অতনু দাস | ||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||||||||
জন্ম | ৫ এপ্ৰিল, ১৯৯২ (৩৩ বছৰ) পশ্চিমবংগ, ভাৰত | |||||||||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||||||||
ক্ৰীড়া | আৰ্চাৰী | |||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
অতনু দাস (ইংৰাজী: Atanu Das; জন্ম: ৫ এপ্ৰিল ১৯৯২) হৈছে এজন ভাৰতীয় ধনুৰ্বিদ।[1] তেওঁ আৰ্চাৰীৰ ল'ৰাৰ একক, দলগত ৰিকাৰ্ভ আৰু মিশ্ৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০০৮ চনত প্ৰথম আন্তৰ্জাতিক খেলত অংশগ্ৰহণ কৰিছিল।[2] বৰ্তমান বিশ্ব আৰ্চাৰীত তেওঁৰ ২২ তম স্থান দখল কৰি আছে।[3] ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে।[4]
২০১৩ চনত কলম্বিয়াত অনুষ্ঠিত বিশ্বকাপ মিশ্ৰ দল ইভেণ্টত অতনুৱে দীপিকা কুমাৰীৰ লগত এটি ব্ৰঞ্জ পদক পাইছিল। বৰ্তমান তেওঁ কলিকতাস্থিত ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি কৰে।[5]
অতনু ভাৰতৰ এজন আশাপ্ৰদ প্ৰতিভা, তেওঁ মাত্ৰ ১৪ বছৰ বয়সৰ পৰাই ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। ২০০৮ চনত তেওঁ টাটা আৰ্চিৰী একাডেমিত ভৰ্ত্তি হয় আৰু তাত তেওঁক কোৰিয়ান প্ৰশিক্ষক লিম চাই উঙে প্ৰশিক্ষণ প্ৰদান কৰিছিল।