অনুসূয়া উইকে

অনুছুইয়া উইকে
১৮ নং মণিপুৰৰ ৰাজ্যপাল
কাৰ্যকাল
২৩ ফেব্ৰুৱাৰী ২০২৩ – ২৬ জুলাই ২০২৪
মুখ্যমন্ত্ৰী এন. বীৰেণ সিং
পূৰ্বসূৰী লা গণেশন
উত্তৰসূৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য (অতিৰিক্ত চাৰ্জ)
৬ষ্ঠ ছত্তীশগড়ৰ ৰাজ্যপাল
কাৰ্যকাল
২৯ জুলাই ২০১৯ – ২২ ফেব্ৰুৱাৰী ২০২৩
মুখ্যমন্ত্ৰী ভূপেশ বাঘেল
পূৰ্বসূৰী আনন্দিবেন পেটেল
উত্তৰসূৰী বি. হৰিচন্দন
মধ্যপ্ৰদেশ বিধানসভা
কাৰ্যকাল
১৯৮৫ চন – ১৯৯০ চন
সমষ্টি ডামুৱা
ব্যক্তিগত তথ্য
জন্ম ১০ এপ্ৰিল, ১৯৫৭ (৬৮ বছৰ)
ছিন্দোৱাৰা, মধ্যপ্ৰদেশ, ভাৰত
নাগৰিকত্ব ভাৰতীয়
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
বাসস্থান ৰাজ ভৱন, ইম্ফল
শিক্ষানুষ্ঠান এম.এ.(অৰ্থনীতি), এল.এল.বি.
জীৱিকা কৃষক আৰু সমাজকৰ্মী

অনুসূয়া উইকে (ইংৰাজী: Anusuiya Uikey, জন্ম-১০ এপ্ৰিল ১৯৫৭) এগৰাকী ৰাজনীতিবিদ যি পূৰ্বতে মণিপুৰৰ ৰাজ্যপাল (২০২৩-২০২৪ চনত) হিচাপে কৰ্মনিৰ্বাহ কৰিছিল৷ তেওঁ ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৫ চনৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে দমুৱাৰ পৰা মধ্যপ্ৰদেশ বিধানসভালৈ তেওঁ নিৰ্বাচিত হৈছিল। অৰ্জুন সিং কেবিনেটত তেওঁ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী হৈছিল। ১৯৯৮ চনৰ ভিতৰত তেওঁ বিজেপিলৈ গৈছিল আৰু ১৯৯৮ চনৰ বিধানসভা নিৰ্বাচনত ডামুৱাৰ পৰা বিজেপিৰ পৰাজিত প্ৰাৰ্থী আছিল।[1] ২০০৬ চনত তেওঁ মধ্য প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সদস্য হয়।.[2][3][4][5]

২০১৯ চনৰ ১৬ জুলাইৰ পৰা ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীলৈ ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত মণিপুৰৰ ৰাজ্যপাল হিচাপে তেওঁ নিযুক্তি লাভ কৰে।.[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Madhya Pradesh Assembly Election Results in 1998". https://www.elections.in/madhya-pradesh/assembly-constituencies/1998-election-results.html. 
  2. "Senior tribal BJP leader Anusuiya Uikey appointed as Chhattisgarh Governor" (en-IN ভাষাত). India Today. https://www.indiatoday.in/india/story/senior-tribal-bjp-leader-anusuiya-uike-appointed-as-chhattisgarh-governor-1570194-2019-07-17। আহৰণ কৰা হৈছে: 11 May 2020. 
  3. "Anusuiya Uikey Is The New Governor Of Chattisgarh" (en-IN ভাষাত). Shethepeople.. https://www.shethepeople.tv/news/chhattisgarh-governor-anusuiya-uikey। আহৰণ কৰা হৈছে: 11 May 2020. 
  4. "Anusuiya Uikey appointed new governor of Chhattisgarh" (en-IN ভাষাত). Deccan Herald. 29 July 2019. https://www.deccanherald.com/national/anusuiya-uikey-appointed-new-governor-of-chhattisgarh-750533.html। আহৰণ কৰা হৈছে: 11 May 2020. 
  5. "Profile on Rajya Sabha" (en-IN ভাষাত). Rajya Sabha. https://rajyasabha.nic.in/rsnew/member_site/Main.aspx। আহৰণ কৰা হৈছে: 11 May 2020. 
  6. "Anysuya Uikey is new Chhattisgarh governor, Harishchandran to take charge of Andhra Pradesh" (en-IN ভাষাত). The Indian Express. 2019-07-16. https://indianexpress.com/article/india/anysuya-uikey-appointed-chhattisgarh-governor-biswa-bhusan-harishchandran-as-governor-of-chhattisgrah-5832639/। আহৰণ কৰা হৈছে: 2019-07-16.