অনিতা নায়াৰ | |
---|---|
অনিতা নায়াৰ | |
জন্ম | ২৬ জানুৱাৰী, ১৯৬৬ (৫৯ বছৰ) চোৰাণপুৰ, কেৰালা, ভাৰত |
শিক্ষা | স্নাতক (ইংৰাজী সাহিত্য) |
শিক্ষানুষ্ঠান | এন এছ এছ কলেজ, অট্টাপালম, কেৰালা ভাৰ্জিনিয়া চেণ্টাৰ ফ'ৰ দি ক্ৰিয়েটিভ আৰ্টচ্ |
পেচা | লেখক |
জনা যায় | লেডিছ কুপ, মিষ্ট্ৰেছ, লেচনচ্ ইন ফৰগেটিং, ইদ্ৰিছ: কীপাৰ অৱ দ্য লাইট |
অনিতা নায়াৰ (ইংৰাজী: Anita Nair, জন্ম: ২৬ জানুৱাৰী, ১৯৬৬) হ'ল এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ ঔপন্যাসিক।
কেৰালাৰ পালাক্কৰ জিলাৰ চোৰাণপুৰত নায়াৰৰ জন্ম হয়।[1][2] কেৰালালৈ ঘূৰি অহাৰ আগতে নায়াৰে চেন্নাইত পঢ়া-শুনা কৰিছিল আৰু চেন্নাইৰপৰাই তেওঁ ইংৰাজী ভাষা আৰু সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[3] স্বামী সুৰেশ পৰম্বাথ[4] আৰু পুত্ৰৰে[5] সৈতে অনিতা বেংগালুৰুত বাস কৰে।
নায়াৰে বেংগালুৰুৰ এটা বিজ্ঞাপন সংস্থাত সৃষ্টিশীল পৰিচালক হিচাপে কাম কৰি থাকোঁতে তেওঁৰ প্ৰথম কিতাপখন লিখিছিল, এইখন 'সত্যৰ অৱ দ্য চাবৱে' নামৰ এটি চুটি গল্পৰ সংকলন আছিল। কিতাপখন তেওঁ হৰ-আনন্দ প্ৰেছক বিক্ৰী কৰে। 'দ্য ভাৰ্জিনিয়া চেণ্টাৰ ফ'ৰ দি ক্ৰিয়েটিভ আৰ্টচ্'ৰপৰা এই কিতাপখনৰ বাবে তেওঁ এটা বৃত্তি লাভ কৰিছিল।
নায়াৰৰ দ্বিতীয় কিতাপখন পেঙ্গুইন ইণ্ডিয়াই প্ৰকাশ কৰিছে, আৰু এই কিতাপখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'পিকাড'ই প্ৰকাশ কৰা এজন ভাৰতীয় লেখকৰ প্ৰথমখন কিতাপ। নায়াৰ কল্পকাহিনী আৰু কবিতাৰ এজন সৰ্বাধিক কিতাপ বিক্ৰী হোৱা লেখক। তেওঁৰ উপন্যাস 'দ্য বেটাৰ মেন' আৰু 'লেডিজ কুপ' ২১টা ভাষালৈ অনুবাদ কৰা হৈছে। নায়াৰৰ প্ৰাৰম্ভিক বাণিজ্যিক কামবোৰৰ ভিতৰত তেওঁ ১৯৯০ চনত, বছৰৰ শেষৰ ফালে বেংগালুৰুৰ মাহেকীয়া আলোচনী (বৰ্তমান "জিৰ' এইট জিৰ'" আলোচনী বুলি কোৱা হয়) বাবে লিখা লেখাবোৰ আছিল, যি এক্সপ্লেচিটিৰ দ্বাৰা 'দি ইকোনমিকেল এপিচুৰীয়ান' শীৰ্ষক এটা স্তম্ভত প্ৰকাশ পাইছিল।[6][7]
