অভ্যাস (ইংৰাজী: Habit) মানে হ’ল, নিয়মিতভাৱে পুনৰাবৃত্তি ঘটা আৰু অৱচেতনভাৱে তেনে ঘটাৰ প্ৰৱণতা থকা আচৰণৰ এক নিত্য সূচী।[1] ১৯০৩ চনত “আমেৰিকান জাৰ্নেল অৱ চাইক'লজী’’ত প্ৰকাশিত এখন গৱেষণা পত্ৰই "মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা অভ্যাস, মানসিক অভিজ্ঞতাৰ পূৰ্বৰ পুনৰাবৃত্তিৰ দ্বাৰা আহৰণ কৰা চিন্তা, ইচ্ছা বা অনুভৱৰ, কম বেছি পৰিমাণে নিৰ্দিষ্ট এক ধৰণ বুলি সংজ্ঞায়িত কৰিছিল।" [2] ব্যক্তিৰ অভ্যাসগত আচৰণ প্ৰদৰ্শন কৰা কাৰ্যক প্ৰায়ে উপেক্ষা কৰা হয়, কাৰণ এজন ব্যক্তিয়ে নিয়মীয়া কাম হাতত লওঁতে আত্মবিশ্লেষণত লিপ্ত হোৱাৰ প্ৰয়োজন নাথাকে। অভ্যাসবোৰ কেতিয়াবা বাধ্যতামূলক।[3] ২০০২ চনত অভ্যাসৰ বিষয়ে গৱেষণা কৰা সমাজ বিজ্ঞানী এণ্ডী উড আৰু তেওঁৰ সহযোগীসকলে কৰা এক দৈনিক অভ্যাস অধ্যয়নত পাইছিল যে, মানুহৰ দৈনন্দিন আচৰণৰ প্ৰায় ৪৩% অভ্যাসৰ বাহিৰত কৰা হয়।[4] অভ্যাস গঠন প্ৰক্ৰিয়াৰ জৰিয়তে নতুন আচৰণ স্বয়ংক্ৰিয় হ'ব পাৰে। পুৰণি অভ্যাসবোৰ ভংগ কৰাটো টান হৈ পৰে আৰু নতুন অভ্যাস গঠন কৰাটোও কঠিন হৈ পৰে কাৰণ, মানুহে সঘনাই কৰি থকা আচৰণৰ ধৰণবোৰে স্নায়ুৰ পথত সাঁচ ৰাখি যায়, অৱশ্যে পুনৰাবৃত্তিৰ জৰিয়তে মানুহে নতুন অভ্যাস গঠন কৰা সম্ভৱ।[5] যেতিয়া আচৰণসমূহ এক স্থিৰ প্ৰসংগত পুনৰাবৃত্তি কৰা হয়, অৰ্থাৎ ঘনাই কৰা হয়, তেতিয়া প্ৰসংগ আৰু কাৰ্যৰ মাজৰ সংযোগ ক্ৰমান্বয়ে বৃদ্ধি পায়। ইয়াৰ ফলত সেই প্ৰসংগত আচৰণৰ স্বয়ংক্ৰিয়তা বৃদ্ধি পায়।[6] স্বয়ংক্ৰিয় আচৰণৰ বৈশিষ্ট্যসমূহ হ'ল: দক্ষতা, সাৱধানতাৰ অভাৱ, উদ্দেশ্যপ্ৰণোদিত নোহোৱা আৰু অনিয়ন্ত্ৰিত।[7]
লেটিন শব্দ habere, যাৰ অৰ্থ "থকা, গঠন হোৱা" আৰু habitus, যাৰ অৰ্থ "অৱস্থা বা সত্তাৰ অৱস্থা"ৰ পৰা আহিছে। ইয়াৰ উপৰিও ফৰাচী শব্দ habit (ফৰাচী উচ্চাৰণ: abi)ৰ পৰাও উদ্ভৱ হৈছে, যাৰ অৰ্থ কাপোৰ।[8] খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত অভ্যাস শব্দটোৱে প্ৰথমে কেৱল কাপোৰক বুজাইছিল। তাৰ পিছত অৰ্থটো শব্দটোৰ অধিক সাধাৰণ ব্যৱহাৰলৈ আগবাঢ়িল, যিটো হৈছে "অৰ্জিত আচৰণৰ ধৰণ।" [8] ১৮৯০ চনত উইলিয়াম জেমছ নামৰ এজন প্ৰখ্যাত দাৰ্শনিক আৰু মনোবিজ্ঞানীয়ে তেওঁৰ ‘দ্য প্ৰিন্সিপলছ অৱ চাইক’লজী’ নামৰ গ্ৰন্থত অভ্যাস বিষয়টোৰ ওপৰত মত প্ৰকাশ কৰিছিল। জেমছে জীৱনতৰী চলাই নিবলৈ অভ্যাসক স্বাভাৱিক প্ৰবৃত্তি হিচাপে লয়। তেওঁৰ বাবে "জীৱিত জীৱ... অভ্যাসৰ বাণ্ডিল" আৰু যিবোৰ অভ্যাসত "এটা জন্মগত প্ৰৱণতা থাকে, সেইবোৰক প্ৰবৃত্তি বোলা হয়।" [9] জেমছে অভ্যাসে আমাৰ জীৱন কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে সেই বিষয়েও বুজাইছে। তেওঁ কৈছে, "সঘনাই পুনৰাবৃত্তি হোৱা যিকোনো মানসিক কাৰ্যৰে নিজকে স্থায়ী কৰি ৰখাৰ প্ৰৱণতা থাকে; যাতে আমি নিজকে স্বয়ংক্ৰিয়ভাৱে একে পৰিস্থিতিত আমি আগতে যি চিন্তা, অনুভৱ বা কৰিবলৈ অভ্যস্ত আছিলোঁ, কোনো সচেতন অৱস্থাত সৃষ্ট উদ্দেশ্য নথকাকৈ বা কাৰ্যৰ কোনো ফল আশা নকৰাকৈ, সেই একে চিন্তা কৰিবলৈ, অনুভৱ কৰিবলৈ বা আগতে যি কৰিছিলোঁ সেইমতে কৰিবলৈ অনুপ্ৰাণিত হোৱা দেখা পাওঁ।" [9]
নিয়মীয়া পুনৰাবৃত্তিৰ জৰিয়তে কোনো আচৰণ স্বয়ংক্ৰিয় বা অভ্যাসত পৰিণত হোৱা প্ৰক্ৰিয়াটোৱেই হ’ল অভ্যাস গঠন। ইয়াৰ পুনৰাবৃত্তিৰ সংখ্যা বৃদ্ধিৰ লগে লগে স্বয়ংক্ৰিয় আচৰণ হিচাপে ই এচিম্পট’টলৈকে চলি থাকে।[10][11] অভ্যাস গঠনৰ এই প্ৰক্ৰিয়াটো লেহেমীয়া হ’ব পাৰে। লেলিৰ এট্ আলৰ আংশগ্ৰহণকাৰীসকলে স্বয়ংক্ৰিয়তাৰ এচিম্পট'টত উপনীত হোৱাৰ গড় সময়, ১৮ৰ পৰা ২৫৪ দিনৰ ভিতৰত গড়ে ৬৬ দিন আছিল।[11] অভ্যাস গঠনৰ তিনিটা মূল উপাদান আছে: প্ৰসংগৰ ক্ৰম, আচৰণৰ পুনৰাবৃত্তি আৰু পুৰস্কাৰ।[12] প্ৰসংগ ক্ৰমটো এটা পূৰ্বৰ কাৰ্য, দিনটোৰ কোনো সময়, স্থান বা যিকোনো বস্তু, যিয়ে অভ্যাসগত আচৰণৰ আৰম্ভণি কৰে। যিকোনো এটা বিষয় বা বস্তুৰ লগত কোনোবাই এটা অভ্যাসক জড়িত কৰিব পাৰে, আৰু যাৰ ওপৰত কোনোবাই স্বয়ংক্ৰিয়ভাৱে এটা অভ্যাসগত আচৰণ আৰম্ভ কৰিবলৈ ধৰিব, সেই আচৰণটোৱেই হৈছে মানুহে প্ৰদৰ্শন কৰা প্ৰকৃত অভ্যাস, আৰু ইতিবাচক অনুভূতিৰ প্ৰেৰণাৰে "অভ্যাসৰ কুণ্ডলী"ক অধিক শক্তিশালী কৰে।[13] এটা অভ্যাস প্ৰথম অৱস্থাত কোনো লক্ষ্যৰ দ্বাৰা আৰম্ভ হ’ব পাৰে, কিন্তু সময়ৰ লগে লগে সেই লক্ষ্যৰ প্ৰয়োজনীয়তা কম হৈ পৰে আৰু অভ্যাসটো অধিক স্বয়ংক্ৰিয় হৈ পৰে। অভ্যাস শিক্ষণৰ প্ৰসাৰত মাজে মাজে বা অনিশ্চিত প্ৰেৰণা বিশেষভাৱে ফলপ্ৰসূ হোৱা দেখা যায়।[14]