অসম উপত্যকা সাহিত্য বঁটা | ||
![]() | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | অসমীয়া সাহিত্য | |
প্ৰতিষ্ঠা | ১৯৯০ | |
প্ৰথমবাৰ প্ৰদান | ১৯৯০ | |
মুঠ প্ৰদানৰ সংখ্যা | ৩১ | |
প্ৰদানকৰ্তা | ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাস | |
নগদ টকা | ₹ ২,০০,০০০ | |
প্ৰথম প্ৰাপক | ভবেন্দ্ৰ নাথ শইকীয়া (১৯৯০) | |
অন্তিম প্ৰাপক | ৰীতা চৌধুৰী, সনন্ত তাঁতী, য়েছে দৰজে ঠংচি (২০১৭) |
অসম উপত্যকা সাহিত্য বঁটা হৈছে অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ। সৃজনীমূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।[1][2][3]
ৱিলিয়ামচন মেগৰ গ্ৰুপ অফ ইণ্ডাষ্ট্ৰি (Williamson Magor Group of Industries) -ৰ অধ্যক্ষ শ্ৰী বি এম খেতানে অসম উপত্যকা সাহিত্য বঁটাৰ কথা ঘোষণা কৰিছিল। ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ আসাম ভেলী স্কুলৰ আধাৰশিলা স্থাপন কৰোঁতে এই কথা ঘোষণা কৰা হৈছিল।
১৯৯০ চনত আৰম্ভ কৰা, এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক আছিল ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
অসম উপত্যকা সাহিত্য বঁটাৰ লগত নগদ দুই লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু বিশেষভাৱে নিৰ্মিত এটা ট্ৰফী প্ৰদান কৰা হয়। প্ৰখ্যাত অসমীয়া ভাস্কৰ আৰু চিত্ৰশিল্পী শোভা ব্ৰহ্মই এই বঁটাটোৰ আৰ্হি প্ৰস্তুত কৰিছিল।
প্ৰত্যেক বছৰে সৃজনীমূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয়। ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।
অসম উপত্যকা সাহিত্য বঁটা বিজয়ীসকল হৈছে:
নং | বৰ্ষ | বিজয়ী |
---|---|---|
১ | ১৯৯০ | ভবেন্দ্ৰ নাথ শইকীয়া |
২ | ১৯৯১ | হোমেন বৰগোহাঞি |
৩ | ১৯৯২ | ছৈয়দ আব্দুল মালিক |
৪ | ১৯৯৩ | নৱকান্ত বৰুৱা |
৫ | ১৯৯৪ | যোগেশ দাস |
৬ | ১৯৯৫ | সৌৰভ কুমাৰ চলিহা |
৭ | ১৯৯৬ | উমাকান্ত শৰ্মা |
৮ | ১৯৯৭ | নীলমণি ফুকন |
৯ | ১৯৯৮ | মহিম বৰা |
১০ | ১৯৯৯ | অজিৎ বৰুৱা |
১১ | ২০০০ | হীৰেন ভট্টাচাৰ্য[4] |
১২ | ২০০১ | শীলভদ্ৰ[5] |
১৩ | ২০০২ | চন্দ্ৰপ্ৰসাদ শইকীয়া[6][7] |
১৪ | ২০০৩ | নিৰুপমা বৰগোহাঞি |
১৫ | ২০০৪ | লক্ষ্মীনন্দন বৰা[8] |
১৬ | ২০০৫ | অৰুণ শৰ্মা |
১৭ | ২০০৬ | নলিনীধৰ ভট্টাচাৰ্য |
১৮ | ২০০৭ | নগেন শইকীয়া |
১৯ | ২০০৮ | ৰংবং তেৰাং[9] |
২০ | ২০০৯ | ইমৰান শ্বাহ |
২১ | ২০১০ | হৰেকৃষ্ণ ডেকা |
২২ | ২০১১ | পূৰবী বৰমুদৈ |
২৩ | ২০১২ | সমীৰ তাঁতী |
২৪ | ২০১৩ | অতুলানন্দ গোস্বামী[10] |
২৫ | ২০১৪ | হীৰেন্দ্ৰ নাথ দত্ত[11] |
২৬ | ২০১৫ | অপূৰ্ব শৰ্মা |
২৭ | ২০১৬ | অৰূপা পটংগীয়া কলিতা |
২৮ | ২০১৭ | ৰীতা চৌধুৰী |
সনন্ত তাঁতী | ||
য়েছে দৰজে ঠংচি |
|