অনুৰাগ শইকীয়া | |
---|---|
জন্ম | মৰাণ, অসম, ভাৰত |
সংগীতৰ প্ৰকাৰ | চলচ্চিত্ৰ সংগীত |
পেচা | সংগীত পৰিচালক, আৱহ সংগীত, গায়ক |
বাদ্যযন্ত্ৰ | কিবৰ্ড, চিন্থেচাইজাৰ আৰু পিয়ান' |
অনুৰাগ শইকীয়া এজন ভাৰতীয় সংগীত পৰিচালক, চলচ্চিত্ৰ সংগীতৰ সুৰকাৰ আৰু বাদ্যযন্ত্ৰী। অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণত তেওঁৰ জন্ম হৈছিল।[1][2] তেওঁ "যুগদ্ৰষ্টা (চলচ্চিত্ৰ)" নামৰ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ ৰজত কমল বঁটা লাভ কৰে।[3][4]
তেওঁৰ মাতৃ দীপালী শইকীয়া ৰেডিঅ’ৰ এগৰাকী সৰ্বভাৰতীয় শিল্পী তথা শিক্ষয়িত্ৰী আৰু তেওঁৰ পিতৃ ড° অনিল শইকীয়া এজন শিক্ষাবিদ। অসমৰ লোকসংস্কৃতি আৰু সংগীতৰ সংৰক্ষণ আৰু জনপ্ৰিয়কৰণৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে ২০১১ চনৰ ২৭ ডিচেম্বৰত ড° অনিল শইকীয়াক প্ৰতিমা বৰুৱা পাণ্ডে স্মৃতি বঁটা প্ৰদান কৰা হৈছিল।[5][6]
কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত অনুৰাগে চেন্নাইৰ স্বৰ্ণভূমি একাডেমী অৱ মিউজিক(SAM)ত নামভৰ্তি কৰে।[5][7] তেওঁ সংগীত ৰচনা কৰা এখন শেহতীয়া চিনেমা হৈছে থপ্পড়। তেওঁ চনু নিগম, অৰিজিৎ সিং আদি বহু জনপ্ৰিয় শিল্পীৰ সৈতে কাম কৰিছে।[8][9]
বৰগীতক সু-সংগতিপূৰ্ণভাৱে কেইবাজনো শিল্পীৰ সৈতে নতুন ৰূপত(symphonic orchestra) সজোৱাৰ বাবে শইকীয়া সু-পৰিচিত।[10]
বঁটা | শিতান | চলচ্চিত্ৰ | সংগীত | ফলাফল | |
---|---|---|---|---|---|
৬১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক (Non-Feature Film) | যুগদ্ৰষ্টা | বিজয়ী | ||
বিগ সংগীত বঁটা,২০১০ | শ্ৰেষ্ঠ সংগীত পৰিচালক | টুপ টুপ | বিজয়ী | ||
স্বৰ্ণভূমি একাডেমী অৱ মিউজিক | ছাত্ৰ ব্ৰেণ্ড এম্বেছাদৰ | বিজয়ী | |||
প্ৰাগ চিনে বঁটা, ২০১৩ | শ্ৰেষ্ঠ সংগীত পৰিচালক | চিনিয়ৰ | বিজয়ী | ||
প্ৰাগ চিনে বঁটা ২০১৭ | শ্ৰেষ্ঠ সংগীত পৰিচালক | মাজ ৰাতি কেতেকী | বিজয়ী | ||
শৈলধৰ বৰুৱা বঁটা ২০১৭ | শ্ৰেষ্ঠ সংগীত পৰিচালক | দিকচৌ বনত পলাশ | বিজয়ী | ||
শ্বেৰ চৌধুৰী এক্সিলেঞ্চ এৱাৰ্ড ২০১৭ | শ্ৰেষ্ঠ সংগীত পৰিচালক | মাজ ৰাতি কেতেকী | বিজয়ী | ||
ৰেডিঅ' গপ স্বপ বঁটা ২০১৮ | শ্ৰেষ্ঠ সংগীত পৰিচালক | মাজৰাতি কেতেকী | বিজয়ী | ||
দশম মিৰ্চি মিউজিক এৱাৰ্ড | শ্ৰেষ্ঠ সংগীত | বাচ এক বাৰ | মনোনীত কৰা হৈছে | ||
নৱম মিৰ্চি সংগীত বঁটা | শ্ৰেষ্ঠ গীত প্ৰযোজক (প্ৰগ্ৰেমিং আৰু এৰেঞ্জিং) | ডংগল | "ধাকদ" | মনোনীত | |
জিঅ' ফিল্মফেয়াৰ এৱাৰ্ড (মাৰাঠী) ২০১৮ | শ্ৰেষ্ঠ পটভূমি স্ক'ৰ | মানঝা | মনোনীত কৰা হৈছে |