অজন্তা নেওগ | |
---|---|
![]() | |
কেবিনেট মন্ত্ৰী, অসম চৰকাৰ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১০ মে' ২০২১ | |
মন্ত্ৰী | সমাজ কল্যাণ আৰু বিত্ত বিভাগ |
অসম বিধানসভাৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩ মে' ২০২১ | |
কাৰ্যকাল ২০০১ – ২৫ ডিচেম্বৰ ২০২০ | |
পূৰ্বসূৰী | অতুল বৰা |
সমষ্টি | গোলাঘাট বিধানসভা সমষ্টি |
গড়কাপ্তানী, নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ কেবিনেট মন্ত্ৰী | |
কাৰ্যকাল ২০০৬ – মে' ২০১৬ | |
ব্যক্তিগত তথ্য | |
জন্ম | গুৱাহাটী, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | নগেন নেওগ |
সন্তান | ২ |
পিতৃ-মাতৃ | শশধৰ দাস (পিতৃ) ৰেৱতী দাস (মাতৃ) |
বাসস্থান | দিছপুৰ |
শিক্ষানুষ্ঠান | গুৱাহাটী বিশ্ববিদ্যালয় |
পেচা | ৰাজনীতিবিদ |
অজন্তা নেওগ (ইংৰাজী: Ajanta Neog) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ কেবিনেটত সমাজ কল্যাণ আৰু বিত্ত বিভাগৰ কেবিনেট মন্ত্ৰী।[1] তেওঁৰ অসম চৰকাৰৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী। তেওঁ ২০০১ চনৰ পৰা যোৱা পাঁচটা কাৰ্যকালৰ বাবে একেৰাহে গোলাঘাট বিধানসভা আসনৰ প্ৰতিনিধিত্ব কৰি আহিছে।[2] তেওঁ অসমৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে সেৱা আগবঢ়োৱা মহিলা বিধায়ক। বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ ২০২০ চনৰ ডিচেম্বৰ মাজত বিজেপিত যোগদান কৰিছিল। তেওঁ বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত "দল বিৰোধী" কাৰ্যকলাপৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছিল।[3] ইয়াৰ আগতে তেওঁ তৰুণ গগৈৰ নেতৃত্বৰ চৰকাৰত ২০০৬ চনৰ পৰা ২০১৬ খনলৈ গড়কাপ্তানী, নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ কেবিনেট মন্ত্ৰী আছিল।
অজন্তা নেওগৰ অজন্তা দাস হিচাপে গুৱাহাটীত জন্ম হৈছিল। তেওঁৰ পিতৃ শশধৰ দাস আৰু মাতৃ ৰেৱতী দাস। তেওঁ ১৯৯১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। একে বিশ্ববিদ্যালয়ৰ পৰা তেওঁ আইনৰ স্নাতক আৰু ২০০১ চনত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছিল। তেওঁ ১৯৯৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা তথা গোলাঘাট সমষ্টিৰ পৰা বিধায়ক নগেন নেওগৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ দুজন পুত্ৰ সন্তান আছে।[4]
১৯৯৬ চনত অজন্তা নেওগৰ স্বামী নগেন নেওগৰ মৃত্যুৰ পিছত তেওঁ সক্ৰিয় ৰাজনীতিৰ লগত জড়িত হৈ পৰে। তেওঁ প্ৰথমবাৰৰ বাবে ২০০১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক ১০,০০০তকৈও অধিক ভোটত পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল।[5] ২০০৬ চনত অনুষ্ঠিত পৰৱৰ্তী নিৰ্বাচনত তেওঁ পুনৰ বিজয়ী হয়। ২০১১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ ৪৬,১৭১টা ভোটৰ বৃহৎ ব্যৱধানত জয়ী হৈছিল। একেৰাহে তেওঁ উজনি অসমত 'বিজেপি ঢৌ' থকা স্বত্বেও ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল য'ত কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ অধিকাংশই পৰাজিত হৈছিল। তেওঁ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কেবিনেটত গড়কাপ্তানী বিভাগ (পথ আৰু ভৱন, ৰাষ্ট্ৰীয় ঘাইপথ), নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ মন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল[6][7][8] আৰু তিনিটা কাৰ্যকালৰ বাবে তেওঁ কেবিনেট মন্ত্ৰী আছিল।[9] গোলাঘাটৰ ইউনাইটেড চেম্বাৰ অফ কমাৰ্চ নামৰ সংগঠনে তেওঁক 'গোলাঘাট ৰত্ন' বঁটা প্ৰদান কৰিছে।[10]
গড়কাপ্তানী মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত অসমে আন্তঃগাঁথনি উন্নয়নত বৃহৎ সফলতা অৰ্জন কৰিছিল। ২০১৫ চনৰ ৬ নৱেম্বৰ তাৰিখে অনুষ্ঠিত ইণ্ডিয়া টুডে গোটৰ দ্বাৰা ১৩তম ৰাজ্যিক সন্মিলনত অসমক ডাঙৰ ৰাজ্য শ্ৰেণীত শ্ৰেষ্ঠ আন্তঃগাঁথনি উন্নয়ন ৰাজ্য হিচাপে বিবেচিত কৰা হৈছিল। অসমক আন্তঃগাঁথনি উন্নয়নৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে বিবেচিত কৰা হৈছিল কিয়নো ২০১১ চনৰ পৰা ২০১৩-১৪ বৰ্ষলৈ অসমত পকী পথৰ দৈৰ্ঘ্য ১৭ শতাংশ বৃদ্ধি পাইছিল। আনহাতে একে সময়তে ৰাষ্ট্ৰীয় গড় আছিল চাৰি শতাংশ।[11]
২০২০ চনৰ ডিচেম্বৰ মাহত অজন্তা নেওগে ৰাজদীপ গোৱালাৰ সৈতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু দুয়োকে তেওঁলোকৰ "দল বিৰোধী" কাৰ্যকলাপৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয়।[12] পৰৱৰ্তী সময়ত তেওঁ গোলাঘাট সমষ্টিৰ পৰা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত কংগ্ৰেছ দলৰ পৰা তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি জয়লাভ কৰিছিল। এই বিজয়ৰ লগে লগে তেওঁ গোলাঘাট সমষ্টিৰ পৰা একেৰাহে ৫ম কাৰ্যকালৰ বাবে বিধায়ক হৈছিল। ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী হৈ ইতিহাস সৃষ্টি কৰা বিত্ত মন্ত্ৰী হিচাপে তেওঁক হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছিল। বৰ্তমান তেওঁ অসম চৰকাৰৰ সমাজ কল্যাণ আৰু বিত্ত বিভাগৰ মন্ত্ৰী।