অপৰাজিতা দত্ত | |
---|---|
![]() ২০০৬ ত অপৰাজিতা দত্ত | |
জন্ম | ৫ জানুৱাৰী ১৯৭০ কলকাতা, ভাৰত |
ক্ষেত্ৰ | বন্যপ্ৰাণী সংৰক্ষণ, পৰিৱশ সংৰক্ষণ, পৰিৱেশ বিজ্ঞান |
কৰ্মস্থান | প্ৰকৃতি সংৰক্ষণ ফাউণ্ডেশ্যন |
শিক্ষানুষ্ঠান | ৱাইল্ডলাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া, ডেৰাডুন |
জনা যায় | হৰ্ণবিল |
উল্লেখনীয় বঁটা | হুইটলী এৱাৰ্ড |
অপৰাজিতা দত্ত (ইংৰাজী: Aparajita Datta), ১৯৭০ চনত জন্ম গ্ৰহণ কৰা এগৰাকী ভাৰতীয় বন্যপ্ৰাণী পৰিৱেশ বিজ্ঞানী, যিয়ে প্ৰকৃতি সংৰক্ষণ ফাউণ্ডেশ্যনৰ বাবে কাম কৰে।[1] অৰুণাচল প্ৰদেশৰ ঘন গ্ৰীষ্মমণ্ডলীয় অৰণ্যত কৰা তেওঁৰ গৱেষণাই সফলতাৰে ধনেশ পক্ষীৰ ওপৰত গুৰুত্ব আৰোপ কৰি চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিছে। ২০১৩ চনত হুইটলী বঁটা লাভ কৰা আঠজন সংৰক্ষণবিদৰ ভিতৰত তেওঁ অন্যতম।[2][3] আই ইউ চি এন হৰ্ণবিল বিশেষজ্ঞ গোটৰ সহ-অধ্যক্ষও।
১৯৭০ চনৰ ৫ জানুৱাৰীত কলকাতাত জন্মগ্ৰহণ কৰা অপৰাজিতাই ১৯৭৮ চনত পৰিয়ালৰ সৈতে পিতৃয়ে একাউণ্টেণ্ট হিচাপে কাম কৰা জাম্বিয়াৰ লুছাকালৈ গুচি যায়। প্ৰকৃতিৰ প্ৰতি তেওঁৰ আগ্ৰহ লক্ষ্য কৰি লুছাকাৰ আন্তৰ্জাতিক বিদ্যালয়ৰ শিক্ষকে তেওঁক বিশেষ মনোযোগ দিলে, বিদ্যালয়খনৰ চিৰিয়াখানা ক্লাবলৈ যোগ দিয়াইছিল। আফ্ৰিকাত পাঁচ বছৰ থকাৰ পিছত পৰিয়ালটো ভাৰতলৈ উভতি আহে আৰু হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত কলকাতাৰ প্ৰেচিডেন্সি ইউনিভাৰ্চিটিত উদ্ভিদ বিজ্ঞান অধ্যয়ন কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানত যোগদান কৰে আৰু ১৯৯৩ চনত বন্যপ্ৰাণী পৰিৱেশ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বিশ্ববিদ্যালয়ত থাকোঁতে তেওঁ আন এজন বন্যপ্ৰাণী পৰিৱেশ বিজ্ঞানৰ ছাত্ৰ চাৰু দত্ত মিশ্ৰক লগ পায় আৰু ১৯৯৯ চনত তেওঁ তেওঁক বিয়া কৰায়।[3]
ইয়াৰ পিছত ভাৰতৰ পশ্চিম উপকূলৰ গুজৰাটৰ ৰাজকোটৰ সৌৰাষ্ট্ৰ বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ অধ্যয়ন আৰম্ভ কৰে ইয়াৰ তেওঁৰ থিছিছৰ কামে তেওঁক পুনৰ অৰুণাচল প্ৰদেশলৈ লৈ যায় য’ত তেওঁ পাখুই বন্যপ্ৰাণী অভয়াৰণ্যত হৰ্ণবিলৰ পৰিৱেশ বিজ্ঞানৰ অনুসন্ধান কৰি সফলতাৰে পি এইচ ডি সম্পূৰ্ণ কৰে। এই সংক্ৰান্তত তেওঁ প্ৰকাশ কৰিছে যে, ধনেশ পক্ষীক পৰিৱেশৰ বাবে অতি প্ৰয়োজনীয় ,কাৰণ ই ৮০ বিধতকৈয়ো অধিক প্ৰজাতিৰ গছৰ বীজ বিয়পাই দিয়ে, ইয়াৰে কিছুমান সম্পূৰ্ণৰূপে হৰ্ণবিলৰ ওপৰত নিৰ্ভৰশীল। তেওঁ ধনেশ পক্ষীক "বনাঞ্চলৰ কৃষক" বুলি অভিহিত কৰিছিল।[3]
