অম্বিকাচৰণ চৌধুৰী | |
---|---|
জন্ম | ১৬ আগষ্ট, ১৯৩০ বৰপাৰা গাঁও, বঙাইগাঁও, অসম |
মৃত্যু | ৪ ডিচেম্বৰ, ২০১১ |
পেচা | সাহিত্যিক, ইতিহাস গৱেষক, সমাজকৰ্মী |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি |
উল্লেখযোগ্য বঁটা | চিলাৰায় বঁটা, ২০০৯ |
অম্বিকাচৰণ চৌধুৰী (ইংৰাজী: Ambika Charan Choudhuri) অসমৰ এজন সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল[1] [2][3][4]তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।[5]।
সমাজসেৱক হিচাপে চৌধুৰী "অন্যান্য পিচপৰা শ্ৰেণী"ৰ সাহিত্য সভাৰ গোৱালপাৰা জিলা সমিটিৰ যুটীয়া সম্পাদক, ১২ বছৰ কোঁচ ৰাজবংশী সন্মিলনীৰ সম্পাদক আৰু ৩ বছৰৰ কাৰণে অসম সাহিত্য সভাৰ কাৰ্য্যবাহী সদস্য হিচাবে কাম কৰিছিল। তেখেতে নিজৰ জীৱনকালত প্ৰায় ১২৩ টা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আৰু প্ৰায় ২৯ খন গ্ৰন্থ লিখি থৈ গৈছে। তেখেতেই অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনত অসমীয়াক অসমৰ ৰাজ্যভাষাৰ মৰ্য্যদা দিব লাগে বুলি সৰ্বপ্ৰথমে [6] প্ৰস্তাব উত্থাপন কৰিছিল। গুৱাহাটীৰ আমিনগাৱঁত স্থাপিত বীৰ চিলাৰায়ৰ মুৰ্তিৰ প্ৰতিস্থাপনতো তেখেতৰ যথেষ্ট ভূমিকা আছিল[6]। তেখেত বঙাইগাঁও শিক্ষক প্ৰশিক্ষণ বিদ্যালয় স্থাপনকে ধৰি কেইবাখনো শিক্ষা সংস্থান আৰু কেইবাটাও সংগঠন স্থাপন কৰি থৈ গৈছে[6]।
ইয়াৰ আগতে তেখেতে শ্বিলঙকে আদি কৰি ভিন ভিন ঠাইত চৰকাৰী চাকৰি কৰিছিল। তেখেতে বঙাইগাওঁ শিক্ষক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰে[6]।
অম্বিকাচৰণ চৌধুৰী অসমৰ বঙাইগাঁৱৰ এটি কৃষক পৰিয়ালত ১৯৩০ চনৰ ১৬ আগষ্টত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃ নৰেশ্বৰ চৌধুৰী আৰু মাতৃ কাশীশ্বৰী চৌধুৰী। মুঠ পাঁচ সন্তানৰ ভিতৰত তেখেত জ্যেষ্ঠ আছিল[6]।
অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে তিনিবাৰকৈ প্ৰতিদ্বন্দিতাত আছিল অম্বিকাচৰণ চৌধুৰী। বিভিন্ন সাহিত্যৰ অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈ আছিল।
১৯৬১ চনত গুৱাহাটীৰ লয়াৰ্ছ বুক ষ্টলে তেওঁৰ প্ৰথমখন গ্ৰন্থ "ৰত্নপীঠত এভূমুকি" প্ৰকাশ কৰিছিল। ইয়াৰ পিছত এখনৰ পিছত সিখন গ্ৰন্থ তেওঁ প্ৰকাশ কৰি গৈছে। মৃত্যুৰ আগলৈকে তেওঁ ৩৩ খন গ্ৰন্থ লিখি থৈ গৈছে। ইয়াৰে সাতখন ইংৰাজী ভাষাৰ গ্ৰন্থ। তেওঁৰ প্ৰায়সংখ্যক গ্ৰন্থই ইতিহাস আৰু বুৰঞ্জী সমৃদ্ধ। অসমৰ বহুকেইখন কাকত আলোচনীত অম্বিকাচৰণ চৌধুৰীৰ লেখা প্ৰকাশ পাই আহিছে। তেওঁৰ প্ৰকাশিত প্ৰবন্ধৰ সংখ্যা ডেৰ শতাধিক[6]।
এজন সমাজকৰ্মী হিচাপেও অম্বিকাচৰণ চৌধুৰী সুপৰিচিত আছিল। তেওঁ যেতিয়া বিদ্যালয়ৰ ছাত্ৰ আছিল তেতিয়াই ১৯৪৮ চনৰ পৰা ১৯৫০ চনলৈ গোৱালপাৰা জিলা ছাত্ৰ কংগ্ৰেছৰ সভাপতি আছিল। কটন কলেজত অধ্যয়নৰত সময়ত তেখেতে বিভিন্ন সামাজিক কাম কাজত জঢ়িত হৈ বিভিন্ন সামাজিক সংস্থাৰ সৈতেওঁ যোগাযোগ ৰক্ষা কৰিছিল। কটন কলেজত থকা সময়তে তেওঁ মাদুৰাইৰ গান্ধীগ্ৰামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ আৰু যুৱ সন্মিলনত অংশ লৈছিল। মৃত্যুৰ আগমূহুৰ্তলৈকে তেখেত বঙাইগাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হৈ আছিল। শংকৰদেৱ শিশু নিকেতন, বঙাইগাঁও Archived 2018-03-30 at the Wayback Machine, বঙাইগাঁও আইন মহাবিদ্যালয়, বঙাইগাঁও সৎসঙ্গ বিহাৰৰ উপৰি স্থানীয় কেইবাখনো শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতিৰ কামো কৰিছিল। এন এফ ৰেলৱেৰ বঙাইগাঁও গোটৰ স্থানীয় নিয়োগ বৰ্ডৰ সৈতেওঁ সাত বছৰ জড়িত হৈ আছিল[6]।
২০১১ চনৰ ৪ ডিচেম্বৰ তাৰিখে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাৰ কামাখ্যাগুড়ি সংলগ্ন ৩১ (ছি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেঁতুলতলা চাৰিআলিত সংঘটিত এক শোকাবহ পথ দূৰ্ঘটনাত তেখেতে অকাল মৃত্যু সাৱটি লয়[1]।