অসম মহিলা বিশ্ববিদ্যালয় Assam Women's University | |
---|---|
![]() | |
স্থাপিত | ২০১৩ |
ধৰণ | চৰকাৰী |
উপাচাৰ্য | অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ |
স্থান | যোৰহাট, অসম, ভাৰত![]() |
Acronym | AWU |
ৱেবছাইট | আধিকাৰিক ৱেবছাইট |
অসম মহিলা বিশ্ববিদ্যালয় (ইংৰাজী: Assam Women's University) অসমৰ যোৰহাটত অৱস্থিত চৰকাৰী খণ্ডৰ এখন বিশ্ববিদ্যালয়। ২০১৩ চনৰ ১৫ জুলাইত অসম বিধানসভাত নতুন মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত এক বিধেয়ক গৃহীত হয়।[1] সেই বছৰতে অসম মহিলা বিশ্ববিদ্যালয় আইন ২০১৩ –ৰ যোগেদি বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰা হয় আৰু ২০১৪ চনৰ ১১ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিশ্ববিদ্যালয়খনৰ আনুষ্ঠানিক উদ্বোধন কৰে।[2][3][4][5] অসমৰ এইখনেই প্ৰথম মহিলা বিশ্ববিদ্যালয়।[6][7] বিভিন্ন বিষয়ত মুঠ ৬৫ খন আসনেৰে বিশ্ববিদ্যালয়খনৰ আৰম্ভণি কৰা হয়।
প্ৰাৰম্ভিক কালত ৰাজ্য চৰকাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কে এম বুজৰবৰুৱাক বিশ্ববিদ্যালয়খনৰ চোৱাচিতাৰ দায়িত্ব দিয়ে।[8]
২০১৯ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অধ্যাপক ডঃ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে নিযুক্ত কৰে।[9]
বিশ্ববিদ্যালয়খনে আগবঢ়োৱা স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল’মা পাঠ্যক্ৰমসমূহ:[6]
স্নাতক
|
স্নাতকোত্তৰ
|
ডিপ্ল’মা
|