![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
অমৰনাথ মন্দিৰ | |
---|---|
![]() অমৰনাথ মন্দিৰ, জম্মু আৰু কাশ্মীৰ | |
ভূ-স্থানাংক | 34°12′54″N 75°30′03″E / 34.2149°N 75.5008°E |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | জম্মু আৰু কাশ্মীৰ |
অমৰনাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বী সকলৰ এখন প্ৰধান তীৰ্থস্থান। হিন্দুসকলৰ চাৰিধামৰ ভিতৰত এইখনৰ গুৰুত্ব অসীম। জন্মু-কাশ্মীৰৰ সীমান্তৰ ওচৰত, শ্ৰীনগৰৰ পৰা প্ৰায় ১৪১ কিলোমিটাৰ দূৰৈত ৩,৮৮৮ মিটাৰ[1] (১২,৭৫৬ ফুট) উচ্চতাত অৱস্থিত, বৰফেৰে আবৃত অমৰনাথ গুহাৰ ভিতৰত সম্পূৰ্ণ প্ৰাকৃতিক ধৰণে প্ৰতি বছৰে সৃষ্টি আৰু নাইকিয়া হোৱা দক্ষিণমুখী শিৱলিংগ প্ৰকৃতিৰ এক আচৰিত সৃষ্টিৰ অন্যতম।
জুলাইৰ পৰা আগষ্টলৈকে (শাওণ মাহ) ৪৫ দিনীয়া এই সময়ছোৱাত প্ৰায় চাৰি লাখ ভক্ত অমৰনাথ দৰ্শনৰ বাবে আহে। সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু ভাবুকিৰ বাবে ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈকে চৰকাৰে এই যাত্ৰা বন্ধ কৰি দিছিল। কিন্তু সন্ত্ৰাসবাদী বিলাকে ১৯৯৬ চনত এই যাত্ৰাত ভক্তসকলক একো ক্ষতি নকৰে বুলি আশ্বাস দিয়াত তেতিয়াৰে পৰা আগতকৈয়ো অধিকলোক অমৰনাথ দৰ্শনৰ বাবে আহিবলৈ ল’লে। হ’লেও ২০০০ চনত কোনো এক সন্ত্ৰাসবাদী দলৰ আক্ৰমণত প্ৰায় ত্ৰিশজন যাত্ৰী আৰু সহায়কে প্ৰাণহেৰুৱাব লগীয়া হয়। এই যাত্ৰাক লৈ বিতৰ্কৰো অন্ত নাই। ২০০৮ চনত ভাৰত চৰকাৰ আৰু কাশ্মীৰ চৰকাৰে যাত্ৰীসকলৰ সুবিধাৰ বাবে ১০০একৰ বনভূমি ”Shri Amarnathji Shrine Boar” ক হস্তান্তৰ কৰিব খুজিছিল যদিও কেইবাটাও সন্ত্ৰাসবাদীদলৰ হেঁচাত কাশ্মীৰ চৰকাৰে পিচহোঁহোকা মাৰিলে।
এই গুহা তীৰ্থৰ এক ৰহস্য আছে। কৈলাসত মহাদেৱৰ পত্নী পাৰ্বতীয়ে অমৰত্ব আৰু সৃষ্টিৰ ৰহস্যৰ বিষয়ে কবলৈ কুটুৰিবলৈ ধৰিলে। শেহত মহাদেৱ পত্নীৰ মনোবাঞ্চা পূৰণ কৰিবলৈ সন্মত হ’ল। কিন্তু সৃষ্টিৰ এই গোপন কথা কবলৈ আন কোনোৱেই শুনিব নোৱৰা এটুকুৰা নিৰ্জন স্থান লাগিব। সেইসূত্ৰে তেওঁ অমৰনাথ গুহাটোকে সঠিক স্থান বুলি বাছনি কৰিলে। ইয়াৰ প্ৰস্তুতিৰ বাবে কৈলাসৰ পৰা অমৰনাথ গুহালৈ যোৱাৰ বাটত পেহেলগ্ৰামত (বালিগাওঁ) তেওঁ নন্দীক এৰে, চন্দনবাৰীত নিজ শিৰৰ চন্দ্ৰ, শেষনাগত কণ্ঠৰ নাগ আৰু পঞ্জতৰণীত পঞ্চতত্ত্ব (বায়ু, পানী, আকাশ, অগ্নি আৰু মাটি) ত্যাগ কৰি তেওঁ আগুৱাই যায়। পঞ্চতৰণীতে শিৱৰ জটাৰ জল পাঁচ ভাগ হৈ বৈ আহি এক ধাৰাত মিলিত হৈ নদীৰূপে বৈ গৈছে। পুত্ৰ গণেশকো মহাগুনা পৰ্বততে এৰিলে। ধৰ্মীয় বিশ্বাসমতে পাৰ্থিৱ জগতখন ত্যাগ কৰাৰ প্ৰতীকৰূপে মহাদেৱে ইয়াৰ পাছতে তাণ্ডব নৃত্য কৰিছিল। সেই