অনুসূচীত জাতি[2] (Scheduled Caste, চমুকৈ SC) আৰু অনুসূচীত জনজাতি (Scheduled Tribe, চমুকৈ ST) হৈছে ঐতিহাসিকভাৱে সুবিধা-বঞ্চিত ভাৰতৰ কিছু জনগোষ্ঠীক দিয়া অনুষ্ঠানিক অভিধা। এই দুই অভিধা ভাৰতৰ সংবিধানে স্বীকৃতি দিয়ে আৰু নৃগোষ্ঠীসমূহক এটি বা আনটো বিভাগত অভিহিত কৰা হয়। ভাৰতীয় উপমহাদেশত ব্ৰিটিছ শাসনৰ অধিকাংশ সময়ত এনে জনগোষ্ঠীসকলক হতাশাগ্ৰস্ত শ্ৰেণী হিচাপে অভিহিত কৰা হৈছিল।
বৰ্তমান কালত অনুসূচীত জাতিৰ লোকসকলক কেতিয়াবা 'দলিত' নামেৰে অভিহিত কৰা হয়, যাৰ অৰ্থ সংস্কৃত ভাষাত "ভগ্ন" বা "ছেদেলিভেদেলি"। অৰ্থনীতিবিদ, সংস্কাৰক তথা ভাৰতৰ সংবিধানৰ প্ৰণেতা বি আৰ আম্বেদকাৰে দলিত শব্দটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰে আৰু তেওঁ নিজেই এজন দলিত আছিল। আম্বেদকাৰে মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰা 'হৰিজন' (যাৰ অৰ্থ হৰি বা বিষ্ণুৰ ব্যক্তি বা ঈশ্বৰৰ মানুহ) শব্দৰ সলনি দলিত শব্দটোৰ ব্যৱহাৰক প্ৰাধান্য দিছিল। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত চৰকাৰে সকলো ব্যক্তিগত টেলিভিছন চেনেলসমূহক 'দলিত' শব্দটোৰ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ জাৰি কৰে, পিছে মানৱ অধিকাৰৰ সংস্থাসমূহে আৰু বুদ্ধিজীৱিসকলে 'দলিত' শব্দৰ জনপ্ৰিয় ব্যৱহাৰৰ কোনো পৰিৱৰ্তন অনাৰ বিৰোধিতা কৰে।[3]
সংবিধান (অনুসূচীত জাতি) আদেশ, ১৯৫০-ৰ প্ৰথম অনুসূচীত ভাৰতৰ ২৮ খন ৰাজ্যৰ ১,১০৮ টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিছে।[4] আনহাতে, সংবিধান (অনুসূচীত জনজাতি) আদেশ, ১৯৫০-ৰ প্ৰথম অনুসূচীত ২২ খন ৰাজ্যেৰ ৭৪৪ টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিছে।[5] ভাৰতৰ স্বাধীনতাৰ পাছৰে পৰা অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকসকলক ৰাজনৈতিক প্ৰতিনিধিত্বৰ নিশ্চয়তা দিয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ভাৰতৰ সংবিধানে এনে সংৰক্ষণৰ নীতিসমূহ নিৰ্ধাৰণ কৰিছে।
২০১১ চনৰ লোকপিয়ল অনুসৰি অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসকল ভাৰতৰ জনসংখ্যাৰ ক্ৰমে প্ৰায় ১৬.৬% আৰু ৮.৬%।[6][7] ভাৰতৰ ৰাজ্যসমূহৰ জনসংখ্যাৰ শতকৰা হাৰৰ হিচাপত পঞ্জাব হৈছে সৰ্বাধিক অনুসূচীত জাতিৰ লোকৰ বাসভূমি (~৩২%), আনহাতে ভাৰতৰ দ্বীপ অঞ্চলসমূহ আৰু উত্তৰ-পূবৰ তিনিখন ৰাজ্যত কোনো অনুসূচীত জাতিৰ লোক নাই (০%)।[1] মিজোৰাম আৰু লাক্ষাদ্বীপৰ জনসংখ্যাৰ সৰ্বাধিক লোক অনুসূচীত জনজাতিৰ (~৯৫%), আনহাতে পঞ্জাব আৰু হাৰিয়ানাত কোনো অনুসূচীত জনজাতিৰ লোক নাই (০%) ।[1]