অনিৰুদ্ধ | |
---|---|
![]() Anirudha, holding a sword and a shield, in the Kondamotu Vrishni heroes relief, 4th century CE.[1] | |
তথ্য | |
দাম্পত্যসঙ্গী | ঊষা |
সন্তান | বজ্ৰ |
অনিৰুদ্ধ (ইংৰাজী: Aniruddha বা Aniruddh) হ’ল শ্ৰীকৃষ্ণৰ নাতি আৰু প্ৰদ্যুম্নৰ পুত্ৰ; বাণ ৰজাৰ জীয়াৰী ঊষাৰ স্বামী। অনিৰুদ্ধৰ অৰ্থ হ’ল বাধাহীন, ৰোধহীন, অবাধ।[2]
পুৰণি কালত শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) ৰাজ্যৰ ৰজা বাণাসুৰৰ ঊষা নামেৰে এজনী পৰম ৰূপৱতী কন্যা আছিল। ঊষাৰ সখী চিত্ৰলেখাৰ মায়াৰ বলত অনিৰুদ্ধ আৰু ঊষাৰ মাজত প্ৰেম হয়। আৰু ঊষাক পাবলৈ অনিৰুদ্ধই অসম (শোণিতপুৰ) -লৈ আহে।[3]
বাণ এজন প্ৰবল শিৱভক্ত ৰজা আছিল। বাণ ৰজা প্ৰহ্লাদৰ নাতি মহাবীৰ বলিৰ পুত্ৰ আছিল। বিষ্ণুৰ বামন অৱতাৰত ছলনা কৰি বলিক পাতাললৈ পঠাই দিয়াত শিৱক তপস্যা কৰি বাণ ৰজাই শোণিতপুৰ ৰাজ্যখন পায়।[3]
বাণ ৰজাই অনিৰুদ্ধক অন্তেষপুৰত নাগ-পাশেৰে বান্ধি থয়। অনিৰুদ্ধক দ্বাৰকাত নেদেখি হুলস্থূল লগাত দেৱৰ্ষি নাৰদে গৈ অনিৰুদ্ধৰ কথা সবিশেষ জনায় আৰু ৰণ-সাজেৰে যদু-সেনা শোণিতপুৰলৈ যায়। এই যুদ্ধত বাণ ৰজাৰ পক্ষলৈ মহাদেৱে শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰে। ইয়াক হৰি-হৰ যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধত হৰ হাৰে।[3]
অনিৰুদ্ধ আছিল প্ৰদ্যুম্ন আৰু ৰুক্মৱতীৰ সন্তান। যিয়ে বাণাসুৰৰ (মহাবলীৰ পুত্ৰ) জীয়েক ঊষাক বিয়া কৰাইছিল। বাণাসুৰ আছিল শোণিতপুৰৰ (বৰ্তমানৰ তেজপুৰ) ৰজা। অনিৰুদ্ধৰ ককা আছিল ভগৱান শ্ৰীকৃষ্ণ আৰু আইতা দেৱী ৰুক্মিণী।[4] অনিৰুদ্ধৰ সন্তান আছিল বজ্ৰ (বা বজ্ৰনাভ)। শিৱ পুৰণাৰ মতে, ঊষা আৰু অনিৰুদ্ধ পৰৱৰ্তী জীৱনত বেউলা আৰু লখিন্দৰ ৰূপে পুনৰজন্ম লৈছিল আৰু ইজনে সিজনক পুনৰ বিবাহ কৰিছিল।[5]