ৰাণী ভৱানী | |
---|---|
ৰাজত্ব | ১৭৪৮-১৮০৩ |
পূৰ্বসূৰী | ৰাজা ৰমাকান্ত মৈত্ৰ |
উত্তৰাধিকাৰী | ৰাজা ৰামকৃষ্ণ[1] |
দাম্পত্য সঙ্গী | ৰাজা ৰমাকান্ত মৈত্ৰ |
পিতৃ | আত্মাৰাম চৌধুৰী |
ধৰ্ম | হিন্দু |
ৰাণী ভৱানী (ইংৰাজী: Rani Bhabani; ১৭১৬–১৮০৩[2]) ব্ৰিটিছ ঔপনিবেশিক শাসনৰ আমোলত বৰ্তমান বাংলাদেশৰ ৰাজশাহীৰ হিন্দু জমিদাৰ আছিল। তেওঁক অৰ্ধবংগেশ্বৰী আৰু নাটোৰৰ ৰাণী বুলিও জনা যায়।[3][4] নাটোৰ ইষ্টেটৰ জমিদাৰ ৰাজা ৰমাকান্ত মৈত্ৰৰ মৃত্যুৰ পিছত তেওঁ স্বামীৰ জমিদাৰী লাভ কৰে। ৰাজশাহী ৰাজ বা নাটোৰ ইষ্টেট এখন ডাঙৰ জমিদাৰী আছিল, যিয়ে বংগৰ এক বৃহৎ অংশ সামৰি লৈছিল। ইয়াৰ আয়তন আছিল প্ৰায় ৩৪,০০০ বৰ্গ কিলোমিটাৰ। জমিদাৰীখনে কেবল উত্তৰ বংগকে সামৰি লোৱা নাছিল, পিছলৈ মুৰ্চিদাবাদ, নদিয়া, জশোৰ, বীৰভূম আৰু বৰ্দ্ধমানৰ প্ৰশাসনিক জিলাৰ অন্তৰ্গত অঞ্চলসমূহো সামৰি লৈছিল। স্বামীৰ মৃত্যুৰ পিছত নাটোৰ ৰাজবাৰীৰ ৰাণী ভৱানীয়ে ইষ্টেট আৰু ৰাজপ্ৰসাদ উভয়ৰে সম্প্ৰসাৰণ কৰিছিল।
১৭১৬ চনত বৰ্তমান বাংলাদেশৰ বগৰা জিলাৰ ছতিমগ্ৰাম গাঁৱৰ এটা ব্ৰাহ্মণ পৰিয়ালত[5] জন্মগ্ৰহণ কৰা ৰাণী ভৱানীৰ পিতৃৰ নাম আছিল আত্মাৰাম চৌধুৰী, যি গাঁৱৰ এজন মাটিগিৰি আছিল। ভৱানীয়ে তেতিয়াৰ ৰাজশাহীৰ জমিদাৰ ৰাজা ৰামকান্ত মৈত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1] ১৭৪৮ চনত স্বামীৰ মৃত্যুৰ পিছত ভৱানী আইনগতভাবে ৰাজশাহীৰ জমিদাৰ হয় আৰু জনসাধাৰণে তেওঁক ৰাণী বুলি কবলৈ আৰম্ভ কৰে। জমিদাৰৰ পদত এগৰাকী নাৰী সেই সময়ত অত্যন্ত বিৰল আছিল। কিন্তু ৰাণী ভৱানীয়ে চাৰি দশকৰো অধিক কাল বিশাল ৰাজশাহী জমিদাৰীখন ইমানেই দক্ষতাৰে আৰু ফলপ্ৰসূভাৱে পৰিচালনা কৰিছিল[4] যে ভূমিৰ পৰা আহৰিত বাৰ্ষিক আয় ১৫ নিযুত টকা অতিক্ৰম কৰিছিল। ইয়াৰে ৭০ লাখ টকা চৰকাৰক দিয়া হৈছিল আৰু বাকীখিনি টকা ৰাজহুৱা নিৰ্মাণ আৰু আৰ্তজনক সহায়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল।[6]