ইয়াৰ পিছত নায়াৰৰ উপন্যাস 'দ্য বেটাৰ মেন' (২০২০) প্ৰকাশ পায়। উপন্যাসখন একেসময়তে ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো প্ৰকাশ হৈছিল। ২০০২ চনত, 'মালাবাৰ মাইণ্ড' কবিতা সংকলন আৰু ২০০৩ চনত কেৰালা বিষয়ক সম্পাদিত লিখা 'হোৱেৰ দ্য ৰেইন ইজ বৰ্ণ' প্ৰকাশ পায়। ২০০১ চনত লিখা অনিতা নায়াৰৰ দ্বিতীয়খন উপন্যাস 'লেডিজ কুপে' আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা তুৰ্কীলৈ আৰু পোলেণ্ডৰ পৰা পৰ্তুগাললৈ; ভাৰতৰ বাহিৰৰ পোন্ধৰখন দেশৰ সমালোচক আৰু পঢ়ুৱৈৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল।
'লেডিজ কুপ' ২০০২ বৰ্ষৰ ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ কিতাপৰ এখন ৰূপে পৰিগণিত হয়। কিতাপখন বিশ্বৰ পঁচিশটাতকৈও অধিক ভাষালৈ অনূদিত হৈছে। ইয়াত পুৰুষৰ আধিপত্য থকা সমাজ এখনত মহিলাৰ স্থিতিৰ বিষয়ে, যথেষ্ট অন্তৰ্দৃষ্টি, একনিষ্ঠ আৰু হাস্যৰসেৰে বৰ্ণিত হৈছে।
কেৰালা বিষয়ে লিখা নায়াৰৰ লিখাবোৰ আৰু তেওঁৰ কবিতা 'দ্য পয়েট্ৰি ইণ্ডিয়া কালেকচন' আৰু ব্ৰিটিছ পৰিষদৰ কবিতাৰ কৰ্মশালা এন্থোল'জিত অন্তৰ্ভুক্ত কৰা হৈছে। 'ডান্স অব দ্য পিক'ক'ৰ দৰে আগশাৰীৰ কবিতা এন্থোল'জিত তেওঁৰ কবিতা ১৫১জন ভাৰতীয় ইংৰাজী কবিৰ সৈতে প্ৰকাশ পাইছে।[8]
নায়াৰে লিখা আন কেইখনমান কিতাপ হ'ল; 'মিষ্ট্ৰেছ' (২০০৩), 'এডভান্সাৰছ অফ্ ননু, দ্য স্কেটিং স্কুইৰেল' (২০০৬), 'লিভিং নেক্সট ড'ৰ টু এলিজ' (২০০৭) আৰু 'মেজিকেল ইণ্ডিয়ান মিথচ্' (২০০৮)। নায়াৰৰ কামবোৰত বহুতো ভ্ৰমণ কাহিনীও অন্তৰ্ভুক্ত হৈ আছে।[9] নাইন ফেচেছ অব্ বিয়িং নামৰ নাটকখনৰ জৰিয়তে সৰ্বাধিক বিক্ৰী হোৱা লেখক অনিতা নায়াৰ এগৰাকী নাট্যকাৰ ৰূপেও পৰিচিত হৈছে। নায়াৰৰ 'মিষ্ট্ৰেছ' কিতাপখনৰপৰা ইয়াৰ কাহিনীটো লোৱা হৈছে।[10] তেওঁৰ কিতাপ 'কাট লাইক ৱণ্ড' ২০১২ চনত আৰু 'চেইন অব কাষ্টডি' ২০১৫ চনত প্ৰকাশ পায়। নায়াৰৰ অন্যান্য কামবোৰৰ ভিতৰত আছে লাইলাক হাউচ (২০১২) আৰু এলফাবেট চুপ ফ'ৰ লাভাৰচ্ (২০১৬)।
তেওঁৰ ষষ্ঠখন উপন্যাস 'ইদ্ৰিছ: কীপাৰ অৱ দ্য লাইট' এজন চোমালিয়ান ব্যৱসায়ীৰ বিষয়ে এখন ঐতিহাসিক আৰু ভৌগোলিক উপন্যাস, যি ১৬৫৯ খ্ৰীষ্টাব্দত মালৱাৰ ভ্ৰমণ কৰিছিল।[11]