অনুৰাধাপুৰা
අනුරාධපුරය அனுராதபுரம் | |
---|---|
চহৰ | |
![]() কুট্টম প'কুনা | |
![]() | |
দেশ | শ্ৰীলংকা |
প্ৰান্ত | উত্তৰ কেন্দ্ৰীয় প্ৰান্ত |
জিলা | অনুৰাধাপুৰা |
স্থাপিত হৈছিল | খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত |
চৰকাৰ | |
• ধৰণ | নগৰপালিকা পৰিষদ |
কালি | |
• চহৰ |
৭১৭৯ km2 (2,772 sq mi) |
• নগৰ | ৩৬ km2 (14 sq mi) |
উচ্চতা | ৮১ মিটাৰ (২৬৬ ফুট) |
জনসংখ্যা (২০১২) | |
• চহৰ |
৫০৫৯৫ |
• ঘনত্ব | 2,314/km2 (5,990/sq mi) |
অনুৰাধাপুৰা (সিংহল: අනුරාධපුරය ; তামিল: அனுராதபுரம்) হ’ল শ্ৰীলংকাৰ এখন ঐতিহাসিক চহৰ তথা শ্ৰীলংকাৰ পুৰণি ৰাজধানী। এই চহৰখন এসময়ত অনুৰাধাপুৰা সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। বৰ্তমান অনুৰাধাপুৰা হ’ল শ্ৰীলংকাৰ এখন গুৰুত্বপূৰ্ণ চহৰ তথা পৰ্যটনস্থলী। শ্ৰীলংকা চৰকাৰে বৰ্তমান এই চহৰখনক কেন্দ্ৰ কৰি পৰ্যটন শিল্পৰ বিকাশৰ ওপৰত গুৰুত্ব দিছে।[1]
অনুৰাধাপুৰাৰ পবিত্ৰ চহৰ | |
---|---|
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
দেশ | শ্ৰীলংকা |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | ii, iii, vi |
উদ্ধৃতি | ২০০ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | এছিয়া প্ৰশান্ত |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮২ (ষষ্ঠ অধিবেশন) |
অনুৰাধাপুৰা চহৰখন উত্তৰ-মধ্য প্ৰদেশৰ অনুৰাধাপুৰা জিলাত অৱস্থিত। এই চহৰখন শ্ৰীলংকাৰ মধ্যভাগৰ মালভূমিত অৱস্থিত। সমুদ্ৰৰ সমতলৰ পৰা চহৰখনৰ উচ্চতা প্ৰায় ৮১ মিটাৰ বা ২৭০ ফুট। অনুৰাধাপুৰাৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত কলম্বো চহৰ আৰু প্ৰায় ১৮০ কিলোমিটাৰ দূৰত্বত জাফনা অৱস্থিত।
অনুৰাধাপুৰা শ্ৰীলংকাৰ এখন ঐতিহাসিক চহৰ। এই চহৰখনে শ্ৰীলংকাৰ এক সত্যতাৰ চিহ্ন বহন কৰে। এই চহৰখনক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছিল অনুৰাধাপুৰা সাম্ৰাজ্য বা অনুৰাধাপুৰা সভ্যতা। এই চহৰখনৰ আগতে আৰু দুখন সাম্ৰাজ্য গঢ় লৈ উঠিছিল। তেতিয়াৰ সেই সাম্ৰাজ্যদুখন সম্পৰ্কে আগলৈ সঠিক তথ্য পোৱা নাযায়।
জাতীয়তা | জনসংখ্যা | মুঠ জনসংখ্যাৰ শতকৰা |
---|---|---|
সিংহলী | ৫১,৭৭৫ | ৯১.৪২ |
শ্ৰীলংকীয় মূৰ্ষ | ৩,৮২৫ | ৬.৭৫ |
শ্ৰীলংকীয় তামিল | ৮৫০ | ১.৫০ |
ভাৰতীয় তামিল | ৪৫ | ০.০৪ |
অন্যান্য (বুৰঘেৰ, মালয়কে ধৰি) | ১৩৭ | ০.২৪ |
