অনাচাৰৰ নিষেধাজ্ঞা (ইংৰাজী: Incest taboo) হ’ল এনে এক সাংস্কৃতিক নিয়ম বা নীতি যিয়ে একেটা পৰিয়ালৰ কিছুমান সদস্যৰ মাজত, মূলতঃ তেজৰ দ্বাৰা সম্পৰ্কিত ব্যক্তিৰ মাজত যৌন সম্পৰ্ক নিষিদ্ধ কৰে। সকলো মানৱ সংস্কৃতিতে এনে নীতি-নিয়ম আছে যিয়ে উপযুক্ত বা অনুমোদিত যৌন বা বিবাহ সংগী বুলি গণ্য কৰাসকলৰ পৰা কিছুমান ঘনিষ্ঠ আত্মীয়ক বাদ দিয়ে, যাৰ ফলত এনে সম্পৰ্ক নিষিদ্ধ হৈ পৰে। কিন্তু যৌন সংগী হিচাপে কোনবোৰ তেজৰ সম্পৰ্ক অনুমোদিত আৰু কোনবোৰ নহয় সেই সম্পৰ্কে সংস্কৃতিৰ মাজত বিভিন্ন নীতি-নিয়ম বিদ্যমান। সম্পৰ্কীয় ব্যক্তিৰ মাজত যিবোৰ যৌন সম্পৰ্ক নিষেধাজ্ঞাৰ অধীনত থাকে, সেইবোৰক অনাচাৰ সম্পৰ্ক বোলা হয়।
কিছুমান সংস্কৃতিত কোনো ধৰণৰ অনুসন্ধানযোগ্য জৈৱিক সম্পৰ্ক নাথাকিলেও বংশ-সদস্যৰ মাজত যৌন সম্পৰ্ক নিষিদ্ধ কৰা হয়, আনহাতে জৈৱিক সম্পৰ্কৰ অস্তিত্ব নিৰ্বিশেষে আন বংশৰ সদস্যৰ অনুমতি দিয়া হয়। বহু সংস্কৃতিত কিছুমান বিশেষ ধৰণৰ বংশ-সদস্যৰ সম্পৰ্কক যৌন আৰু বৈবাহিক সংগী হিচাপে পছন্দ কৰা হয়, আনহাতে আন কিছুমানত এইবোৰ নিষিদ্ধ। কিছুমান সংস্কৃতিত পেহী/মামা আৰু ভতিজা/ভতিজীৰ মাজত যৌন আৰু বৈবাহিক সম্পৰ্কৰ অনুমতি দিয়া হয়। কিছুমান ক্ষেত্ৰত ভাই–ভনীৰ বিবাহৰ প্ৰথা অভিজাত শ্ৰেণীৰ মাজত প্ৰচলিত হৈ আহিছে। অভিভাৱক–সন্তান আৰু ভাই-ভনীৰ মাজত এনে সম্পৰ্ক প্ৰায় সৰ্বজনীনভাৱে নিষিদ্ধ।[1]
অনাচাৰৰ নিষেধাজ্ঞাৰ উৎপত্তি সম্পৰ্কে থকা বিতৰ্কত এটা প্ৰশ্ন উত্থাপন হয় যে, ই প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে নে লালন-পালনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। এটা ব্যাখ্যাই অনাচাৰ নিষেধাজ্ঞাক যৌন সংগীৰ প্ৰতি জৈৱিকভাৱে বিকশিত হোৱা পছন্দৰ সাংস্কৃতিক ৰূপায়ণ হিচাপে লয়, যাৰ সৈতে জিন বিনিময়ৰ সম্ভাৱনা নাই কাৰণ অন্তৰ্প্ৰজননৰ ক্ষতিকাৰক ফলাফল হ’ব পাৰে।
আটাইতকৈ বেছি প্ৰচলিত অনুমান অনুসৰি তথাকথিত ৱেষ্টাৰমাৰ্ক প্ৰভাৱে প্ৰাপ্তবয়স্কসকলক তেওঁলোকৰ সৈতে ডাঙৰ হোৱা ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ পৰা নিৰুৎসাহিত কৰে। ৱেষ্টাৰমাৰ্ক ইফেক্টৰ অস্তিত্বই কিছু অভিজ্ঞতাভিত্তিক সমৰ্থন লাভ কৰিছে।[2]
আধুনিক নৃতত্ত্বৰ বিকাশ এনে এটা সময়ত হৈছিল যেতিয়া বহুতো মানৱ সমাজ নিৰক্ষৰ আছিল, আৰু অনাচাৰৰ নিষেধাজ্ঞাৰ ওপৰত বহু গৱেষণা আইনী সংহিতা নাছিল। সেয়েহে, বিবাহ আৰু অনাচাৰ সম্পৰ্কীয় লিখিত আইন নথকা সমাজত এনে সম্পৰ্ক সংঘটিত হৈছিল। তথাপিও নৃতত্ত্ববিদসকলে বিবাহৰ প্ৰতিষ্ঠান, আৰু উপযুক্ত-অনুপযুক্ত যৌন আচৰণ সম্পৰ্কীয় নিয়মসমূহ প্ৰতিখন সমাজতে বিদ্যমান বুলি বিবেচনা কৰিছে।[3]
