অড্ৰি লৰ্ড | |
---|---|
![]() লৰ্ড, ১৯৮০ চনত | |
জন্ম | অড্ৰি জেৰেলডাইন লৰ্ড ১৮ ফেব্ৰুৱাৰী, ১৯৩৪[1] নিউয়ৰ্ক চিটি, ইউ. এছ. |
মৃত্যু | ১৭ নৱেম্বৰ, ১৯৯২ (৫৮ বছৰ) ছেইণ্ট ক্ৰ'ইছ, ইউ. এছ. ভাৰ্জিন আইলেণ্ডছ |
শিক্ষা | নেছনেল অটনমাচ ইউনিভাৰ্ছিটি অফ মেক্সিকো হাণ্টাৰ কলেজ (বি এ) কলম্বিয়া বিশ্ববিদ্যালয় (এম এল এচ) |
ধৰণ | কবিতা নন-ফিকশ্যন |
উল্লেখনীয় কৰ্মৰাজি | দি ফাৰ্ষ্ট চিটিজ জামি : এই নিউ স্পেলিং অব মাই নেম দি কেঞ্চাৰ জাৰ্নালচ |
দাম্পত্যসংগী | এডৱিন ৰ'লিনছ (বি. ১৯৬২; বিবি. ১৯৭০) |
সহযোগী | গ্ল'ৰিয়া জ'ছেফ |
সন্তান | ২ |
অড্ৰি লৰ্ড(অড্ৰি জেৰেলডাইন লৰ্ড ,১৮ ফেব্ৰুৱাৰী ১৯৩৪ – ১৭ নৱেম্বৰ ১৯৯২) এগৰাকী আমেৰিকান লেখিকা, কবি, অধ্যাপিকা, দাৰ্শনিক, আন্তঃসংযোগবাদী নাৰীবাদী আৰু নাগৰিক অধিকাৰ কৰ্মী আছিল। তেওঁ নিজকে "ক'লা, সমকামী, নাৰীবাদী, সমাজবাদী, মাতৃ, যোদ্ধা, কবি" বুলি বৰ্ণনা কৰিছিল আৰু জীৱনজোৰা বিবিধ অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে "মুক্তিৰ লক্ষ্য আৰু আমাৰ সন্তানৰ বাবে এটা কাৰ্যকৰী ভৱিষ্যতৰ" বাবে একেলগে কাম কৰা সকলৰ মাজত অত্যাচাৰৰ কোনো শ্ৰেণীবিভাজন হ'ব নালাগিব।[2]
লৰ্ডৰ জন্ম ১৯৩৪ চনৰ ১৮ ফেব্ৰুৱাৰীত নিউয়ৰ্ক চিটিত, কেৰিবিয়ান অভিবাসী ফ্ৰেডেৰিক বায়ৰন লৰ্ড আৰু লিণ্ডা গাৰ্ট্ৰুড বেলমাৰ লৰ্ডৰ ঘৰত। তেওঁৰ পিতৃ বাৰ্বাড'ছৰ আৰু মাতৃ গ্ৰেনাডাৰ কেৰিয়াক'উৰ বাসিন্দা আছিল।[3] লৰ্ডে চাৰিবছৰ বয়সত পঢ়িবলৈ আৰু কবিতা ৰচনা কৰিবলৈ শিকিছিল। কৈশোৰত লৰ্ডে কবিতাৰ জৰিয়তে নিজৰ অনুভৱ ব্যক্ত কৰিছিল। তেওঁ "কবিতাত ভাবিছিল।"[4] তেওঁৰ মাতৃয়ে তেওঁক লিখা-পঢ়া শিকাইছিল। তেওঁ আছিল পৰিয়ালৰ সৰ্বকনিষ্ঠ সন্তান।
লৰ্ডে হাণ্টাৰ কলেজ হাই স্কুলত অধ্যয়ন কৰিছিল আৰু তাত থাকোঁতে তেওঁ "চেভেনটিন" (Seventeen) নামৰ আলোচনীত প্ৰথম কবিতা প্ৰকাশ কৰিছিল। তেওঁৰ কবিতাৰ আৰম্ভণিৰ বিষয়ে লৰ্ডে কৈছিল, "মই কবিতাত কথা পাতিছিলোঁ। মই কবিতা পঢ়িছিলোঁ আৰু মুখস্থ কৰিছিলোঁ। মানুহে যদি সোধে, 'অড্ৰে, তুমি কেনে আছা? কালি কি কৰিলা?' মই উত্তৰ দিছিলোঁ এটা কবিতা আবৃত্তিৰ জৰিয়তে আৰু সেই কবিতাৰ কোনো এটা শাৰী বা অনুভৱৰ ভাগ দিছিলোঁ।"[5]
হাণ্টাৰ কলেজত থাকোঁতে তেওঁ গ্ৰন্থাগাৰিকৰ চাকৰি কৰিছিল, লিখা-মেলা চলাই গৈছিল আৰু গ্ৰীণউইচ গাঁৱৰ সমকামী সংস্কৃতিৰ এক সক্ৰিয় অংশীদাৰ হৈ পৰিছিল। ইয়াৰ পিছত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ১৯৬১ চনত গ্ৰন্থাগাৰ-বিজ্ঞানত মাষ্টাৰ ডিগ্ৰী লাভ কৰে। এই সময়ছোৱাত তেওঁ ওচৰৰে মাউণ্ট ভাৰনন, নিউয়ৰ্কত পাব্লিক লাইব্ৰেৰিয়ানৰ কাম কৰিছিল।[5]