প্ৰকাণ্ড গুহাত প্ৰৱেশ কৰি শিৱই হৰিণাৰ চালৰ ওপৰতে সমাধিত বহি ধ্যানত মগ্ন হ’ল। অমৰ কথা আৰু সৃষ্টিতত্ত্বৰ গোপন কথা আন কোনোৱেই শুনিব নোৱৰাতো নিশ্চিত কৰিবলৈ তাতে তেওঁ ৰুদ্ৰনামৰ কালগ্নি সৃষ্টি কৰি গুহাৰ ভিতৰত আৰু ওচৰে পাজৰে থকা সকলো জীৱকে পুৰি নাশিবলৈ আদেশ দিলে। শিৱই চকু বন্ধ কৰি পাৰ্বতীক সৃষ্টিৰ ৰহস্যৰ বিষয়ে কবলৈ ধৰিলে। কিন্তু দৈৱক্ৰমে শিৱ-পাৰ্বতীৰ আসনখনৰ তলত এটা পাৰ চৰাইৰ কণী অক্ষত অৱস্থাত থাকি গ’ল। ৰুদ্ৰই কণীটো নিৰ্জীৱ পদাৰ্থ বুলি নূপুৰিলে আৰু শিৱ-পাৰ্বতীৰ আসনখনেও কণীটোক নিৰাপত্তা দিলে। সেই কণীৰ পৰা জন্মহোৱা পাৰ চৰাই এহাল অমৰকথা শুনি অমৰ হ’ল। সেই গুহাৰ ভিতৰে মহাদেৱ স্বয়ম্ভু তুষাৰ লিংগ ৰূপে বিৰাজমান।[2]
এই লিংগ প্ৰায় ৫০০০ বছৰৰ পৰা আছে বুলি বিশ্বাস কৰা হয় যদিও যোৱা ১৫০ বছৰ মানৰ পৰাহে তালৈ সঘনাই মানুহ যাবলৈ ধৰিছে। আদিগুৰু শঙ্কৰাচাৰ্যই এই তীৰ্থ দৰ্শন কৰিছিল বুলি জনা যায়। তেখেতেই চাৰি যাত্ৰা প্ৰবৰ্তন কৰিছিল। স্বামী বিবেকানন্দই ১৮৯৮ চনৰ জুলাই মাহত এই তীৰ্থ দৰ্শনৰ বাবে আহিছিল। আক্ৰাম বক্ত (বুটা? )মালিক নামৰ এজন ভেৰা ৰখীয়াই তেওঁৰ হেৰোৱা ভেৰা বিচাৰি আহি এই গুহা তীৰ্থ আবিষ্কাৰ কৰে। তেতিয়াৰ পৰাই এই তীৰ্থ যাত্ৰা আৰম্ভ হয়। ভিন্ন মত এটাৰ মতে কোনোবা সাধু এজনে মালিকক কয়লাৰ টুকুৰাৰে ভৰা মোনা এটা দিছিল। ঘৰলৈ আহি মালিকে দেখে যে মোনাটোত কয়লাৰ পৰিবৰ্তে সোণৰ টুকুৰাৰেহে ভৰি আছে। সেই সাধুজনক কৃতজ্ঞতা জনাবলৈ বুলি ঘূৰি গৈ মালিকে দেখে যে সাধু তাৰ পৰা অন্তৰ্ধান হৈছে, কিন্ত সাধুক লগপোৱা ঠাইতে এটা শিৱলিংগহে আছে। এই আবিষ্কাৰৰ কথা তেওঁ গাওঁবাসীক জানিবলৈ দিলে আৰু তেতিয়াৰে পৰা ই তীৰ্থস্থানলৈ পৰিবৰ্তন হ’ল। আক্ৰাম বক্ত মালিকৰ বংশধৰ সকলে এতিয়াও যাত্ৰীয়ে দিয়া দান বৰঙনিৰ এটা অংশ পায়। তেওঁৰ বংশৰ লোক পেহেলগ্ৰামত থাকে। আন এটা বিশ্বাস মতে আকৌ কাশ্মীৰ আগতে পানীৰ তলত আছিল। ই এটা ডাঙৰ হ্ৰদহে আছিল। কাশ্যপ মুনিয়ে কেইবাখনো নদীৰে সেই পানীখিনি বোৱাই দিলে। সেইসময়তে আকৌ ভৃগুমুণি হিমালয় দৰ্শনৰ বাবে আহিছিল। তেৱেই প্ৰথমে এই গুহা আৰু লিংগৰ দৰ্শন পায়। মানুহে এই কথা জনাৰে পৰা দৰ্শনৰ বাবে তালৈ যাবলৈ ধৰিলে। শিৱ আশুতোষ সকলোৱে তেওঁৰ পূজা কৰিব পাৰে। জাতি ধৰ্মৰ বাধা নাই। সাধাৰণতে আহাৰ মাহৰ পূৰ্ণিমাৰ পৰা শাওণ মাহৰ পূৰ্ণিমাৰ ভিতৰে অমৰনাথ দৰ্শন কৰি ঘূৰি আহিব লাগে। তুষাৰ লিংগৰ হ্ৰাস, বৃদ্ধি হৈ থাকে। শুক্ল পক্ষত লাহে লাহে ডাঙৰ হৈ পূৰ্ণিমাত পূৰ্ণ হয় আৰু কৃষ্ণ পক্ষত লাহে লাহে সৰু হৈ নাইকিয়া হয়।
![]() |
ৱিকিমিডিয়া কমন্সত অমৰনাথ মন্দিৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|