অন্তহীন | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | অনিৰুদ্ধ ৰায়চৌধুৰী |
ৰচনা | শ্যামল সেনগুপ্ত |
প্ৰযোজক | জীৎ বেনাৰ্জী অনিৰুদ্ধ ৰায়চৌধুৰী ইন্দ্ৰানী মুখাৰ্জী কাৰ্যবাহী প্ৰযোজক- মেহা ৰুংটা |
অভিনয়ত | ৰাধিকা আপ্টে ৰাহুল বোস |
চিত্ৰগ্ৰহণকাৰী | অভিক মুখোপাধ্যায় |
সম্পাদনা | অৰ্ঘকমল মিত্ৰ |
সংগীত পৰিচালক | শান্তনু মৈত্ৰ |
পৰিবেশক | মুম্বাই মন্ত্ৰ |
মুক্তি |
২৩ জানুৱাৰী ২০০৯ |
দৈৰ্ঘ্য |
১২০ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
অন্তহীন (ইংৰাজী: Antaheen) অনিৰুদ্ধ ৰায়চৌধুৰী পৰিচালিত ২০০৯ চনৰ এখন বঙালী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ৰাধিকা আপ্টে, ৰাহুল বসু, মিতা বশিষ্ঠ, অপৰ্ণা সেন, কল্যাণ ৰায় আৰু শৰ্মিলা ঠাকুৰে।[1]
অভিক চৌধুৰী এজন সৎ আৰু সহজ-সৰল আই.পি়.এচ. বিষয়া। নিজৰ জীৱনৰ বাস্তৱিক সম্পৰ্কত নিৰাশ হৈ অনলাইনত বৃন্দা নামৰ মহিলা এগৰাকীৰ সৈতে বন্ধুত্ব কৰে। বৃন্দা এগৰাকী সতেজ আৰু তৰুণী টিভি সাংবাদিক। কিন্তু অভিক আৰু বৃন্দাই দুয়ো দুয়োৰো প্ৰকৃত নাম নাজানে। তেওঁলোক দুয়োৰো প্ৰথম দেখাদেখি এজন প্ৰ’পাৰ্টি ডিলাৰ বি.কে. মেহৰাৰ এক বিবদমান পৰিযোজনাৰ উন্মোচনৰ সময়ত হয় আৰু সংযোগবশতঃ দুয়োৰো মাজত কাজিয়াও লাগে। ৰঞ্জন আৰু পাৰমিতা দুয়ো পতি-পত্নী; কিন্তু পৃথকে পৃথকে বাস কৰে। এই দম্পতিহাল অভিক আৰু বৃন্দাক লগ লগাবলৈ আগবাঢ়ি আহে। ৰঞ্জন অভিকৰ সম্বন্ধীয় ভাতৃ আৰু পাৰমিতা বৃন্দাৰ সহকৰ্মী। এই প্ৰক্ৰিয়াত আটাইকেইজনে এজনে আনজনৰ ওচৰ চাপে আৰু উপলব্ধি কৰে যে ভালেহে প্ৰেম অতিকৈ সংবেদনশীল বিষয়, তথাপি ইযে অন্তহীন়৷[2]