অশ্বগন্ধা | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Solanales |
পৰিয়াল: | Solanaceae |
গণ: | Withania |
প্ৰজাতি: | W. somnifera |
বৈজ্ঞানিক নাম | |
Withania somnifera (L.) Dunal | |
সমাৰ্থক[1] | |
|
অশ্বগন্ধা (বৈজ্ঞানিক নাম: Withania somnifera) হ'ল ছোলানাছী (Solanaceae) পৰিয়ালৰ এবিধ গুল্মজাতীয় উদ্ভিদ। অশ্বগন্ধাক ইংৰাজীত ভাৰতীয় জিনছেং (Indian ginseng), পইজন গুজবেৰী (poison gooseberry) বা ৱিণ্টাৰ চেৰী (winter cherry) বুলিও জনা হয়। ইয়াক আয়ুৰ্বেদিক বনৌষধী হিচাপে ব্যবহাৰ কৰা হয়।[2]
অশ্বগন্ধা এবিধ এবিধ সৰু, বহুবৰ্ষী, গুল্মজাতীয় নৰম উদ্ভিদ। গছজোপা প্ৰায় ৩৫ ৰ পৰা ৭৫ ছে.মি. ওখ হয়। ফুলবোৰ সেউজীয়া আৰু ক্ষুদ্ৰাকৃতিৰ আৰু পকা ফলবোৰ কমলা-ৰঙা।
ভাৰতৰ বৰষুণ কম হোৱা শুকান অঞ্চল যেনে মধ্য প্ৰদেশ, পঞ্জাব, গুজৰাট আৰু ৰাজস্থান আদি প্ৰদেশত অশ্বগন্ধাৰ খেতি কৰা হয়। তদুপৰি নেপাল আৰু চীন দেশতো অশ্বগন্ধা পোৱা যায়।[3][4]
অশ্বগন্ধা বহুতো ৰোগ আৰু অপকাৰী কীট পতংগৰ চিকাৰ হব পাৰে। ইয়াৰ ভিতৰত অল্টাৰনাটা (Alternaria alternata) নামৰ ভেকুৰৰ পৰা হোৱা পাতত ফোট পৰা বেমাৰ (Leaf spot disease) উল্লেখযোগ্য। কোৱানেফোৰা কিউকাৰবিটাৰাম (Choanephora cucurbitarum) নামৰ অন্য এবিধ ভেকুৰেও ইয়াৰ ডাল আৰু পাতৰ পচি যোৱা ৰোগ সৃষ্টি কৰা দেখা যায়। ট্ৰিহপাৰ (treehopper) জাতীয় পতংগই ইয়াৰ ডালৰ আগভাগ খাই বিস্তৰ ক্ষতি কৰা দেখা যায়। তদুপৰি ভাৰতত কাৰ্মাইন ৰেড স্পাইডাৰ (carmine red spider mite) নামৰ এবিধ চাহীজাতীয় পোক অশ্বগন্ধাৰ প্ৰধান অন্যায়কাৰী কীট হিচাপে পৰিগণিত হৈছে। [5][6][7][8]
গাখীৰৰ পৰা ছিজ (cheese) উৎপাদনৰ বাবেপ্ৰয়োজনীয় ৰেন্নেট (rennet) নামৰ এনজাইমৰ বিকল্প হিচাপে অশ্বগন্ধাৰ ফল ব্যৱহাৰ কৰিব পাৰি।[3]
অশ্বগন্ধাত মূলতঃ বিভিন্ন এলকালয়ড (alkaloids) আৰু ষ্টেৰইডেল লেকটোন (steroidal lactones) জাতীয় জৈৱ-ৰসায়ন দ্ৰব্য পোৱা যায়। ইয়াৰ ভিতৰত ট্ৰোপিন (tropine ) আৰু কুছকোহাইগ্ৰিণো (cuscohygrine) আছে। পাতত ষ্টেৰইডেল লেকটোন, উইঠানোলিডছ (withanolides), উইঠাফাৰিণ এ (withaferin A) পোৱা যায়। [ citation needed]
অশ্বগন্ধাৰ দীঘল, মটীয়া ৰঙৰ আলুৰ দৰে শিপা পৰম্পৰাগতঃ বনৌষধী হিচাপে ব্যৱহাৰ কৰা হয়।[3][4] আয়ুৰ্বেদত, ইয়াৰ পাত আৰু ফল বিভিন্ন টেমুনাজাতীয় (tumourous disease) আৰু ঘাজাতীয় (ulcerous disease) ৰোগৰ উপষম কৰিবলৈ বাহ্যিকভাবে ব্যৱহাৰ কৰা হয়।[3] ইয়াৰ শিপাবোৰ "অশ্বগন্ধা" নামৰ এবিধ বনৌষধী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা যায়।