অবনীত কৌৰ | |
---|---|
![]() ২০২৪ চনত অবনীত কৌৰ | |
জন্ম | ১৩ অক্টোবৰ, ২০০১ (২৩ বছৰ) জলন্ধৰ, পঞ্জাব, ভাৰত |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০১০–বৰ্তমান |
অবনীত কৌৰ (জন্ম: ১৩ অক্টোবৰ ২০০১)[1] হিন্দী দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।[2] ডান্স ইণ্ডিয়া ডান্স লি'ল মাষ্টাৰছ, ঝলক দিখলা যা ৫, মৰ্দানী, চন্দ্ৰ নন্দিনী, আলাদিন – নাম তো ছুনা হোগা, আৰু টিকু ৱেডছ শ্বেৰুত কৰা কামৰ বাবে তেওঁ সুপৰিচিত।[3][4][5]
২০০১ চনৰ ১৩ অক্টোবৰত[6] পঞ্জাৱৰ জলন্ধৰৰ এক শিখ পৰিয়ালত অবনীত কৌৰৰ জন্ম হৈছিল৷ তেওঁৰ মাতৃ ছোনিয়া নন্দ্ৰ আৰু পিতৃৰ নাম অমনদীপ সিং নন্দ্ৰা৷[7] ২০১০ চনত ৮ বছৰ বয়সত মুম্বাইত তেওঁ অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰে।[8] কৌৰে মুম্বাইৰ কাণ্ডীৱলীৰ এখন ব্যক্তিগত কলেজৰ পৰা বাণিজ্য শাখাত ডিগ্ৰী লাভ কৰে।[9]
২০১০ চনত জি টিভিৰ নৃত্য অনুষ্ঠান ডান্স ইণ্ডিয়া ডান্স লি'ল মাষ্টাৰছৰ জৰিয়তে কৌৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। পিছলৈ তেওঁ ডান্স কে ছুপাৰষ্টাৰছত অংশগ্ৰহণ কৰি "ডান্স চেলেঞ্জাৰছ"ৰ দলত যোগদান কৰে।
২০১২ চনত লাইফ অ'কেৰ মেৰী মাৰ জৰিয়তে তেওঁৰ অভিনয়ত আত্মপ্ৰকাশ কৰে য'ত তেওঁ ঝিলমিলৰ চৰিত্ৰত অভিনয় কৰে। ২০১৩ চনত কৌৰে লাইফ অ'কেৰ ধাৰাবাহিক সাবিত্ৰী – এক প্ৰেম কাহানীত ৰাজকুমাৰী দময়ন্তীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।