অনন্ত ( সংস্কৃত: अनन्त; অন্ত নোহোৱা) হৈছে এটা সংস্কৃত শব্দ। ই মূলতঃ বিষ্ণুৰ এটা উপনাম।[1]
বিষ্ণুৰ বহুকেইটা নামৰ ভিতৰত ই অন্যতম।[2] শেষনাগৰ নামো অনন্ত, যাৰ ওপৰত বিষ্ণুৱে ক্ষীৰ সাগৰত শয়ন কৰি থাকে।[3]
মহাভাৰতত অনন্ত বা শেষনাগ কাশ্যপৰ পুত্ৰ আৰু প্ৰজাপতিসকলৰ ভিতৰত এজন। তেওঁ কদ্ৰুৰ জ্যেষ্ঠ পুত্ৰ। কদ্ৰুৱে নিজৰ পুত্ৰসকলক উচ্ছৈশ্ৰৱাৰ দেহত ওলমি থাকিবলৈ কৈছিল আৰু যিসকলে তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল, তেওঁলোকক জন্মেজয়ৰ সৰ্পযজ্ঞত মৃত্যু হ'বলৈ বুলি অভিশাপ দিছিল। অনন্তক ব্ৰহ্মাই ৰক্ষা কৰিছিল আৰু পাতাললৈ গৈ নিজৰ ফণাত ব্ৰহ্মাণ্ডখন ধাৰণ কৰিবলৈ নিৰ্দেশ দিছিল। এইদৰেই তেওঁ পাতালত নাগসকলৰ ৰজা হৈছিল। অনন্তৰ কৃপাত গৰ্গই জ্যোতিৰ্বিজ্ঞান আৰু কাৰণ বিজ্ঞান (causation) আয়ত্ত কৰিবলৈ সক্ষম হৈছিল।[4]
আখ্যান অনুসৰি কল্পৰ শেষত ৰুদ্ৰ অনন্তৰ মুখৰ পৰা নিৰ্গত হৈ ত্ৰিলোকক গ্ৰাস কৰিব।[4]
অনন্ত ব্ৰহ্মা, শিৱ, স্কন্দ, কৃষ্ণ, বলৰাম আৰু পৃথিৱীৰ এক উপনাম।[5]
বেদান্তৰ মতে অনাদি (আৰম্ভণিহীন) অনন্ত (অন্তহীন) অখণ্ড (অখণ্ড) সচিদানন্দ (সত্তা-চেতনা-আনন্দ) বাক্যাংশত ব্যৱহৃত অনন্ত শব্দটোৱে অন্তহীন, একক অদ্বিতীয় বাস্তৱতাক বুজায়।[6]
ই ব্ৰহ্মক[7] বুজায় যি হৈছে মহাশূন্যত সাকাৰ হৈ পৰা ছয় বৈশিষ্ট্যৰ (বাকীকেইটা হ'ল প্ৰজ্ঞা, প্ৰিয়ম, সত্যম, অনন্ত, আনন্দ আৰু স্থিতি) অন্যতম। [8]
ব্ৰহ্মৰ কোনো প্ৰাৰম্ভিক কাৰণ নাই আৰু ইয়াক অনাদিকাৰণ বুলি জনা যায়। অৰ্থাৎ ব্ৰহ্মৰ কোনো বস্তুগত কাৰণ নাই আৰু ই কোনো বস্তুৰ বস্তুগত কাৰণ নহয়।[9] অনন্ত হৈছে অসীম স্থান[10] আৰু এই অসীম স্থানেই ব্ৰহ্ম।
যোগৰ মতে অনন্ত হৈছে অসীমৰ সৰ্প যি শিৱই পাৰ্বতীক প্ৰদান কৰা গোপন শিক্ষা শ্ৰৱণ কৰিছিল। সেই গোপন শিক্ষা আছিল যোগ। ধৰা পৰাৰ লগে লগে অনন্তক শিৱই সেই শিক্ষা মানুহক প্ৰদান কৰিবলৈ শাস্তি দিয়ে যাৰ বাবে অনন্তই মানৱ ৰূপ ধাৰণ কৰে আৰু তেওঁক পতঞ্জলি বুলি কোৱা হয়।[11] যোগসূত্ৰত পতঞ্জলিয়ে উশাহ-নিশাহৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছ। উশাহ-নিশাহৰ প্ৰচেষ্টাক ২.৪৭ নং সূত্ৰত অনন্ত শব্দটোৱে আলোকপাত কৰিছে।[12]
২৪গৰাকী জৈন তীৰ্থংকৰৰ ভিতৰত চতুৰ্দশগৰাকী অনন্ত বা অনন্ত নাথ নামেৰে জনাজাত। [13]