অঞ্জনা | |
---|---|
শিশু হনুমানৰ সৈতে অঞ্জনা (পল্লৱ যুগৰ ব্ৰঞ্জৰ মূৰ্তি) | |
দেৱনাগৰী | अञ्जना |
সম্পৰ্ক | অপ্সৰা, বান্দৰ |
সন্তান | হনুমান |
হিন্দু পাঠ্য | ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণ |
অঞ্জনা (সংস্কৃত: अञ्जना) হৈছে ৰামায়ণৰ নায়কসমূহৰ অন্যতম হনুমানৰ মাতৃ। তেওঁক অঞ্জনী বা অঞ্জলী নামেৰেও জনা যায়। তেওঁ আছিল এগৰাকী অপ্সৰা আৰু কপিকুলৰ এজন মুখিয়াল কেশৰীৰ সহধৰ্মিণী। তেওঁক ভাৰতৰ কোনো কোনো অঞ্চলত পৰিয়ালৰ দেৱী হিচাপে পূজা কৰা হয়।
ইণ্ডোনেচিয়াৰ ৱায়াং সংস্কৃতিত অঞ্জনী এক জনপ্ৰিয় চৰিত্ৰ।
আখ্যান অনুসৰি, অঞ্জনা আছিল পুঞ্জিকস্তলা নামৰ এগৰাকী অপ্সৰা যি এজন ঋষিৰ অভিশাপৰ বাবে পৃথিৱীত বান্দৰ ৰাজকুমাৰী হিচাপে জন্মগ্ৰহণ কৰিছিল। [1] অঞ্জনাৰ বিয়া হৈছিল দেৱগুৰু বৃহস্পতিৰ পুত্ৰ কেশৰী নামৰ এজন বান্দৰ প্ৰধানৰ সৈতে।[2]
অঞ্জনা আছিল [[হনুমান]ৰ আছিল। অঞ্জনাৰ পুত্ৰ হোৱাৰ বাবে হনুমানক অঞ্জনেয় বুলিও কোৱা হয়।[3] হনুমানৰ জন্মসম্পৰ্কে বিভিন্ন কিংবদন্তী আছে। একনাথৰ ভাবাৰ্থ ৰামায়ণৰ (খ্ৰীষ্টপূৰ্ব ষোড়শ শতিকা) মতে যেতিয়া অঞ্জনাই বায়ুৰ উপাসনা কৰি আছিল সেই সময়ত অযোধ্যাৰ ৰজা দশৰথেও সন্তান জন্ম ৰখাৰ বাবে পুত্ৰকামেষ্ঠী যজ্ঞৰ ৰীতি-নীতি পালন কৰি আছিল। এই যজ্ঞৰ ফলস্বৰূপে তেওঁ তেওঁৰ তিনিগৰাকী পত্নীৰ বাবে পায়স লাভ কৰিছিল যাৰ ফলত ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্নৰ জন্ম হৈছিল। দৈৱাৎ সেই পায়সৰ কিছু অংশ এজনী চিলনীয়ে কাঢ়ি লৈ অঞ্জনাক উপাসনা কৰি থকা অৰণ্যৰ ওপৰেৰে উৰা মাৰি যাওঁতে সৰি পৰিছিল। বায়ু দেৱতাই এই পায়স অঞ্জনাৰ হাতত দিছিল। ইয়াক খোৱাৰ ফলস্বৰূপেই হনুমানৰ জন্ম হৈছিল। [4][5] আন কিছুমান আখ্যান অনুসৰি হনুমান শিৱৰ একাদশ অৱতাৰ। অঞ্জনা আৰু কেশৰীয়ে শিৱক তেওঁলোকৰ সন্তান হিচাপে পাবলৈ প্ৰাৰ্থনা কৰিছিল। তেওঁলোকৰ ভক্তিত সন্তুষ্ট হৈ শিৱই তেওঁলোকে বিচৰা বৰ প্ৰদান কৰিছিল। [4][6][7]
হিমাচল প্ৰদেশত অঞ্জনাক পাৰিবাৰিক দেৱী হিচাপে উপাসনা কৰা হয়। ধৰ্মশালাৰ ওচৰৰ তেওঁৰ প্ৰতি উৎসৰ্গিত এটা মন্দিৰ আছে। বিশ্বাস কৰা হয় যে এবাৰ অঞ্জনা ইয়ালৈ আহি কিছু সময়ৰ বাবে ৰৈছিল। এজন স্থানীয় লোকে তেওঁৰ প্ৰকৃত পৰিচয় জনাৰ পিছত তেওঁৰ ইচ্ছাৰ বিৰূদ্ধে গাওঁবাসীৰ ওচৰত সেই পৰিচয় প্ৰকাশ কৰিছিল। সেয়ে তেওঁ গাওঁবাসীক শিললৈ পৰিৱৰ্তন কৰিলে যি আজিও তেওঁৰ মন্দিৰৰ বাহিৰত বিৰাজমান। অঞ্জনাৰ বাহন হৈছে এটা বৃশ্চিক। সেয়েহে বৃশ্চিকে দংশন কৰিলে বিশ্বাসীসকলে অঞ্জনাৰ উপাসনা কৰে। [8]
অঞ্জনাৰ ওপৰত বহুকেইখন চলচ্চিত্ৰ নিৰ্মিত হৈছে। ইয়াৰে ভিতৰত আছে ১৯২২, ১৯৩২ আৰু ১৯৩৪ চনত নিৰ্মিত সতী অঞ্জনী নামৰ তিনিখন চলচ্চিত্ৰ।[9]
|