মুঠ | ৫৬,৬৩২ | ১০০ |
উৎস: www.statistics.gov.lk Archived 2017-07-13 at the Wayback Machine - জনগণনা ২০০১ ২০০১ চনৰ লোকপিয়ল অনুসৰি অনুৰাধাপুৰাৰ মুঠ জনসংখ্যা হৈছে ৫৬,৬৩২ জন। জাতিয়তা অনুসৰি অনুৰাধাপুৰাত ৯১.৪২% বা প্ৰায় ৫১ হেজাৰ সিংহলী, ৬.৭৫% বা প্ৰায় ৪ হেজাৰ শ্ৰীলংকীয় মূৰ্ষ, ১.৫০% বা ৮৫০ জন শ্ৰীলংকীয় তামিল, ০.০৪% বা প্ৰায় ৫০ জন ভাৰতীয় তামিল আৰু বুৰঘেৰ, মালয়কে ধৰি প্ৰায় ১৩০ জন বা ০.১৪% অন্যান্য লোক আছে।
এই চহৰখন বিষুৱৰেখাৰ পৰা ৮.২১ ডিগ্ৰী উত্তৰে অৱস্থিত যাৰ ফলত এই চহৰখন ক্ৰান্তীয় অঞ্চলত পৰিছে য’ত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। গ্ৰীষ্মকালত এই চহৰৰ গড় তাপমাত্ৰা ২৬ ডিগ্ৰী হয় যদিও শীতকালত তাপমাত্ৰা ২০ ডিগ্ৰীৰ তললৈ কমি যায়।
অনুৰাধাপুৰা চহৰখন পথ আৰু ৰেলসেৱা দুই মাধ্যমেৰে দেশৰ আন আন ঠাইৰ লগত যুক্ত হৈ আছে। চহৰখনত অনুৰাধাপুৰা ৰেলৱে ষ্টেচন নামৰ এটা ৰেল ষ্টেচন আছে। এই ষ্টেচনটো অনুৰাধাপুৰাৰ ৰেলৱেৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত। এই ৰেল ষ্টেচনটো কলম্বো, জাফনা ৰেল পথৰ ওপৰত অৱস্থিত।
অনুৰাধাপুৰা এখন ঐতিহাসিক চহৰ হোৱা কাৰণে প্ৰতিবছৰে অনুৰাধাপুৰালৈ বহু দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটে। অনুৰাধাপুৰাক বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰাৰ পাছৰ পৰাই চহৰখনত পৰ্যটন সংখ্যা বৃদ্ধি পাইছে।
অনুৰাধাপুৰাত ৰেলপথ আৰু ঘাইপথ উপলব্ধ। উত্তৰ ৰেলৱে লাইনে অনুৰাধাপুৰাক কলম্বো, জাফনা আৰু কংকেছনথুৰাইৰ সৈতে সংযোগ কৰিছে। প্ৰধান ৰেলৱে ষ্টেছন হৈছে অনুৰাধাপুৰা ৰেলৱে ষ্টেছন। অনুৰাধাপুৰা শ্ৰীলংকাৰ এখন কেন্দ্ৰীয় নগৰ। ই দ্বীপ ৰাষ্ট্ৰখনৰ বহুতো প্ৰধান নগৰ, আৰু চহৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযোজিত। স্থলপথেপে অনুৰাধাপুৰা ভাভুন্যা, ডাম্বুল্লা, পুট্টালাম, ত্ৰিংকোমালী, জাফানা, কুৰুংএগালা, আৰু কান্দিৰ সৈতে সংযুক্ত। পথৰ কাষৰিয়া নগৰ হিচাপে, ইয়াত থাকি অতি কম দুৰত্বতে বহু পুৰণি কীৰ্তিচিহ্ন দৰ্শনৰ সুবিধা লাভ কৰিব পাৰি।
![]() |
ৱিকিমিডিয়া কমন্সত অনুৰাধাপুৰা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
অনুৰাধাপুৰা ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
![]() |
Wikisource has the text of the 1911 Encyclopædia Britannica article Anuradhapura. |