অশোকসুন্দৰী | |
---|---|
কল্পনাৰ দেৱী | |
অশোকসুন্দৰীৰ পেইণ্টিং | |
দেৱনাগৰী | अशोकसुंदरी |
সংস্কৃত লিপ্যন্তৰ | Aśokasundarī |
সম্পৰ্ক | দেৱী, বালা ত্ৰিপুৰাসুন্দৰী |
নিবাস | কৈলাস |
সঙ্গী | নহুষ |
পিতৃ-মাতৃ | শিৱ (পিতৃ) আৰু পাৰ্বতী (মাতৃ) |
সহোদৰ | কাৰ্তিক আৰু গণেশ (জ্যেষ্ঠ ভ্ৰাতৃদ্বয়) |
সন্তান | যযাতি আৰু ১০০গৰাকী কন্যা |
হিন্দু পাঠ্য | পদ্ম পুৰাণ |
অশোকসুন্দৰী (সংস্কৃত: अशोकसुंदरी) এগৰাকী হিন্দু দেৱী৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ কন্যা আছিল৷ পদ্ম পুৰাণত অশোকসুন্দৰীৰ উল্লেখ আৰু বৰ্ণনা পোৱা যায়৷[1] দক্ষিণ ভাৰতত বালা ত্ৰিপুৰাসুন্দৰী দেৱীৰ ৰূপত তেওঁৰ পূজা অৰ্চনা কৰা হয়৷
পাৰ্বতীয়ে অকলশৰীয়া অনুভৱ দূৰ কৰাৰ অৰ্থে এগৰাকী কন্যা সন্তানৰ বৰকৈ অভাৱ অনুভৱ কৰিছিল আৰু সেই কথা কল্পতৰুৰ ওচৰত গৈ ব্যক্ত কৰিছিল৷ এনেদৰে অশোকসুন্দৰীৰ কামনাপূৰ্ণকাৰী কল্পতৰুৰ পৰা সৃষ্টি হৈছিল আৰু পাৰ্বতীয়ে তেওঁক কন্যা ৰূপে লাভ কৰিছিল৷ তেওঁৰ নামটো তেওঁৰ সৃষ্টিৰ পৰাই উদ্ভৱ হৈছে৷ 'অ-শোক' শব্দই পাৰ্বতীৰ 'শোক' দূৰ কৰাক বুজায়, শোকৰ অৰ্থ হৈছে 'দুখ' আৰু 'সুন্দৰী'ৰ অৰ্থ হৈছে 'দীপ-লিপ' বা 'ৰূপৱতী ছোৱালী'।[2]
অশোকসুন্দৰীৰ জন্ম কাহিনীটো পদ্ম পুৰাণত বৰ্ণিত আছে। নহুষৰ অন্য এটা কাহিনীৰ বৰ্ণনা অনুসৰি পাৰ্বতীয়ে এবাৰ শিৱক বিশ্বৰ আটাইতকৈ ধুনীয়া বাগিচালৈ লৈ যাবলৈ অনুৰোধ কৰিছিল। তেওঁৰ ইচ্ছা অনুসৰি, শিৱই তেওঁক নন্দনবনলৈ লৈ গৈছিল, য’ত পাৰ্বতীয়ে কল্পতৰু নামেৰে বৃক্ষ এডাল দেখিবলৈ পাইছিল; যিডাল বৃক্ষই যিকোনো মনোকামনা পূৰণ কৰিব পাৰিছিল৷ পাৰ্বতীৰ পুত্ৰ কাৰ্তিক ডাঙৰ হৈ যেতিয়া কৈলাশ এৰি গৈছিল, তেতিয়া পাৰ্বতী এগৰাকী মাতৃ হিচাপে অপৰিসীম শোক আৰু অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিছিল৷ সেই অকলশৰীয়াভাৱ আৰু শোকৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ এগৰাকী কন্যা সন্তানৰ বৰকৈ অভাৱ অনুভৱ কৰিবলৈ ধৰে আৰু কামনাপূৰ্ণকাৰী কল্পতৰুৰ ওচৰত গৈ সেই কথা ব্যক্ত কৰে৷ সেই ফলস্বৰূপে অশোকসুন্দৰীৰ জন্ম (সৃষ্টি) হয়। পাৰ্বতীয়ে অশোকসুন্দৰীৰ ভৱিষ্যতবাণী কৰি গম পায় যে, অশোকসুন্দৰীৰ ভাগ্য অনুসৰি চন্দ্ৰ ৰাজবংশৰ নহুষৰ সৈতে বিবাহ সম্পন্ন হ’ব, যি স্বৰ্গৰ ৰজা ইন্দ্ৰৰ সমকক্ষ হ’ব৷[3]
