অদাহ্য | |
---|---|
![]() চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট | |
পৰিচালক | সান্ত্বনা বৰদলৈ |
প্ৰযোজক | ডা° সান্ত্বনা বৰদলৈ |
অভিনয়ত | টম আল্টাৰ তৃষ্ণা শইকীয়া |
চিত্ৰগ্ৰহণকাৰী | মৃণাল কান্তি দাস |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | শ্বেৰ চৌধুৰী |
মুক্তি |
১৯৯৬ |
দৈৰ্ঘ্য |
৯৩ মিনিট |
দেশ | ![]() |
ভাষা | অসমীয়া |
অদাহ্য (ইংৰাজী: Adajya; ভাবানুবাদ: The Flight) হৈছে অসমীয়া ভাষাত নিৰ্মিত মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত[1] সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয়।
চলচ্চিত্ৰখনৰ কাহিনী ১৯৪০ চনৰ অসমৰ পৰিস্থিতিৰ ওপৰত[2]। তিনিগৰাকী বিধৱা তিৰোতাই সেইসময়ৰ সমাজৰ নীতি নিয়মবোৰৰ মাজেদি কেনেদৰে দুৰ্বিষহ জীৱন যাপন কৰিছে সেয়া বৰ্ণনা কৰা হৈছে।
|