![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
অক্ষয়কুমাৰ | |
---|---|
![]() অক্ষয় কুমাৰ | |
পিতৃ-মাতৃ | ৰাৱণ (পিতৃ) মন্দোদৰী (মাতৃ) |
সহোদৰ | ইন্দ্ৰজিৎ, অতিকায়, নৰান্তক-দেৱান্তক, ত্ৰিশিৰা, প্ৰহস্ত |
অক্ষয়কুমাৰ বা অক্ষকুমাৰ (ইংৰাজী: Akṣayakumāra, সংস্কৃত: अक्षयकुमार) ৰাৱণৰ কনিষ্ঠ পুত্ৰ[1] তথা মেঘনাদৰ ভাতৃ আছিল। তেওঁক অক্ষয় বা অক্ষ নামেৰেও জনা যায়৷ ৰামায়ণত হনুমানে সীতাৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত যেতিয়া অশোক বন ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেতিয়া ৰাৱণে অশোকবন ৰক্ষাৰ্থে অক্ষয়কুমাৰক ৰাক্ষস সেনাৰ মুৰব্বী হিচাপে তালৈ পঠিয়াইছিল। মাত্ৰ ষোল্ল বছৰ বয়সতে তেওঁৰ দেউতাক ৰাৱণৰ আদেশ মৰ্মে তেওঁ ৰথত উঠি যুদ্ধলৈ যায়। তেওঁ হনুমানক লক্ষ্যভেদ কৰি বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে যুদ্ধ কৰিছিল। হনুমানে যুৱ ৰাজকুমাৰৰ বীৰত্ব আৰু দক্ষতাৰ প্ৰতি আকৃষ্ট হ’লেও শেষত হনুমানে তেওঁক হত্যা কৰিছিল।
|