অগ্ন্যাশয় (Pancreas) | |
---|---|
অগ্ন্যাশয়ৰ গঠন | |
সবিশেষ | |
উচ্চাৰণ | /ˈpæŋkriəs/ |
প্ৰিকাৰ্ছৰ | অগ্ন্যাশয় মুকুল (Pancreatic bud) |
ধমনী | Inferior pancreaticoduodenal artery, anterior superior pancreaticoduodenal artery, posterior superior pancreaticoduodenal artery, splenic artery |
সিৰা | Pancreaticoduodenal veins, pancreatic veins |
স্নায়ু | Pancreatic plexus, celiac ganglia, vagus nerve[1] |
লসিকা | Splenic lymph nodes, celiac lymph nodes আৰু superior mesenteric lymph nodes |
চিনাক্তকাৰক | |
লেটিন | Pancreas |
গ্ৰীক | Πάγκρεας (Pánkreas) |
MeSH | D010179 |
TA98 | A05.9.01.001 |
TA2 | 3114 |
FMA | 7198 |
দেহতাত্ত্বিক পৰিভাষা |
অগ্ন্যাশয় বা pancreas[note 1] মেৰুদণ্ডী প্ৰাণীৰ পাচন তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ এটা অংগ। মানুহৰ দেহত ই পেটৰ পাকস্থলীৰ পিছফালে অৱস্থিত।
অগ্ন্যাশয় এক মিশ্ৰ গ্ৰন্থি, কাৰণ ই অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োবিধ গ্ৰন্থি হিচাপে কাম কৰিব পাৰে। অন্তঃস্ৰাৱী গ্ৰন্থি ৰূপে ই ঘাইকৈ ইনছুলিন, গ্লুকাগন, ছমাট'ষ্টেটিন আৰু পেন্ক্ৰিয়াটিক পলীপেপ্টাইড নিঃসৰণ কৰি তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। পাচন প্ৰণালীৰ অংশ ৰূপে ই অগ্ন্যাশয় নলীৰে গ্ৰহণীলৈ (duodenum) অগ্ন্যাশয় ৰস নিঃসৰণ কৰে। এই ৰসত থকা বাইকাৰ্ব'নেট ক্ষাৰে পাকস্থলীৰ পৰা অন্ত্ৰত প্ৰৱেশ কৰা অম্লক প্ৰশমন কৰে আৰু পাচক উৎসেচকবোৰে শ্বেতসাৰ, প্ৰ'টিন আৰু চৰ্বিক সৰু সৰু কণিকালৈ ৰূপান্তৰিত কৰে।
মানুহৰ দেহত অগ্ন্যাশয় উদৰৰ ওপৰফালে আৰু বাওঁফালে অৱস্থিত। বয়স্ক লোকত ই প্ৰায় 12–15 centimetres (4.7–5.9 in) দীঘল, কেইবাটাও খণ্ডিকাত বিভক্ত আৰু দেখাত গুলপীয়া-কমলা বৰণৰ।[2]
গঠনৰ ফালৰ পৰা অগ্ন্যাশয়ক মূৰ, ডিঙি, দেহ, আৰু নেজ অংশত ভগোৱা হয়। অগ্ন্যাশয় গ্ৰহণীৰ অন্ত্যভাঁজৰ পৰা বিস্তৃত। মূৰ অংশটোৱে চুপেৰিয়'ৰ মিছেণ্টেৰিক ধমনী আৰু ছুপেৰিয়'ৰ মিছেণ্টেৰিক শিৰাক আৱৰি থাকে। দেহ অংশটোৱে পাকস্থলীৰ পিছফালে বিস্তৃত হৈ নেজ অংশটো প্লীহাৰ ওচৰত শেষ হয়।[2]
মূল অগ্ন্যাশয় নলী আৰু অতিৰিক্ত অগ্ন্যাশয় নলী অগ্ন্যাশয়ৰ মাজেৰে গৈ ক্ষুদ্ৰান্ত্ৰৰ গ্ৰহণী অংশত সাধাৰণ পিত্তৰস বাহিনীৰ (common bile duct) লগ লাগে। এই নলীৰ মুখ অৱৰোধিনী (sphincter of Oddi)-ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।[2]
