অভিজিত মুখাৰ্জী | |
---|---|
Member of the India Parliament for Jangipur | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ May 2014 | |
কাৰ্যকাল October 2012 – May 2014 | |
পূৰ্বসূৰী | প্ৰণব মুখাৰ্জী |
Member of Legislative Assembly Nalhati | |
কাৰ্যকাল 13 May 2011 – October 2012 | |
পূৰ্বসূৰী | Dipak Chatterjee |
উত্তৰসূৰী | Dipak Chatterjee |
ব্যক্তিগত তথ্য | |
জন্ম | ২ জানুৱাৰী, ১৯৬০ (৬৫ বছৰ) Hoogley, পশ্চিমবংগ, ভাৰত |
ৰাষ্ট্ৰীয়তা | Indian |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | Chitralekha Mukherjee |
সন্তান | Two |
পিতৃ-মাতৃ | Pranab Mukherjee Suvra Mukherjee |
বাসস্থান | Kabi Bharati Sarani কলকাতা |
শিক্ষানুষ্ঠান | University of Jadavpur |
পেচা | Chartered Engineer & Social Worker |
অভিজিত মুখাৰ্জী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেওঁ পশ্চিমবংগৰ জাংগীপুৰ লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী সাংসদ৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷[1][2]
অভিজিত মুখাৰ্জীৰ জন্ম হয় ১৯৬০ চনৰ ২ জানুৱাৰীত পশ্চিমবংগৰ এটা বঙালী পৰিয়ালত৷ তেওঁৰ পিতৃ হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী আৰু মাতৃ শুভ্ৰা মুখাৰ্জী৷[3][4] মুখাৰ্জীয়ে ১৯৮৪ চনত যাদবপুৰ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে৷[3]
মুখাৰ্জীয়ে কেইবাটাও কোম্পানীত কৰপ’ৰেট বিষয়া (corporate executive)ৰূপে কাৰ্য্যনিৰ্বাহ কৰে৷ ইয়াৰ ভিতৰত ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড (Bharat Heavy Electricals Limited),মাৰুটি উদ্যোগ লিমিটেড (Maruti Udyog Limited) আৰু ষ্টিল অথ’ৰিটি অব ইণ্ডিয়া লিমিটেড (Steel Authority of India Limited)৷[5]
মুখাৰ্জীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোগেদি ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে৷ ২০১১ চনৰ নিৰ্বাচনত জয়ী হৈ নালহাটী লোকসভা সমষ্টিৰ আসন লাভ কৰে৷[6]
২০১২ চনৰ ডিচেম্বৰ মাহত দিল্লীৰ নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ পৰৱৰ্ত্তীকালত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা মহিলাসকলক "highly dented and painted" বুলি আখ্যা দি মুখাৰ্জীয়ে সমাজৰ গৰিহণা ভোগ কৰিব লগাত পৰে৷[7] এটা সাক্ষাৎকাৰত[8] তেওঁ লগতে উল্লেখ কৰে যে এই মহিলাসকল ডিস্ক’লৈ যায় আৰু তেওঁলোক বাস্তৱ জীৱনৰ সৈতে কোনো সম্পৰ্ক নাই৷[9][10] এই মন্তব্যসমূহে সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷[11][12][13] তেওঁৰ ভগ্নী শৰ্মিষ্ঠা মুখাৰ্জীয়েও এইসম্পৰ্কত আশ্চৰ্য্য প্ৰকাশ কৰে৷[7] অভিজিত মুখাৰ্জীয়ে পিছত তেওঁৰ মন্তব্যৰ বাবে সমজুৱাকৈ ক্ষমা বিচাৰে৷[14]