ৰুমাল(ইংৰাজী: kerchief), হৈছে মূৰ, মুখ বা ডিঙিত বান্ধি থোৱা ত্ৰিকোণীয় বা বৰ্গ আকৃতিৰ কাপোৰৰ টুকুৰা। এই ৰুমাল সুৰক্ষামূলক বা সজ্জাৰ উদ্দেশ্যে ব্যৱহাৰ হয়। সংস্কৃতি বা ধৰ্ম অনুসৰি মূৰৰ ৰুমালৰ জনপ্ৰিয়তা ভিন্ন হ'ব পাৰে, প্ৰায়ে এনাবেপ্টিষ্ট, ইষ্টাৰ্ণ অৰ্থডক্স আৰু প্লাইমাউথ ব্ৰেথ্ৰেন ধৰ্মগোষ্ঠীৰ মহিলাসকলে লগতে কিছুমান অৰ্থডক্স ইহুদী আৰু মুছলমান মহিলা তথা খ্ৰীষ্টান মহিলাই মূৰৰ আৱৰণ হিচাপে ব্যৱহাৰ কৰে।[1]
ডিঙিৰ ৰুমাল আৰু হাতৰ ৰুমালখন ইয়াৰে সম্পৰ্কীয় বস্ত্ৰ।
বন্ধনা[2][3] হৈছে ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা এক প্ৰকাৰৰ বৃহৎ, সাধাৰণতে ৰঙীন ৰুমাল, এই ৰুমাল প্ৰায়ে ব্যক্তিৰ মূৰত বা ডিঙিত পিন্ধা হয়। ইয়াক কিছুমানে টুপী বুলি গণ্য কৰে। বন্ধনা শব্দটো সংস্কৃত মূলৰ বন্ধন শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে বন্ধা।[4] এনে বন্ধনাবোৰ সাধাৰণতে পেইজলি আৰ্হিত ছপা কৰা হয় আৰু ফেশ্বনেবল মূৰৰ আনুষংগিক বস্তু হিচাপে বা ব্যৱহাৰিক উদ্দেশ্যত চুলি পিছলৈ ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। ৰ’দে পোৰাৰ পৰা ৰক্ষা পাবলৈ ডিঙিত বান্ধা হয়, ইয়াৰোপৰি উশাহত ধূলি আদি নাকত নোসোমাবলৈ বা পিন্ধাজনৰ পৰিচয় লুকুৱাবলৈ মুখ আৰু নাকৰ চাৰিওফালে বান্ধিবলৈ ব্যৱহাৰ কৰা হয়।
ভাৰতত বন্ধনাৰ উৎপত্তি হৈছিল ৰেচম আৰু কপাহৰ উজ্জ্বল ৰঙৰ ৰুমাল হিচাপে মূলতঃ ৰঙা আৰু নীলা ৰঙৰ বন্ধনী। ৰেচমৰ শৈলীবোৰ উন্নতমানৰ সূতাৰে তৈয়াৰ কৰা হৈছিল, আৰু জনপ্ৰিয় আছিল। কাপোৰৰ বাবে বান্ধনা প্ৰিণ্ট প্ৰথমে গ্লাছগোত কপাহী সূতাৰ পৰা প্ৰস্তুত কৰা হৈছিল। বৰ্তমান এই শব্দটোৰ অৰ্থ সাধাৰণতে ছপা শৈলীৰ কাপোৰ, সেয়া ৰেচম আৰু কপাহ বা অন্য পদাৰ্থৰো হ'ব পাৰে।[5]
মধ্য এছিয়া আৰু ককেছাছত ব্যৱহৃত পৰম্পৰাগত ওৰামাল (Oramal) হৈছে ৰুমালৰে এক প্ৰকাৰ। সাধাৰণতে ইয়াক এনেকৈ বন্ধা হয় যাতে ইয়াৰ দ্বাৰা ডিঙিটো ঢাকখাই নাথাকে)। উজবেকিস্তানৰ দৰে কিছুমান দেশত পৰম্পৰাগতভাৱে ইয়াক কেৱল ঘৰতেহে ব্যৱহাৰ কৰা হৈছিল, আনহাতে ৰাজহুৱা স্থানত পাৰাঞ্জা অধিক জনপ্ৰিয় আছিল। কাজাখাস্তানৰ দৰে আন দেশত ইয়াক ৰাজহুৱা স্থানত সাধাৰণতে ব্যৱহাৰ কৰা হৈছিল। কিৰ্গিস্তানত বগা ৰঙৰ ব্যৱহাৰে মহিলা এগৰাকী বিবাহিত হোৱাৰ ইংগিত দিয়ে।
লগতে ইয়াক গৰমৰ দিনত ঘোঁৰা চলোৱাত পুৰুষে টুপী পিন্ধাৰ পৰিৱৰ্তে বহুলভাৱে ব্যৱহাৰ কৰিছিল।
সামুদ্ৰিক দক্ষিণ-পূব এছিয়াৰ অষ্ট্ৰ’নেছিয়ান সংস্কৃতিয়েও মূৰৰ পোছাক হিচাপে ৰুমাল পিন্ধে। মালয় পুৰুষৰ মাজত ইয়াক টেংকোলক বুলি জনা যায় আৰু পৰম্পৰাগত অনুষ্ঠান যেনে বিয়া আদিত পিন্ধা হয়।