অলিভাৰ হাৰ্ট | |
---|---|
![]() | |
জন্ম | অলিভাৰ চাইমন ডি'আৰ্কি হাৰ্ট ১৯৪৮ লণ্ডন, যুক্তৰাজ্য |
বাসস্থান | আমেৰিকা যুক্তৰাষ্ট্ৰ |
জাতীয়তা | ব্ৰিটিছ, আমেৰিকান |
ক্ষেত্ৰ | আইন আৰু অৰ্থনীতি |
কৰ্মস্থান | হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় মাচেচুছেটতছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান লণ্ডন স্কুল অফ ইক'নমিক্স |
শিক্ষানুষ্ঠান | কিংগজ কলেজ,কেম্ব্ৰিজ ৱাৰৱিক বিশ্ববিদ্যালয় প্ৰিন্সটন বিশ্ববিদ্যালয় |
উল্লেখনীয় বঁটা | অৰ্থনীতি বিজ্ঞানৰ নোবেল স্মৃতি বঁটা (২০১৬) |
অলিভাৰ চাইমন ডি'আৰ্কি হাৰ্ট ( Oliver Simon D'Arcy Hart) (জন্ম: ১৯৪৮) এজন ব্ৰিটিছ অৰ্থনীতিবিদ। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এনড্ৰিউ ই. ফুৰাৰ আসনৰ অধ্যাপক। তেওঁ অৰ্থনীতিবিদ বেংগেট ৰবাৰ্ট হল্মষ্টৰ্মৰ সৈতে যুটীয়া ভাবে ছুইডেনৰ কেন্দ্ৰীয় বেংকে আগবঢ়োৱা ২০১৬ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ নোবেল স্মৃতি বঁটা লাভ কৰে।[1]
১৯৪৮ চনত অলিভাৰ হাৰ্ট ব্ৰিটেনত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃ ফিলিপ ডি'আৰ্কি হাৰ্ট এজন চিকিৎসা বিজ্ঞানৰ গৱেষক আৰু মাতৃ ৰুথ মায়াৰ এগৰাকী স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ আছিল। তেওঁলোক ইহুদী বংশৰ আৰু তেওঁৰ পিতৃ সন্মানীয় মন্টেগো পৰিয়ালৰ অন্তৰ্গত।[2]
হাৰ্টে প্ৰথমে ১৯৬৯ চনত কিংগছ কলেজ, কেম্ব্ৰিজৰ পৰা গণিত শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত ১৯৭২ চনত তেওঁ ৱাৰৱিক বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শেষলৈ তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৪ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
তেওঁ প্ৰথমে চাৰছিল কলেজ, কেম্ব্ৰিজৰ ফেল' নিৰ্বাচিত হয়। তাৰ পিছত তেওঁ লণ্ডন স্কুল অফ ইক'নমিক্সত অধ্যাপক হিচাপেযোগ দিয়ে। ১৯৮৪ ত তেওঁ আমেৰিকালৈ যায় আৰু মাচেচুছেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অধ্যাপনা কৰে। পিছলৈ তেওঁ ১৯৯৩ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়।[3] তেওঁ প্ৰথম অৰ্থনীতি বিজ্ঞানৰ এনড্ৰিউ ই. ফুৰাৰ আসনৰ অধ্যাপক ৰূপে নিযুক্তি লাভ কৰে।[3] তেওঁ হাৰ্ভাৰ্ডৰ অৰ্থনীতি বিভাগৰ ২০০০ চনৰ পৰা ২০০৩ চনলৈ মুৰব্বী আছিল। তেওঁ আমেৰিকাৰ কলা আৰু বিজ্ঞান একাডেমীৰ ফেল', ডা ইক'মেট্ৰিক ছোচাইটি, আমেৰিকান বিত্ত সন্থা, ব্ৰিটিছ একাডেমীৰ ফেল' আৰু ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য। তেওঁ আমেৰিকান আইন আৰু অৰ্থনীতি সন্থাৰ সভাপতি আৰু উপসভাপতি আছিল। তেওঁ লণ্ডন স্কুল অফ ইক'নমিকৰ অৰ্থনীতি বিভাগৰ অতিথি অধ্যাপক।
হাৰ্টে তেওঁৰ চুক্তি সূত্ৰৰ (contract theory) বাবে ২০১৬ চনৰ অৰ্থনীতি বিজ্ঞানৰ নোবেল স্মৃতি বঁটা লাভ কৰিলে। [4]