২০০২ চনত দত্তই মহীশুৰুৰ চামুণ্ডি পাহাৰলৈ গুচি যায় আৰু তাৰ পৰাই তেওঁ প্ৰকৃতি সংৰক্ষণ ফাউণ্ডেশ্যন আৰু বন্যপ্ৰাণী সংৰক্ষণ সমিতিৰ ভাৰত কাৰ্যসূচীত কাম কৰিবলৈ আৰম্ভ কৰে, যাতে জনজাতীয় লোকৰ চিকাৰে হৰ্ণবিলৰ জনসংখ্যাৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে অনুসন্ধান কৰিব পাৰে। স্থানীয় চিকাৰীৰ সৈতে যোগাযোগৰ ফলস্বৰূপে তেওঁ ভাৰতত পাতৰ হৰিণ আৰু ক’লা ভুকুৱা হৰিণৰ উপস্থিতিৰ কথা প্ৰকাশ কৰে। স্বামী মিশ্ৰ আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানী মহীশূৰ দোৰেস্বামী মধুসুদনৰ সৈতে যোগ দি তেওঁ অৰুণাচল প্ৰদেশৰ হিমালয়ৰ উচ্চতালৈ অভিযান চলায় য'ত চীনৰ এটা গ'ৰাল দেখাৰ পিছত তেওঁলোকে অৰুণাচল মেকাক নামৰ নতুন প্ৰজাতিৰ বান্দৰ বিচাৰি পায়।[3]
ইয়াৰ পিছত দত্তই নামদফা ৰাষ্ট্ৰীয় উদ্যানত ভালুক, বাঘ, ক্লাউডেড নাহৰফুটুকী আৰু কস্তুৰী হৰিণকে ধৰি অৰুণাচলৰ বন্যপ্ৰাণীৰ লোকপিয়ল কৰাৰ অগ্ৰণী কামত নামি পৰে। প্ৰাক্তন স্থানীয় লিছু চিকাৰী আৰু নিছি জনজাতিৰ লোকৰ সহায় লৈও তেওঁ হৰ্ণবিলৰ অধ্যয়ন অব্যাহত ৰাখিছিল। তেখেতে তেওঁলোকৰ সন্তানৰ বাবে চিকিৎসাৰ সহায়, স্বাস্থ্যসেৱা আৰু কিণ্ডাৰগাৰ্টেনৰ ব্যৱস্থা কৰি চিকাৰ বন্ধ কৰাত সহায় কৰিছিল।[3] দত্তই নিজৰ উদ্দেশ্য বুজাই দিলে: "লিছু মানুহবোৰ আমাৰ কাষতে আছে। তেওঁলোকে মোক এনেকুৱা কথা দেখুৱাইছে আৰু কৈছে, যিবোৰ মই কেতিয়াও জনাৰ উপায় নাছিল। মই ভাবোঁ বন্যপ্ৰাণী জীৱবিজ্ঞানীসকলে প্ৰায়ে পাহৰি যায় যে, আমি স্থানীয় মানুহৰ অন্তৰ্দৃষ্টিৰ ওপৰত কিমান নিৰ্ভৰশীল। মোৰ বাবে এই অবিশ্বাস্য ঠাইখনৰ আশ্চৰ্য্যৰ এটা অংশ হ’ল লিছু লোকসকলৰ সৈতে তাত থকা, তেওঁলোকৰ সৈতে অৰণ্যৰ মুহূৰ্তবোৰ আদান-প্ৰদান কৰা।"[4]
দত্ত আৰু তেওঁৰ জীৱবিজ্ঞানীৰ দলটোৱে লিছু জনগোষ্ঠীক তেওঁলোকৰ হস্তশিল্পৰ বিপণন আৰু অঞ্চলটোৰ প্ৰকৃতি পৰ্যটনৰ আকৰ্ষণৰ বিকাশ ঘটাইও উপাৰ্জনৰ বিকল্প উৎস বিচাৰি উলিওৱাত সহায় কৰিছে।[2]
bota