অশ্ৰিন

অশ্ৰিন
পুৱতি তৰা
গ্ৰহ শুক্ৰ গ্ৰহ
গ্ৰীক সমাৰ্থক ইঅ'ছ
ৰোমান সমাৰ্থক অৰোৰা
বৈদিক সমাৰ্থক ঊষা
লাটভিয়া সমাৰ্থক অছেকলিছ
অঞ্চল লিথুৱেনিয়া

অশ্ৰিন (ইংৰাজী: Aušrinė) লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত পুৱতি তৰাক (শুক্ৰ) প্ৰতিনিধিত্ব কৰা দেৱী। তেওঁ সন্ধ্যা তৰা "ভাকাৰিনে"ৰ (Vakarinė) প্ৰতিদেৱী।

তেওঁৰ পূজা সম্ভৱতঃ ভাৰত-ইউৰোপীয় প্ৰভাতৰ দেৱী হাউছছৰ পৰাই উদ্ভৱ হৈছে আৰু লাটভিয়াৰ অছেকলিছ, গ্ৰীক ইঅ'ছ, ৰোমান অৰোৰা আৰু বৈদিক ঊষাৰ সৈতে সম্পৰ্কিত।[1] তেওঁ স্বাস্থ্য, পুনৰ্জন্ম আৰু নতুন আৰম্ভণিৰ সৈতে জড়িত সৌন্দৰ্য্য, প্ৰেম আৰু যৌৱনৰ দেৱী। লিথুৱেনিয়া খ্ৰীষ্টানীকৰণৰ পিছত এই সংস্কৃতি খ্ৰীষ্টান প্ৰতিমূৰ্তি আৰু কুমাৰী মেৰীৰ প্ৰতীকৰ সৈতে একত্ৰিত হয়।[2]

ষোড়শ শতিকাৰ পোলেণ্ডৰ ইতিহাসবিদ জান ছাচিকিয়ে অশ্ৰিনক প্ৰথমে অস্কা বুলি উল্লেখ কৰিছিল। তেওঁ "দিগন্তৰ পৰা উদয় হোৱা সূৰ্য্যৰ ৰশ্মিৰ দেৱী" বুলি বৰ্ণনা কৰিছিল।[3]

শ্ৰুতিকথা

[সম্পাদনা কৰক]

লোককথা অনুসৰি প্ৰতিদিনে পুৱা অশ্ৰিন আৰু তেওঁৰ দাস টাৰ্নাইটিছে (সম্ভৱতঃ বুধ)[4] ছোলে (সূৰ্য্য)ৰ বাবে যাত্ৰা পথ প্ৰস্তুত কৰে। সন্ধিয়া ভাকাৰিনে ছোলৰ বাবে বিচনা সাজু কৰে।[2] ছেলে আৰু অশ্ৰিনৰ মাজৰ সম্পৰ্ক জটিল। কেতিয়াবা ছোলেক অশ্ৰিন, ভাকাৰিন আৰু অন্যান্য গ্ৰহৰ ইন্দ্ৰজা (বৃহস্পতি), ছেলিজা (শনি), জিজড্ৰে (মংগল), বৈভ'ৰা (বুধ) আনকি জেমাইনাৰ (পৃথিৱী) মাতৃ বুলিও বৰ্ণনা কৰা হয়।[5]

কিছুমান গল্পত "কাৰালিউনে" আৰু "ডাংগাউছ কাৰিউনে" ("স্বৰ্গৰ ৰাণী")ক অশ্ৰিনক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।

লাটভিয়াৰ লোক-সাঁথৰত তেওঁৰ নামটোৱেই নিয়ৰৰ বিষয়ে লিখা এটা সাঁথৰৰ উত্তৰ। এই সাঁথৰত এগৰাকী ছোৱালীয়ে নিজৰ চাবি হেৰুৱাই পেলায় (বা মুকুতাৰ হাৰ খুলি দিয়ে), চন্দ্ৰই সেইবোৰ দেখে, কিন্তু সূৰ্য্যইহে লয়।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Mallory, J. P.; Adams, Douglas Q. (1997). Encyclopedia of Indo-European Culture. Taylor & Francis. পৃষ্ঠা. 148. ISBN 1-884964-98-2. https://books.google.com/books?id=tzU3RIV2BWIC&pg=PA148. 
  2. 2.0 2.1 Zinkus, Jonas; et al., eds. (1985–1988). "Aušrinė". Tarybų Lietuvos enciklopedija. I. Vilnius: Vyriausioji enciklopedijų redakcija. p. 143. LCCN 86232954. 
  3. Greimas, Algirdas Julien (1992). Of Gods and Men. Studies in Lithuanian Mythology. Indiana University Press. পৃষ্ঠা. 77. ISBN 0-253-32652-4. 
  4. Vaiškūnas, Jonas. "3. Star Names in the Folklore and Ethnographic Compendiums" (lt ভাষাত). Lithuanian Ethnoastronomy. Archived from the original on 2011-07-22. https://web.archive.org/web/20110722153157/http://ausis.gf.vu.lt/eka/eastr/stars3.html। আহৰণ কৰা হৈছে: 2010-01-04. 
  5. Andrews, Tamra (2004). Wonders of the Sky. Libraries Unlimited. পৃষ্ঠা. 71–73. ISBN 1-59158-104-4. https://books.google.com/books?id=7aGRQFmiyfUC&pg=PA73. 
  6. Vaitkevičienė, Daiva (2013). "Baltic and East Slavic Charms". The Power of Words: Studies on Charms and Charming in Europe. Central European University Press. পৃষ্ঠা. 215–216. ISBN 9786155225109. http://www.jstor.org/stable/10.7829/j.ctt2tt29w.12। আহৰণ কৰা হৈছে: April 27, 2021.