অষ্টাংগিক আৰ্য মাৰ্গ (পালি: ariya aṭṭhaṅgika magga, সংস্কৃত: āryāṣṭāṅgamārga)[1] সংসাৰৰ পৰা মোক্ষলাভ[2][3] (জীৱন আৰু মৃত্যুৰ চক্ৰৰ অন্ত) আৰু নিৰ্বাণ প্ৰাপ্তিৰ বাবে বৌদ্ধ কাৰ্যপন্থাৰ এক পুৰণি সাৰাংশ।[4][4] বৌদ্ধ প্ৰতীকসমূহৰ মাজত ধৰ্মচক্ৰই অষ্টাংগিক আৰ্য মাৰ্গ দৰ্শায়।
এই মাৰ্গত আঠটা কাৰ্য আছে: সম্যক দৃষ্টি, সম্যক সংকল্প, সম্যক বাক্য, সম্যক কৰ্ম, সম্যক জীৱিকা, সম্যক প্ৰযত্ন, সম্যক স্মৃতি আৰু সম্যক সমাধি।[5] ইয়াৰে প্ৰথম দুটা সম্যক প্ৰজ্ঞা, তাৰ পাছৰ তিনিটা সম্যক শীল আৰু শেষৰ তিনিটা সম্যক সমাধি।
প্ৰথমে বৌদ্ধ ধৰ্মত এই কাৰ্যসমূহ আৰম্ভ হৈছিল এই ধাৰণাৰে যে শৰীৰ-মনে ভ্ৰষ্ট ধৰণেৰে কাম কৰে (সম্যক দৃষ্টি); যাৰ পাছত বৌদ্ধ মাৰ্গত প্ৰৱেশ কৰা হয়: সম্যক পালন, সম্যক সংযম, দয়া আৰু কৰুণা বৃদ্ধি কৰা। অৱশেষত ধ্যান বা সমাধি লাভ কৰা হয়। ই শৰীৰ আৰু মনৰ বিকাশৰ কাৰ্যক সুদৃঢ় কৰে।[6] পাছলৈ প্ৰজ্ঞা বৌদ্ধ ধৰ্মত গুৰুত্বপূৰ্ণ হৈ পৰিল, আৰু এই মাৰ্গৰ এক অন্য ধাৰণা বিকশিত হ'ল।[7][7] ইয়াৰ উদ্দেশ্য অজ্ঞান আৰু পুনৰ্জন্মৰ অন্ত।[8][9][10][3][3]
অষ্টাংগিক আৰ্য মাৰ্গ বৌদ্ধ শিক্ষাৰ এক প্ৰধান সাৰাংশ, যিয়ে অৰ্হতলৈ লৈ যায়।[11] থেৰবাদত এই মাৰ্গক শীল, সমাধি আৰু প্ৰজ্ঞা বোলা হয়। মহাযানত এই মাৰ্গৰ তুলনা কৰা হয় বোধিসত্ত্ব মাৰ্গৰ সৈতে। মহাযানৰ মতে বোধিসত্ত্ব মাৰ্গে অৰ্হতৰ আগলৈ যাত্ৰীক লৈ যায়: পূৰ্ণ বুদ্ধত্বলৈ।[12]