নৃতত্ত্ববিদসকলে সামাজিক নীতি-নিয়ম আৰু প্ৰকৃত সামাজিক আচৰণৰ মাজত পাৰ্থক্য ৰাখে; বহুতো সামাজিক তত্ত্বই দুয়োটাৰ মাজৰ পাৰ্থক্য আৰু সম্পৰ্কৰ সন্ধান কৰে। ইয়াৰ উপৰিও এই তত্ত্বসমূহত নৃতত্ত্ববিদসকলে সাধাৰণতে কেৱল ভাতৃ–ভগ্নীৰ অনাচাৰৰ প্ৰতিহে চিন্তিত, আৰু তেওঁলোকে দাবী কৰা নাই যে পৰিয়ালৰ সদস্যসকলৰ মাজত হোৱা সকলো যৌন সম্পৰ্কক নিষিদ্ধ বা আনকি সেই সমাজে অনাচাৰী বুলিও গণ্য কৰাটো বাধ্যতামূলক। এই তত্ত্বসমূহ আৰু জটিল হৈ উঠে যেতিয়া বহু সমাজত ইজনে সিজনৰ লগত বিভিন্ন ধৰণে, আৰু কেতিয়াবা দূৰৈৰ পৰা সম্পৰ্ক স্থাপন কৰা মানুহক একেলগে ভাই-ভনী হিচাপে শ্ৰেণীভুক্ত কৰা হয় তথা আন যিসকলৰ জিনীয়ভাৱে ঠিক তেনেদৰেই ঘনিষ্ঠ সম্পৰ্ক আছে তেওঁলোকক পৰিয়ালৰ সদস্য বুলি গণ্য কৰা নহয়।
তদুপৰি অনাচাৰৰ সংজ্ঞাটোৱে নিজকে যৌন সম্পৰ্কত সীমাবদ্ধ কৰি ৰাখিছে; ইয়াৰ অৰ্থ এইটো নহয় যে অন্য ধৰণৰ যৌন সংস্পৰ্শ নহয়, বা নিষিদ্ধ কৰা হয়, বা অনুমতি প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে, আৰ্কটিকৰ কিছুমান ইনুইট সমাজত আৰু পৰম্পৰাগতভাৱে বালিত মাতৃসকলে নিয়মিতভাৱে নিজৰ কেঁচুৱা পুত্ৰৰ লিংগত আঘাত কৰিছিল; এনে আচৰণক স্তনপান কৰাতকৈ বেছি যৌন গন্ধী নহয় বুলি গণ্য কৰা হৈছিল।[4][5]
ট্ৰ'ব্ৰিয়াণ্ড দ্বীপপুঞ্জৰ লোকসকলে এগৰাকী মহিলা আৰু তেওঁৰ ভাতৃৰ মাজত [6] আৰু এগৰাকী মহিলা আৰু তেওঁৰ পিতৃৰ মাজত[7] যৌন সম্পৰ্ক দুয়োটাকে নিষিদ্ধ কৰে, কিন্তু তেওঁলোকে এই নিষেধাজ্ঞাসমূহক অতি বেলেগ ধৰণে বৰ্ণনা কৰিছে: এগৰাকী মহিলা আৰু তেওঁৰ ভাতৃৰ মাজৰ সম্পৰ্ক নিষিদ্ধ শ্ৰেণীৰ ভিতৰত পৰে যদি এই সম্পৰ্ক একেটা বংশৰ সদস্যৰ মাজত গঢ় লয়, কিন্তু এগৰাকী মহিলা আৰু তেওঁৰ পিতৃৰ মাজৰ সম্পৰ্ক নিষিদ্ধ নহয়।[7] কাৰণ ট্ৰ’ব্ৰিয়াণ্ডাৰ সকল মাততান্ত্ৰিকৃ; ইয়াত সন্তান সকলক মাতৃ বংশৰ বুলি ধৰা হয়। পিতৃৰ নহয়। এইদৰে এজন পুৰুষ আৰু তেওঁৰ মাকৰ ভনীয়েক (আৰু মাকৰ ভনীয়েকৰ ছোৱালী)ৰ মাজত হোৱা যৌন সম্পৰ্ককো অনাচাৰী বুলি গণ্য কৰা হয়, কিন্তু এজন পুৰুষ আৰু তেওঁৰ পিতৃৰ ভনীয়েকৰ মাজৰ সম্পৰ্কক এনেদৰে ভবা নহয়।[8] এজন পুৰুষ আৰু তেওঁৰ পিতৃৰ ভনীয়েকৰ মাজত প্ৰায়ে ধেমেলীয়া সম্পৰ্ক থাকিব পৰে। ট্ৰ'ব্ৰিয়াণ্ড সমাজে এজন পুৰুষ আৰু তেওঁৰ পিতৃৰ ভনীয়েক বা তেওঁৰ পিতৃৰ ভনীয়েকৰ কন্যাৰ সৈতে যৌন সম্পৰ্ক স্থাপন বা বিয়া কৰাবলৈ উৎসাহিত কৰে।[9]