Great Auk | |
---|---|
![]() | |
Specimen no. 8 and replica egg in Kelvingrove, Glasgow | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Alcidae |
গণ: | †Pinguinus Bonnaterre, 1791 |
প্ৰজাতি: | †P. impennis |
বৈজ্ঞানিক নাম | |
Pinguinus impennis (Linnaeus, 1758) | |
![]() | |
Approximate range (in blue) with known breeding sites indicated by yellow marks[2][3] | |
সমাৰ্থক | |
|
অ'ক চৰাই বা great auk (Pinguinus impennis) এবিধ বিলুপ্ত সামুদ্ৰিক চৰাই। স্কাণ্ডিনেভিয়া, স্পেইন, গ্ৰীণলেণ্ড আদি ঠাইক সামৰি উত্তৰ আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উপকুল অঞ্চলত এসময়ত পৰ্যাপ্ত পৰিমাণে অ'ক চৰাই আছিল। কিন্তু সুস্বাদু মাংস আৰু কণীৰ অধিকাৰী হোৱা বাবে মানুহৰ নৃশংসতাৰ ফলত এইবিধ চৰাই কমি আহিবলৈ ধৰিলে। জোঙা বহল ঠোঁট থকা অ'ক চৰাইৰ পাখি দুখন আপেক্ষিকভাৱে সৰু আছিল। হাঁহৰ দৰে লগখোৱা ভৰিৰ পতা থকা অ'ক চৰাই দেখাত পেংগুইনৰ দৰে।ইহঁতে ঠেং দুটাৰ ওপৰতে থিয় হৈ খোজ কাঢ়িব পাৰে| ১৮৫২ চনত কানাডাৰ ওচৰৰ নিউফাউণ্ডলেণ্ড দ্বীপত পোৱা অকলশৰীয়া অ'ক চৰাইটোকে পৃথিৱীৰ শেষ অ'ক চৰাই বুলি ঠাৱৰ কৰা হৈছে। এইবিধ চৰাই ৬০ হাজাৰতকৈ অধিক বছৰ পৃথিৱীত জীয়াই আছিল[4]।