অড্ৰী হেপ্বাৰ্ন | |
---|---|
![]() ১৯৬৬ চনত হেপ্বাৰ্ন | |
জন্ম | অড্ৰী কেথ্লীন ৰুষ্টন ০৪ মে', ১৯২৯ ইক্ছেল, ব্ৰুছেল, বেলজিয়াম |
মৃত্যু | ২০ জানুৱাৰী, ১৯৯৩ (৬৩ বছৰ) ট'ল'চেনাজ, ভড, চুইজাৰলেণ্ড |
মৃত্যুৰ কাৰণ | এপেণ্ডিক্সৰ কৰ্কট ৰোগ |
সমাধিস্থল | ট'ল'চেনাজ সমাধিক্ষেত্ৰ, ট'ল'চেনাজ, ভড, চুইজাৰলেণ্ড |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ |
অন্য নাম |
|
পেচা | অভিনেত্ৰী (১৯৪৮-১৯৮৯) সমাজকৰ্মী (১৯৮৮-১৯৮২) |
সক্ৰিয় হৈ থকা সময় | ১৯৪৮-১৯৯২ |
দাম্পত্যসঙ্গী | মে'ল ফেৰাৰ (১৯৫৪-১৯৬৮) এণ্ড্ৰিয়া ড'টি (১৯৬৯-১৯৮২) |
অংশীদাৰ |
|
সন্তান | ২ |
আত্মীয়-স্বজন | আৰ্নড ভন হীম্ষ্ট্ৰা (ককাদেউতাক) |
স্বাক্ষৰ | |
![]() | |
ৱেবছাইট | |
www |
অড্ৰী হেপ্বাৰ্ন (Audrey Hepburn; জন্মতে: Audrey Kathleen Ruston; ৪ মে' ১৯২৯ – ২০ জানুৱাৰী ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু সমাজকৰ্মী আছিল। চলচ্চিত্ৰ আৰু ফেশ্বন জগতৰ প্ৰতীক বুলি গণ্য কৰা হেপ্বাৰ্ন হলিউডৰ সোণালী যুগৰ সক্ৰিয় অভিনেত্ৰী আছিল। আমেৰিকান ফিল্ম ইন্ষ্টিটিউটে তেওঁক আমেৰিকান বোলছবিৰ ইতিহাসৰ মহানতম অভিনেত্ৰীৰ তালিকাত তৃতীয় স্থান দিছিল আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় সুন্দৰ পোছাকধাৰী লোকৰ হল্ অৱ ফে'মতো স্থান পাইছিল। তেওঁক বহুতে সৰ্বকালৰ সকলোতকৈ ধুনীয়া মহিলা আখ্যা দিয়ে।[1][2][3][4]
ব্ৰুছেলৰ এখন জিলা ইক্ছেলত জন্মলাভ কৰি হেপ্বাৰ্নে তেওঁৰ শৈশৱকাল বেলজিয়াম, ইংলেণ্ড আৰু নেডাৰলেণ্ড্ছৰ লগতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান অধিকৃত আৰ্নহেমতো অতিবাহিত কৰিছিল। তেওঁ আম্ষ্টাৰডামত ছ'নিয়া গেস্কেলৰ অধীনত বেলে নৃত্য শিকিছিল আৰু ১৯৪৮ চনত লণ্ডনলৈ যোৱাৰ পিছত মেৰী ৰেম্বাৰ্টৰ ওচৰত এই প্ৰশিক্ষণ অব্যাহত ৰাখিছিল। লণ্ডনত তেওঁ ৱে'ষ্ট এ'ণ্ড মিউজিকেল থিয়েটাৰ প্ৰডাক্চনত ক'ৰাছ গোৱা দলতো কাম কৰিছিল। হেপ্বাৰ্নে ইংৰাজীৰ লগতে ফৰাছী, ওলন্দাজ, ইটালীয়ান, স্পেনীছ আৰু জাৰ্মান ভাষা ক'ব পাৰিছিল।[5]
কেইবাখনো ব্ৰিটিছ বোলছবি আৰু ১৯৫১ চনৰ ব্ৰড্ৱে' নাটক Gigi-ত অভিনয় কৰাৰ পিছত হেপ্বাৰ্নে ১৯৫৩ চনত Roman Holiday বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰি একাডেমী বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কেইবাখনো সফল ছবি যেনে- Sabrina (১৯৫৪), The Nun's Story (১৯৫৯), Breakfast at Tiffany's (১৯৬১), Charade (১৯৬৩), My Fair Lady (১৯৬৪) and Wait Until Dark (১৯৬৭) আদিত অভিনয় কৰে যাৰ বাবে তেওঁ একাডেমী বঁটা, বাফ্টা আৰু গ'ল্ডেন গ্ল'বৰ মনোনয়ন লাভ কৰে। Roman Holiday বোলছবিত অভিনয়েৰে একেটা চৰিত্ৰৰ বাবে ১৯৫৪ চনত অস্কাৰ, গ'ল্ডেন গ্ল'ব আৰু বাফ্টা বঁটা লাভ কৰা তেওঁ প্ৰথম অভিনেত্ৰী আছিল। একে বৰ্ষতে Ondine-ত অভিনয়েৰে তেওঁ নাটকৰ শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ টনী বঁটা লাভ কৰে। একাডেমী, এমী, গ্ৰেমী আৰু টনী বঁটা লাভ কৰা মাত্ৰ কেইগৰাকীমান ব্যক্তিৰ ভিতৰত হেপ্বাৰ্নো এগৰাকী। তেওঁ মুখ্য ভূমিকাত শ্ৰেষ্ঠ ব্ৰিটিছ অভিনেত্ৰীৰ বাফ্টা বঁটা অভিলেখসংখ্যক তিনিবাৰ লাভ কৰিছিল।
বয়স ভাটি দিয়াৰ লগে লগে হেপ্বাৰ্নে বোলছবিৰ সংখ্যা কমাই ইউনিচেফৰ কামত বেছিকৈ মনোনিবেশ কৰে। ১৯৫৪ চনৰে পৰা সংস্থাটোৰ লগত জড়িত থাকিলেও ১৯৮৮ৰ পৰা ১৯৯২ চনলৈ তেওঁ আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াৰ পিছপৰা জনগোষ্ঠীৰ সহায়ত ব্যস্থ থাকে। ১৯৯২ চনত ইউনিচেফ গুড্ৱিল এম্বেচেদৰ হিচাপে তেওঁৰ অৱদানৰ স্বীকৃতিৰূপে তেওঁক Presidential Medal of Freedom প্ৰদান কৰা হয়। তাৰ এমাহ পিছত ৬৩ বছৰ বয়সত এপেণ্ডিক্সৰ কৰ্কট ৰোগত ভুগি চুইজাৰলেণ্ডৰ নিজা ঘৰত হেপ্বাৰ্নৰ মৃত্যু হয়।[6][7][8]