অনন্যা চট্টোপাধ্যায় | |
---|---|
![]() ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ পৰা অনন্যা চট্টোপাধ্যায়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৫৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰিছে, ২২ অক্টোবৰ ২০১০ [1] | |
জন্ম | অনন্যা চট্টোপাধ্যায় ১৬ জানুৱাৰী, ১৯৭৭ (৪৮ বছৰ) কলকাতা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান |
|
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০০ চনৰ পৰা বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | ৰাজ বন্দোপাধ্যায়[2] |
অনন্যা চট্টোপাধ্যায় (ইংৰাজী: Ananya Chatterjee ; জন্ম ১৬ জানুৱাৰী ১৯৭৭) এগৰাকী বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী।[3] ঋতুপৰ্ণ ঘোষ পৰিচালিত বঙালী ছবি আবহমানৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।[4] এগৰাকী টেলিভিচনৰ অভিনেত্ৰী ৰূপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। অঞ্জন দত্তৰ তিনিখন ধাৰাবাহিককে ধৰি তেওঁ বহুতো টেলিভিচন ধাৰাবাহিকত অভিনয় কৰিছে।[5]
১৯৭৬ চনত তেওঁৰ কলকাতাত জন্ম হয় আৰু ডাঙৰ-দীঘলো হয় কলকাতাতে। জি.ডি. বিৰলা চেণ্টাৰ ফৰ এডুকেচনত তেওঁ পঢ়া-শুনা কৰে আৰু ১৯৯৪ চনত দশম শ্ৰেণীৰ পৰীক্ষা উত্তীৰ্ণ হয়। কলকাতা বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত যোগমায়া দেৱী কলেজত তেওঁ অনুজীৱবিদ্যা অধ্যয়ন কৰে।[6]
চট্টোপাধ্যায়ে মমতা শঙ্কৰৰ নৃত্য প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আছিল। তাত নৃত্যশিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে তেওঁ টেলিভিচন ধাৰাবাহিক দিন প্ৰতিদিনত অভিনয়ৰ সুযোগ পায় আৰু তেনেকৈয়ে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি হয়। ধাৰাবাহিকখনত তেওঁ ৰুদ্ৰনীল ঘোষৰ বিপৰীতে অভিনয় কৰিছিল। তেওঁ ‘তিথিৰ অতিথি’, ‘আলেয়া’ আৰু ‘অনন্যা’কে ধৰি কেইখনমান টিভি নাটকতো ভূমুকি মাৰে।[6] অভিনয়ৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নথকা সত্বেও তেওঁৰ কাম-কাজ দৰ্শকে গ্ৰহণ কৰে আৰু তেওঁ এটা ঘৰুৱা নাম হৈ পৰে।[6] কমদিনৰ ভিতৰতে অঞ্জন দত্তৰ তিনিখন ধাৰাবাহিক- ‘জন জনী জনাৰ্দন’, ‘এক দিন দাৰ্জিলিং’ আৰু ‘আমাৰ বাবা’ত তেওঁক দেখা যায়। অঞ্জন দত্তৰ বোমকেশ বক্সি থ্ৰীলাৰ ‘আদিম ৰিপু’তো তেওঁ অভিনয় কৰে।[7]
তেওঁ চলচ্চিত্ৰাভিনয় আৰম্ভ কৰে বাসু চেটাৰ্জীৰ বঙালী ছবি ‘টক ঝাল মিষ্টি’ৰে (২০০২)। ইয়াৰ পিছত অভিনয় কৰে শৰণ দত্তৰ থ্ৰীলাৰ ছবি ‘ৰাত বাৰটা পাঁচ’ত (২০০৫)[5] ২০০৬ ত কমেডী ‘আমৰা’ত অভিনয় কৰাৰ পিছত তেওঁৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ ছবি ‘প্ৰভু নষ্ট হয়ে যায়’। অগ্নিদেৱ চেটাৰ্জীৰ প্ৰথম পৰিচালিত এই ছবিখন কলকাতা চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল।[8]
২০০৯ চনত তেওঁ সুমন ঘোষৰ ‘দ্বন্দ’ ছবিত প্ৰবীণ অভিনেতা সৌমিত্ৰ চেটাৰ্জী বিপৰীতে অভিনয় কৰি নিজৰ স্থিতি বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। একে বছৰতে অনুপ সেনগুপ্তৰ ‘মামা ভাগনে’ত অনন্যা চট্টোপাধ্যায়ই কৰা কামত "তাৰকীয়" ৰূপে পৰ্যালোচিত হৈছে।[9][10] ২০১০ চনত মুক্তি পোৱা ঋতুপৰ্ণ ঘোষ পৰিচালিত ‘আবহমান’ ছবিখনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাটোৱে এগৰাকী অভিনেত্ৰী ৰূপে তেওঁক খ্যাতিমন্ত কৰি তুলিছে।[11] কমলেশ্বৰ মুখাৰ্জী পৰিচালিত ‘মেঘে ঢাকা তাৰা’ৰ তেওঁ দুৰ্গা নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছে।[12]
জনপ্ৰিয় ‘জী বাংলা চেনেল’ত সম্প্ৰচাৰিত বঙালী ধাৰাবাহিক ‘সুবৰ্ণলতা’ত তেওঁ মূল চৰিত্ৰত অভিনয় কৰিছে।[13]