জমিদাৰ হোৱাৰ পাছত বংগৰ নবাব ছিৰাজ-উদ-দৌল্লাৰ পৰা নিজৰ ৰাজ্য ৰক্ষাৰ বাবে শক্তিশালী সেনাৰ প্ৰয়োজনীয়তাৰ কথা ভাবি নিজৰ সেনাবাহিনীৰ সংস্কাৰ আৰু পুনৰ সংগঠিত কৰে। তেওঁৰ ভয় সত্যত পৰিণত হ’ল, যেতিয়া নবাবে নিজৰ কামনা চৰিতাৰ্থ কৰিবলৈ ৰাণীৰ জীয়ৰী তাৰাক দাবী কৰি দূত পঠিয়ালে। ৰাণী ভৱানী অমান্তি হোৱাত ক্ষুব্ধ নবাবে তাৰাক অপহৰণ কৰি, ৰাণীক পদচ্যুত কৰি ৰাজকোষ লুণ্ঠন কৰিবলৈ সৈন্যবাহিনী পঠিয়াই দিলে। ৰাণীয়ে নিজেই সৈন্যবাহিনীক নেতৃত্ব দি নবাবৰ সৈন্যবাহিনীক পৰাস্ত কৰি নিজৰ ভূখণ্ডৰ পৰা খেদি পঠিয়ালে। নাটোৰৰ জনসাধাৰণেও নবাবৰ বিৰুদ্ধে যুদ্ধত ৰাণীক সহযোগিতা কৰে।[1] [2]
নাটোৰৰ ৰাণী ভৱানীৰ ৰাজপ্ৰাসাদ আজিও বাংলাদেশৰ প্ৰধান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈয়ে আছে। পলাশীৰ যুদ্ধৰ ৪৬ বছৰৰ পিছত ১৮০৩ চনত ৭৯ বছৰ বয়সত ৰাণী ভৱানীৰ মৃত্যু হয়।[2]
দান-বৰঙণি আৰু উদাৰতাৰ লগতে এক কঠোৰ ব্যক্তিগত জীৱনৰ সংমিশ্ৰণত ৰাণী ভৱানী সাধাৰণ মানুহৰ মাজত এক ঘৰুৱা নাম হৈ পৰিছিল। সমগ্ৰ বংগত তেওঁ নিৰ্মাণ কৰা মন্দিৰ, অতিথিশালা আৰু পথৰ সংখ্যা অসংখ্য বুলি ধাৰণা কৰা হয়। প্ৰজাসকলৰ পানীৰ সমস্যা উপশমৰ বাবে তেওঁ বহুতো পুখুৰী খন্দাইছিল। হাওৰাৰ পৰা বাৰাণসীলৈ এটা পথ নিৰ্মাণ কৰিছিল, যিটো আজিও ব্যৱহৃত হৈ আছে।[6] শিক্ষাৰ প্ৰসাৰৰ প্ৰতিও তেওঁ আগ্ৰহী আছিল আৰু বহুতো শিক্ষানুষ্ঠানলৈ উদাৰতাৰে দান আগবঢ়াইছিল।[2]
সমাজত বিধৱা বিবাহ প্ৰৱৰ্তন কৰি সমাজ সংস্কাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল। ১৭৭০ চনত বংগৰ মহাদুৰ্ভিক্ষৰ সময়ত তেওঁ নিজৰ খৰচত আঠজন বৈদ্যক নিয়োগ কৰি জনসাধাৰণক সহায় কৰিছিল।[2]
বৰানগৰত ১৭৫৩ চনৰ পৰা ১৭৬০ চনলৈকে তেওঁ ১০৮টা টেৰাকোটা শিৱ মন্দিৰ নিৰ্মাণৰ দায়িত্ব দিছিল, যাৰ লক্ষ্য আছিল সেই ঠাইখনক দ্বিতীয় বাৰাণসীলৈ ৰূপান্তৰিত কৰা। নদীৰ গতিপথ সলনি হোৱাৰ বাবে বহু মন্দিৰ নাইকীয়া হৈ গৈছে। ভালে থকা মন্দিৰসমূহৰ ভিতৰত চাৰ বাংলা মন্দিৰসমূহো আছে।[7] তাৰাপীঠ আৰু বাৰাণসীলৈও তেওঁ বৃহৎ অৱদান আগবঢ়াইছে। পশ্চিম বাৰাণসীৰ দুৰ্গা কুণ্ড মন্দিৰো তেওঁ নিৰ্মাণ কৰিছিল।[8]
১৯৫২ চনত বি. ৰতন চেতাৰ্জী পৰিচালিত ৰাণী ভৱানী নামৰ কথাছবি এখন মুক্তি পাইছিল।[9]