অণুগল্প (ইংৰাজী: Flash fiction) হৈছে অতি সংক্ষিপ্তভাৱে বৰ্ণনা কৰা সাহিত্য কৰ্ম।[1] সাধাৰণতে ই মূল ঘটনা বা কাহিনীৰ লগত অংগাংগীভাৱে জড়িত হৈ থাকে, কিন্তু কেতিয়াবা ই মূলৰপৰা শিথিল হৈ আঁতৰি যোৱাও দেখা যায়। অনুকাহিনী স্বয়ংসম্পূৰ্ণ কাহিনী নহয়; ই কাহিনীৰ মাজৰে কাহিনী। উদাহৰণস্বৰূপে শ্বেক্ছপীয়েৰৰ ‘The Merchant of Venice’ নাটকৰ আঙুঠি সলোৱা কাহিনীটো (the ring episode) এটা অনুকাহিনী।[2] কেইটামান উল্লেখযোগ্য অণুগল্প হৈছে: ছিক্স-ৱৰ্ড ষ্ট'ৰি,[3] ১৪০-কেৰেক্টাৰছ্ ষ্ট'ৰিজ, যিবোৰক টুইটাৰেচাৰ বুলিও জনা যায়,[4] দ্যা ড্ৰিব্বল (৫০টা শব্দ),[3] দ্যা ড্ৰাব্বল (১০০ শব্দ),[3] আৰু ছাডেন ফিক্সন (৭৫০ শব্দ)।[5] কিছুমানৰ মতে অণুগল্পৰ এক অনন্য সাহিত্যিক বৈশিষ্ট্য আছে, যেনে- কোনো ইংগিত অথবা বিস্তৃত কাহিনীৰ কম শব্দেৰে প্ৰকাশ কৰাৰ সক্ষমতা।[6][7] ইংৰাজী ভাষাতো অণুগল্পক Flash Fiction বোলাৰ উপৰি আন আন বিভিন্ন নামেৰে জনা যায়; যেনে, Micro Fiction, Five Minute of Short Story, Short Short Story আদি। হিন্দী ভাষাত অনুগল্পক “লঘুকথা’’ বোলা হয়। অসমীয়াত বহুতে ’কণ কথা’ বোলাৰ প্ৰয়াস কৰিছে যদিও অণুগল্প নামটোৱেই জনপ্ৰিয়। ’অণু’ শব্দৰ অৰ্থ ক্ষুদ্ৰ। ক্ষুদ্ৰ হ’লেও ইয়াৰ স্বাধীন অস্তিত্ব আছে। সাম্প্ৰতিক কালত অণুগল্পৰ জনপ্ৰিয়তালৈ চাই গ্ৰেট ব্ৰিটেইনৰ সাহিত্য জগতত Flash Fiction Day পালন কৰা হয়। নিউজিলেণ্ডতো ’জাতীয় অণুগল্প দিৱস’ পালন কৰা হয়। Henry Lawsonএ অণুগল্পৰ সংজ্ঞা দি কৈছে, A sketch story or sketch, is a piece of writing that is generally shorter than a short story, and contains very little, if any, plot.[8]
অণু সাহিত্যত নিদৰ্শন প্ৰাচীন কালৰ সাহিত্যত পোৱা যায়, যেনে পশ্চিমৰ ঈছপৰ সাধু আৰু ভাৰতৰ পঞ্চতন্ত্ৰৰ সাধু আৰু জাতকৰ সাধু। আধুনিক যুগত চাদি, এণ্টন চেকভ, অ' হেনৰী, ফ্ৰান্জ কাফ্কা, আৰ্নেষ্ট হেমিংৱে, আৰ্থাৰ চি ক্লাৰ্ক, জুলিঅ' কৰ্টাজাৰ, জন কেজ আদিয়ে এনে সাহিত্য ৰচনা কৰিছে।
অণুগল্প বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। যেনে: বিষয়ভিত্তিক, শৈলীভিত্তিক, ভাবভিত্তিক, আধিভৌতিক, অতীন্দ্ৰিয়, বিজ্ঞানভিত্তিক, প্ৰকৃতিবিষয়ক, দেশপ্ৰেমমূলক, হাস্যৰসাত্মক আদি।[9]
অন্যান্য সাহিত্যৰ দৰে অণুগল্পৰো কিছুমান বৈশিষ্ট্য লক্ষ্য কৰা যায়। প্ৰথমতে, অণুগল্পৰ আকাৰ সৰু। ৰূপকৰ মাধ্যমেৰে অণুগল্পৰ কথনীয় বিষয় তুলি ধৰা হয়। দ্বিতীয়তে, অণুগল্পত দুটা বা তিনিটা অনুচ্ছেদ বা বাক্য থাকিব পাৰে। প্ৰথম দুটা অংশত বিষয়বস্তু উপস্থাপন আৰু তৃতীয় অংশত সিদ্ধান্ত তুলি ধৰা হয়। তৃতীয়তে, অণুগল্পৰ আৰম্ভণি অংশ সহজ-সৰলভাবে বৰ্ণনা কৰিলেও শেষৰ অংশত বলিষ্ঠ জীৱনবোধ থাকিব লাগে। চতুৰ্থতে, এখন উপন্যাস বা এটি গল্পৰ মাজত বহুকেইটা অণুগল্প থাকিব পাৰে যদিও অণুগল্পৰ মাজত উপন্যাস বা গল্পৰ চৰিত্ৰ নাথাকে। পঞ্চমতে, অণুগল্প আকাৰত সৰু হ’লেও তাৰ বক্তব্য বিষয় তাৎপৰ্যপূৰ্ণ আৰু অৰ্থ বিস্তৃত হয়। ষষ্ঠ, অণুগল্পৰ বাক্য কবিতাৰ দৰে শক্তিশালী, দৃঢ় আৰু অলংকাৰযুক্ত। সপ্তম, অণুগল্পই গল্পৰ চৰিত্ৰ। উপমা আৰু উপমাৰে অণুগল্প ৰচিত হয়। অষ্টম, অণুগল্পত বিনোদনতকৈ বৌদ্ধিক চিন্তাৰ বেছি প্ৰয়োগ কৰা হয়। নৱম, অণুগল্পত নীতিকথা সোমাই থাকে।[10] অণুগল্পৰ আকাৰ ১০০ শব্দৰ পৰা এহেজাৰ শব্দৰ ভিতৰত হ’ব লাগে বুলি আজিকালিৰ সমালোচকসকলে মন্তব্য কৰিছে।[11]