অগ্ন্যাশয়ত অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োবিধ কলা থাকে। অণুবীক্ষণ যন্ত্ৰৰে চালে এই পাৰ্থক্য দেখা পোৱা যায়।[3]
অন্তঃস্ৰাৱী অগ্ন্যাশয় অগ্ন্যাশয় দ্বীপপুঞ্জ (বা লেঙ্গাৰহেন্সৰ দ্বীপপুঞ্জৰে) গঠিত।[3] অগ্ন্যাশয় দ্বীপপুঞ্জত থকা আলফা কোষ, বিটা কোষ, ডেল্টা কোষ আৰু এফ কোষে (F cell) বেলেগ বেলেগ হৰম'ন ক্ষৰণ কৰে। মানুহৰ দেহত ১ৰ পৰা ২ নিযুতমান অগ্ন্যাশত দ্বীপপুঞ্জ থাকে আৰু এইবোৰে অগ্ন্যাশয়ৰ ১ৰ পৰা ২ শতাংশ মান ঠাই আৱৰি থাকে।
অগ্ন্যাশয়ৰ কলাৰ সৰহভাগে পাচন ক্ৰিয়াত অংশ লয়। ষ্টেইন কৰিলে এই গাঢ় বৰণীয়া কোষবোৰ গোট বা acini ৰূপত দেখা যায়। এচিনাছৰ কোষবোৰে আৱৰি থকা নলীকালৈ জাইম'জেন নামৰ পাচক ৰস ক্ষৰণ কৰে। এই সৰু সৰু নলীকাবোৰ ক্ৰমান্বয়ে লগ লাগি শেষত অগ্ন্যাশয় লনীত মুকলি হয়।[3]
অগ্ন্যাশয়ে এহাতে শৰীৰৰ শৰ্কৰা নিয়ন্ত্ৰণ আৰু বিপাক কাৰ্যত অংশ লয় (অন্তঃস্ৰাৱী), আনহাতে অগ্ন্যাশয় ৰস ক্ষৰণ কৰি পাচন ক্ৰিয়াত অংশ লয় (বহিঃস্ৰাৱী)।
অগ্ন্যাশয়ৰ কিছুমান কোষে তেজত গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। তেজত শৰ্কৰাৰ পৰিমাণ কমিলে আলফা কোষবোৰে গ্লুকাগন নিঃসৰণ কৰে আৰু শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়। তেজত শৰ্কৰাৰ মাত্ৰা বঢ়িলে বিটা কোষবোৰে ইনছুলিন নিঃসৰণ কৰে আৰু ফলত গ্লুক'জৰ মাত্ৰা কমে। ডেল্টা কোষবোৰে নিঃসৰণ কৰা ছ'মাট'ষ্টেটিন-এ ইনছুলিন আৰু গ্লুকাগনৰ ক্ষৰণ কমায়।[4]
গ্লুকাগনে মূলতঃ যকৃতৰ কোষবোৰৰ ওপৰত ক্ৰিয়া কৰি গ্লুক'জৰ উৎপাদন আৰু গ্লাইক'জেনৰ ভংগন প্ৰক্ৰিয়া উদ্দীপ্ত কৰে, ফলত তেজৰ শৰ্কৰাৰ পৰিমাণ্ণ বাঢ়ে। তেজৰ গ্লুক'জৰ পৰিমাণ বা ইনছুলিন কমিলে আৰু ব্যায়ামৰ সময়ত গ্লুকাগনৰ নিঃসৰণ বাঢ়ে।[5] ইনছুলিনে মূলতঃ যকৃত কোষ আৰু চৰ্বি কোষ (Adipocyte)-ৰোপৰত কাৰ্য কৰে আৰু কোষবোৰত গ্লুক'জৰ প্ৰৱেশ আৰু স্বদব্যৱহাৰৰ হাৰ বৃদ্ধি কৰে। সেইবাবে তেজত গ্লুক'জৰ পৰিমাণ কমি যায়।[5]
দ্বীপপুঞ্জৰ কোষৰ কাৰ্যত অনৈচ্ছিক স্নায়ু তন্ত্ৰই প্ৰভাৱ পেলায়।
অগ্ন্যাশয়ে ক্ষুদ্ৰান্ত্ৰৰ প্ৰথম অংশ গ্ৰহণী (duodenum) পাচক ৰস ক্ষৰণ কৰে। এই ৰসৰ উৎসেচকে শ্বেতসাৰ, প্ৰ'টিন আৰু চৰ্বি পাচন কৰে। অগ্ন্যাশয়ৰ পৰা দৈনিক প্ৰায় ১.৫ - ৩ লিটাৰ ৰস ওলায়। [2][6]