এবাৰ অশোকসুন্দৰীয়ে নন্দনবনত তেওঁৰ দাসীসকলৰ সৈতে বিচৰণ কৰি আছিল, তেনেসময়তে হুন্দ নামৰ এটি ৰাক্ষসে তেওঁক দেখি তেওঁৰ প্ৰেমত পৰে আৰু প্ৰেম নিবেদন কৰিবলৈ ধৰে৷ অশোকসুন্দৰীয়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি কয় যে, তেওঁৰ বিবাহ নহুষৰ সৈতে পূৰ্বেই নিৰ্ধাৰিত হৈছে৷ পিছত হুন্দই এগৰাকী বিধৱাৰ ছদ্মবেশ ধাৰণ কৰি (যাৰ স্বামীক হুন্দই হত্যা কৰিছিল৷) অশোকসুন্দৰীক তেওঁৰ আশ্ৰমলৈ লৈ যাবলৈ কয়৷ দেৱীয়ে ছদ্মবেশী ৰাক্ষস হুন্দৰ সৈতে গৈ তেওঁৰ প্ৰাসাদত উপস্থিত হৈছিল। দেৱীয়ে তেওঁক কৰা বিশ্বাসঘাতকতাৰ বিষয়ে জানিব পাৰি তেওঁৰ হত্যা নহুষৰ দ্বাৰা হ’ব বুলি অভিশাপ দিছিল আৰু তেওঁৰ পিতৃ-মাতৃৰ আৱাস কৈলাসলৈ পলাই গৈছিল।[3]
নৱজাত নহুষক হুন্দই তেওঁৰ প্ৰাসাদৰ পৰা অপহৰণ কৰি আনে; যদিও তেওঁক হুন্দৰ দাসী এগৰাকীয়ে উদ্ধাৰ কৰি ঋষি বশিষ্ঠৰ তত্বাৱধানত থৈ আহে৷ কেইবছৰমানৰ পিছত, নহুষে প্ৰাপ্তবয়স্ক অৱস্থাত বুজি উঠে যে হুন্দক হত্যা কৰাটো তেওঁৰ উদ্দেশ্য। হুন্দই অশোকসুন্দৰীক অপহৰণ কৰি আনি কয় যে, তেওঁ নহুষ হত্যা কৰিছে। অৱশ্যে দেৱীক এটি কিন্নৰ দম্পতীয়ে নহুষৰ সুস্থতাৰ বিষয়ে অৱগত কৰায় আৰু ভৱিষ্যৎবাণী কৰে যে, তেওঁ যযাতি নামৰ এগৰাকী শক্তিশালী পুত্ৰ আৰু এশ গৰাকী সুন্দৰী কন্যাৰ মাতৃ হ’ব। অৱশেষত নহুষ আৰু হুন্দৰ মাজত ভীষণ যুদ্ধ আৰম্ভ হয়৷ হুন্দক হত্যা কৰি জয়ী হোৱাৰ পিছত অশোকসুন্দৰীক তেওঁ উদ্ধাৰ কৰে আৰু তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ পৰৱৰ্তীকালত ইন্দ্ৰৰ অনুপস্থিতিত নহুষ সাময়িকভাৱে স্বৰ্গত ৰাজত্ব কৰিছিল৷[3][2][4]
হিন্দু পৌৰাণিক আখ্যানসমূহত অশোকসুন্দৰীৰ উল্লেখ খুব কমকৈ পোৱা যায়৷ তেওঁৰ আখ্যান কেৱল পদ্ম পুৰাণ শাস্ত্ৰতহে দেখা যায়। ২০১১ চনৰ ১৮ ডিচেম্বৰৰ পৰা ২০১৪ চনৰ ১৪ ডিচেম্বৰলৈকে লাইফ অকেই সম্প্ৰচাৰ কৰা টেলিভিচন ধাৰাবাহিক শিৱ আৰু পাৰ্বতীৰ ওপৰত আধাৰিত “দেৱ কে দেৱ… মহাদেৱ” (দেৱাদিদেৱ মহাদেৱ) -ত অশোকসুন্দৰীৰ উপস্থিতিয়ে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছিল।[5] পিছলৈ “বিঘ্নহৰ্তা গণেশ” চিৰিজতো তেওঁক দেখা গৈছিল।