৱাৰ্টাৰ ফাইনেল) | ১৬ | ৬৪ |
৯ম-১৬তম স্থান (round of 16) | ১২ | ৯৬ |
১৭-৩২তম স্থান (গ্ৰুপ পৰ্য্যায়) | ৮ | ১২৮ |
সৰ্বমুঠ | ৪০০ |
২০১৬ চনৰ ২১ অক্টোবৰতেই এখন ডিজাইন প্ৰতিযোগিতাৰ দ্বাৰা বিভাগীয়ভাৱে শুভংকৰ বাছনি কৰা হৈছিল| এটা মেকুৰী, এটা বাঘ আৰু এটা কুকুৰনেছীয়া বাঘৰ মাজৰ পৰা জাবিভাকা(Zabivaka) নামৰ কুকুৰনেছীয়া বাঘটোক বাছনি কৰা হৈছিল। মুঠ ১ মিলিয়ন মতদাতাৰ মাজৰ পৰা ৫৩ শতাংশই জাবিভাকাক ভোট দিছিল। মানুহ আৰু কুকুৰনেছীয়া বাঘৰ স্ংকৰ হিচাপে বনোৱা শুভ্ংকৰটোৱে ৰাছিয়াৰ জাতীয় দলৰ পোছাক পিন্ধি আছিল।[21]
২০১৮ ফিফা বিশ্বকাপৰ গ্ৰুপ পৰ্য্যায়ত খেলা বলটো আছিল টেলষ্টাৰ ১৮, যিটো বল ১৯৭০ চনৰ ফিফা বিশ্বকাপত এডিডাছে বনোৱা প্ৰ্থম বলটোৰ আৰ্হিত তৈয়াৰ কৰিছিল। বলটো ২০১৭ৰ ৯ নবেম্বৰত মুকলি কৰি দিয়া হৈছিল।[22]
গ্ৰুপ পৰ্য্যায়ৰ পিছত নক্ আউট পৰ্য্যায়ত খেলিবলৈ টেলষ্টাৰ মেচটা নামৰ আন এটা বল ব্যৱহাৰ কৰা হৈছিল। মেচটা মানে ৰাছিয়ান ভাষাত সপোন। টেলষ্টাৰ ১৮ আৰু টেলষ্টাৰ মেচটাৰ মাজত থকা পাৰ্থক্য হ’ল মেচটাত থকা ৰঙা ৰঙৰ ডিজাইন।[23]
Will Smith, Nicky Jam আৰু Era Istrefiয়ে কণ্ঠদান কৰা "Live It Up" শীৰ্ষক গীতটো প্ৰতিযোগিতাখনৰ গীত হিচাপে মান্যতা দিয়া হৈছিল। গীতটো ২০১৮ৰ ৮জুনত মুকলি কৰি দিয়া হৈছিল।[24]