অগ্ন্যাশয়ৰ উৎসেচকবোৰ ক্ষৰণ হওঁতে নিষ্ক্ৰিয় অৱস্থাত থাকে। গ্ৰহণীৰ বেৰত থকা এণ্টেৰ'কাইনেজ উৎসেচকে এইবোৰ সক্ৰিয় কৰে।[6]
অগ্ন্যাশয় ৰসত থকা বাইকাৰ্ব'নেট ক্ষাৰে উৎসেচকবোৰৰ কাৰ্যত সহায় কৰাৰ লগতে পাকস্থলীৰ পৰা অন্ত্ৰত প্ৰৱেশ কৰা অম্লক প্ৰশমিত কৰে।[6]
অগ্ন্যাশয়ৰ উৎসেচকবোৰে অগ্ন্যাশয়ৰ কলাকে পাচন নকৰিবলৈ নানা প্ৰণালী আছে।[6]
অগ্ন্যাশয়ে ভেছ'এক্টিভ ইন্টেছ্টাইনেল পলীপেপ্টাইড (VIP) আৰু পেন্ক্ৰিয়াটিক পলীপেপ্টাইড ক্ষৰণ কৰে। ইয়াত থকা এণ্টাৰ'ক্ৰমাফিন কোষে ম'টিলিন, ছেৰ'ট'নিন আৰু চাব্ষ্টেন্স পি হৰম'ন ক্ষৰণ কৰে।[4]
অগ্ন্যাশয়ৰ প্ৰদাহক পেন্ক্ৰিয়াটাইটিছ বোলে। ঘাইকৈ পিত্তশিলা বা অত্যাধিক মদ খোৱা বাবে এই ৰোগ হয়। দুৰ্ঘটনাজনিত আঘাত, অস্ত্ৰচিকিৎসাজনিত আঘাত, কিছুমান ঔষধ, মাম্প্ছ আৰু আন কিছুমান ৰোগেও পেন্ক্ৰিয়াটাইটিছ কৰিব পাৰে। বমি, জণ্ডিছ, জ্বৰ, পেটৰ অতিমাত্ৰা বিষ আদি ইয়াৰ লক্ষণ।[7]
পেন্ক্ৰিয়াটাইটিছত অগ্ন্যাশয়ৰ পৰা নিসৃত উৎসেচকে অগ্ন্যাশয়ৰ ওপৰতে ক্ৰিয়া কৰে। তেজৰ এমাইলেজ আৰু লাইপেজ উৎসেচকৰ মাত্ৰা চাই, আৰু আল্ট্ৰাচ'ন'গ্ৰাফী বা চি টি স্কেনৰ দৰে পৰীক্ষা কৰি ৰোগ নিৰ্ণয় কৰা হয়।[7] দীৰ্ঘম্যাদী বা ক্ৰ'নিক পেন্ক্ৰিয়াটাইটিছ বহু দিন ধৰি হৈ থাকে।}
অগ্ন্যাশয়ৰ কৰ্কট ৰোগ ৪০ বছৰৰ কম বয়সত দুৰ্লভ, ৭১ গড় বয়সত ৰোগ নিৰ্ণয় হয়। অস্ত্ৰচিকিৎসাৰে আৰোগ্য লভিলেও সাধাৰণতে খুব দেৰিকৈ ৰোগ ধৰা পৰে।[8] দীৰ্ঘম্যাদী পেন্ক্ৰিয়াটাইটিছ, বেছি বয়স, ধূমপান, মেদবহুলতা, ডায়েবিটিছ মেলিটাছ আৰু কিছুমান জিনীয় কাৰণে ইয়াৰ আশংকা বঢ়ায়।[9][7] প্ৰায় ২৫% ঘটনা ধূমপানৰ ফলত হয় বুলি ঠাৱৰ কৰা হৈছে।[10]
প্ৰথম প্ৰকাৰৰ বহুমূত্ৰ ৰোগ এক স্ব-অনাক্ৰম্য ৰোগ (autoimmune disorder)। ইয়াত দেহৰ প্ৰতিৰক্ষা প্ৰণালীয়ে অগ্ন্যাশয়ৰ বিটা কোষবোৰ ধ্বংস কৰে। তেতিয়া ইনছুলিনৰ পৰিমাণ কমি হাইপাৰগ্লাইছেমিয়া হয়।[11] ইনছুলিনেৰে চিকিৎসা নকৰিলে এই ৰোগত ডায়েবিটিক কিট'এচিড'ছিছৰ দৰে জটিলতা সুলভ।[12]
প্ৰথম প্ৰকাৰতকৈ দ্বিতীয় প্ৰকাৰৰ বহুমূত্ৰ ৰোগ বেছিকৈ দেখা যায়। ইনছুলিন প্ৰতিৰোধ আৰু ইনছুলিনৰ কম নিঃসৰণে এই ৰোগ কৰে। গ্লুক'জৰ মাত্ৰ কমাবলৈ আৰু ইনছুলিনৰ সংবেদনশীলতা বঢ়াবলৈ চিকিৎসাৰ বাবে পথ্য আৰু শাৰীৰিক পৰিশ্ৰমক গুৰুত্ব দিয়া হয়।[11] ইনছুলিনৰ লগতে মুখেৰে খোৱা নানা ঔষধ চিকিৎসাত ব্যৱহাৰ হয়।[13]