অলক্ষ্মী | |
---|---|
![]() কৈলাস মন্দিৰ, কাঞ্চিপুৰমত অলক্ষ্মী বা জ্যেষ্ঠা দেৱী | |
অন্য নাম | জ্যেষ্ঠা |
দেৱনাগৰী | अलक्ष्मी |
মন্ত্ৰ | অলক্ষ্মী নাশন মন্ত্ৰ |
সন্তান | মন্থন (পুত্ৰ) আৰু মন্থি (কন্যা) |
আসন/বাহন | গাধ |
হিন্দু পাঠ্য | লিঙ্গ পুৰাণ[1]
শ্ৰী সুক্তম পদ্মপুৰাণ |
অলক্ষ্মী হ'ল লক্ষ্মীৰ ছাঁ আৰু দুৰ্ভাগ্যৰ দেৱী। কল্কি পুৰাণ আৰু মহাভাৰতত উল্লেখ কৰা মতে অলক্ষ্মী হৈছে কালি অসুৰৰ দ্বিতীয় পত্নী৷[2]
লক্ষ্মী দেৱীৰ জন্মৰ লগত জড়িত বহুতো কিংবদন্তি আছে। এটা কিংবদন্তি অনুসৰি প্ৰজাপতিৰ মুখৰ জিলিকনিৰ পৰা লক্ষ্মীৰ জন্ম হৈছিল আৰু প্ৰজাপতিৰ পিঠিৰ পৰা অলক্ষ্মীৰ জন্ম হৈছিল। আন এক কিংবদন্তি অনুসৰি সাগৰৰ মন্থনৰ সময়ত লক্ষ্মীৰ জন্ম হৈছিল। এই সময়ত অলক্ষ্মীৰ জন্ম হৈছিল সৰ্প বাসুকীৰ মুখৰ পৰা নিৰ্গত হোৱা কলাকুটৰ বিষৰ পৰা।[3] এই কাহিনীৰ সংস্কৰণ অনুসৰি দুয়োৰে জন্ম হৈছিল সাগৰৰ মন্থনৰ সময়ত। প্ৰথমে লক্ষ্মীৰ জন্ম হৈছিল।[4] আন এটা কাহিনী অনুসৰি, "কথিত হয় যে অলক্ষ্মীয়ে ঘৰত প্ৰৱেশ কৰিলে সেই ঘৰলৈ ঈৰ্ষা আৰু দুৰ্ভাগ্য আনে।" "তাই ভাতৃঘাতী সংঘাত আনে আৰু পৰিয়ালটো ধ্বংস কৰে।"[5]
আন এক উপাখ্যান অনুসৰি বিষ্ণুৰ দৰে স্বামীৰ সৈতে তাইৰ সৰু ভনীয়েকক বৈকুণ্ঠত থকা দেখি লক্ষ্মীৰ হৃদয় বিদাৰক হৈ পৰিছিল৷ কাৰণ তাইৰ কোনো স্বামী বা থাকিবলৈ ঠাই নাছিল। তাৰ পিছত লক্ষ্মীয়ে তেওঁক বৰদান কৰিলে, "কালি লক্ষ্মীৰ স্বামী হ'ব আৰু অশুচি, কুৎসিত, এলেহুৱা, অত্যাচাৰী, ঈৰ্ষা, ক্ৰোধিত, ভণ্ড, লোভী আৰু কামুক মানুহৰ মাজত থাকিব।"[6]
হিন্দু উৎসৱ দীপাৱলীত সন্ধিয়া বংগৰ বিভিন্ন প্ৰান্তৰ হিন্দু মহিলাসকলে পৰিবেশন কৰা এক বিশেষ অনুষ্ঠান হ'ল অলক্ষ্মীৰ বিদায়। অলক্ষ্মী দুৰ্ভাগ্য আৰু অশুভৰ প্ৰতীক। গতিকে এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে অলক্ষ্মীক বিদায় দি লক্ষ্মীক আদৰণি জনোৱা। অলক্ষ্মীৰ মূৰ্তি গৰুৰ গোবৰৰ পৰা আৰু লক্ষ্মী, কুবেৰ আৰু নাৰায়ণৰ মূৰ্তি মাটিৰ পৰা তৈয়াৰ কৰা হয়। প্ৰথমে চোতালৰ এটা চুকত অলক্ষ্মী দেৱীৰ মূৰ্তি স্থাপন কৰি পূজা কৰা হয়। পূজাৰ অন্তত কেইজনীমান ছোৱালীয়ে মূৰ্তিটোক মুঠিৰে কোবাই মূৰত কঢ়িয়াই লৈ ফুৰে। সিহঁতে ‘লক্ষ্মী আয়, অলক্ষ্মী যা’ৰ সামূহিক ধ্বনিৰে মূৰ্তিটো পেলাই দিয়ে। উভতি অহাৰ সময়ত বাটত পোহৰ জ্বলাই ঢোল, বাঁহী, ঘণ্টা বজায়। তাৰ পিছত গৃহিণীসকলে ঘৰলৈ উভতি আহি লক্ষ্মী দেৱীক পূজা কৰে।[7]