১৯৬৮ চনত, লৰ্ডে মিছিছিপিৰ টুগালু কলেজত ৰাইটাৰ-ইন-ৰেছিডেন্স হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[6] তাত, তেওঁ যুৱ ক'লা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কৰ্মশালা পৰিচালনা কৰিছিল, যিসকলে সেই সময়ৰ নাগৰিক অধিকাৰ সংক্ৰান্তিয় বিষয়সমূহ আলোচনা কৰিবলৈ আগ্ৰহী আছিল। ১৯৭২ ৰ পৰা ১৯৮৭ চনলৈকে, লৰ্ডে ষ্টেটেন আইলেণ্ডত বাস কৰিছিল। এই সময়ছোৱাত, তেওঁ লিখা আৰু শিক্ষাদানৰ উপৰিও কিচ্ছেন টেবল : উইমেন অব কলৰ প্ৰেছ (Kitchen Table: Women of Color Press) সহ-প্ৰতিষ্ঠা কৰিছিল।[7]
১৯৭৭ চনত, লৰ্ডে উইমেনচ ইন্সটিটিউট ফৰ ফ্ৰীদম অব দি প্ৰেছ (Women's Institute for Freedom of the Press), চমুকৈ ডব্লিউ আই এফ পি (WIFP)-ৰ সহযোগী হৈছিল। ডব্লিউ আই এফ পি হৈছে এটা আমেৰিকান নন-প্ৰফিট প্ৰকাশন সংস্থা, যিয়ে নাৰীৰ মাজত যোগাযোগ বৃদ্ধি আৰু নাৰী-ভিত্তিক মাধ্যমৰ সৈতে জনসাধাৰণক সংযোগ কৰাত সহায় কৰে।
১৯৮১ চনত, লৰ্ডে উইমেনচ কোৱালিছন অব ছেইণ্ট ক্ৰইক্স(Women's Coalition of St. Croix ) প্ৰতিষ্ঠাতাসকলৰ ভিতৰত এগৰাকী আছিল, যিটো সংগঠন যৌন নিৰ্যাতন আৰু ঘৰুৱা হিংসাৰ পৰা বাচি অহা নাৰীৰ সহায়ত নিয়োজিত। ১৯৮০ চনৰ শেষৰ ফালে, তেওঁ চিষ্টাৰহুড ইন চাপৰ্ট অব চিষ্টাৰ্চ (Sisterhood in Support of Sisters (SISA)) নামৰ এটা সংগঠন দক্ষিণ আফ্ৰিকাত সহ-প্ৰতিষ্ঠা কৰিছিল, যিয়ে বৰ্ণবৈষম্য আৰু অন্যায়ৰ দ্বাৰা প্ৰভাৱিত ক'লা নাৰীৰ সহায়ত নিয়োজিত আছিল।
১৯৮৪ চনত, লৰ্ডে পশ্চিম বাৰ্লিনৰ ফ্ৰী ইউনিভাৰ্চিটি অফ বাৰ্লিনত অতিথি অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। জাৰ্মানিত থকা সময়ছোৱাত, লৰ্ডে তৎকালীন এফ্ৰো-জাৰ্মান আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ আৰু কিছুমান ক'লা নাৰী সক্ৰিয়কৰ্মীয়ে একেলগে " এফ্ৰো-জাৰ্মান" (Afro-German)শব্দটো ১৯৮৪ চনত সৃষ্টি কৰিছিল, যিয়ে জাৰ্মানিত ক'লা আন্দোলনৰ উত্থান ঘটাইছিল।
লৰ্ডে সাহিত্যকৰ্মত ক'লা নাৰীৰ অভিজ্ঞতা, ন্যায় আৰু সমাজৰ দ্বন্দ্বমূলক গঠনৰ ওপৰত গুৰুত্ব দিয়া হয়। তেওঁৰ প্ৰথম কাব্যগ্ৰন্থ, The first Cities প্ৰকাশ হয় ১৯৬৮ চনত। তাৰ পিছত তেওঁৰ Cables to Rage(১৯৭০), From a Land where Other People Live(১৯৭৩), Coal(১৯৭৬) আৰু The Black Unicorn (১৯৭৮) আদি প্ৰকাশিত হয়।
লৰ্ডে ১৯৬২ চনত আইনজীবী এডৱিন ৰ'লিনছৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল, আৰু তেওঁলোকৰ দুজন সন্তান আছিল। তেওঁলোক ১৯৭০ চনত বিবাহ বিচ্ছেদ কৰে। ১৯৯২ চনৰ ১৭ নৱেম্বৰ তাৰিখে, লৰ্ডে ছেইণ্ট ক্ৰ'ইছ, ইউ. এছ. ভাৰ্জিন আইলেণ্ডছত লিভাৰ কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে।[8] মৃত্যুৰ সময়ত, তেওঁ গ্ল'ৰিয়া জ'ছেফ নামৰ এগৰাকী মহিলাৰ সৈতে বাস কৰিছিল।
লৰ্ডে তেওঁৰ জীৱন আৰু সৃষ্টিশীল প্ৰতিভা বিবিধ অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামত উৎসৰ্গা কৰিছিল, আৰু তেওঁৰ কামসমূহ নাগৰিক অধিকাৰ, নাৰীবাদ, সমকামিতা, ৰোগ, অক্ষমতা, আৰু ক'লা নাৰীৰ পৰিচয়ৰ অনুসন্ধানৰ সৈতে জড়িত বিষয়ত কেন্দ্ৰীভূত আছিল।