অসম সাহিত্য সভা | |
---|---|
অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন | |
নীতিবাক্য | চিৰ চেনেহী মোৰ ভাষা জননী |
প্ৰতিষ্ঠা | ১৯১৭ |
উদ্দেশ্য | অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি |
প্ৰধান কাৰ্যালয় | চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট, অসম |
আনুষ্ঠানিক ভাষা | অসমীয়া |
সভাপতি | সূৰ্য্যকান্ত হাজৰিকা |
ৱেবছাইট | assamsahityasabha.org |
পূৰ্বৰ নাম | অসমীয়া ভাষা উন্নতি সাধিনী সভা |
অসম সাহিত্য সভাৰ জন্ম ১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে হয়[1]। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল, ১৯২০ চনৰ পৰা ১৯২৭ চনলৈকে তেখেত সম্পাদকৰ পদত অধিষ্ঠিত আছিল[2]।
ঊনৈছ শতিকাৰ শেষৰফালে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ দেহেকেহে খাটিছিল। অসমত আন ভাষাৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ কথা মনত ৰাখিয়েই তেওঁলোকে ১৮৮৮ চনৰ ২৫ আগষ্টত "অসমীয়া ভাষা উন্নতি সাধিনী সভা" প্ৰতিষ্ঠা কৰে[3]। ইয়াৰ লগত জড়িত ব্যক্তিসকল আছিল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমলচন্দ্ৰ শৰ্মা ইত্যাদি। লাহে লাহে ইয়াৰ সদস্যসংখ্যা বাঢ়িবলৈ ধৰিলে। শেষত পুলিয়ে পোখাই গজালি মেলি অসমীয়া ভাষা উন্নতি সাধিনী সভাই ১৯১৭ চনত অসম সাহিত্য সভাৰ ৰূপ ধাৰণ কৰে[3]।
অসম সাহিত্য সভাৰ সংবিধানত উল্লেখ কৰা মতে ইয়াৰ উদ্দেশ্য এনে ধৰণৰ - "অসমীয়া ভাষা,সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি কৰাই এই সভাৰ ঘাই উদ্দেশ্য, লগতে অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাও সভাৰ অন্যতম উদ্দেশ্য হ’ব। সেই উদ্দেশ্যে তলত দিয়া ধৰণে কাৰ্য কৰিবলৈ সভা যত্নপৰ হ’ব :
১৯২৬ চনৰ পৰা অসম সাহিত্য সভাই অসম সাহিত্য সভা পত্ৰিকা নামেৰে অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী, বিশ্লেষণাত্মক প্ৰবন্ধৰে এখন তিনিমহীয়া আলোচনী প্ৰকাশ কৰি আহিছে। দ্বিতীয় মহাসমৰৰ সময়ত পত্ৰিকাখনৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হয়। কেইবছৰমান প্ৰকাশ বন্ধ হৈ থাকি ১৯৫৪ চনৰ পৰা ই পুনৰ নিয়মিতভাৱে প্ৰকাশ হৈ আছে[4]।
গীতিকাৰঃ মিত্ৰদেৱ মহন্ত অধিকাৰ। এই গীতৰ স্বৰলিপি যোৰহাটৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাৰ।
চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যে পুণ্যে হৃত পাৱনী, আই॥
প্ৰকৃতি পৰশ ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল
কোমল চম্পাৰ কলি
ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥
সংসাৰ গুৰুভাৰে অৱশ পৰাণ
হিয়াত বিলীন হয় হিয়াভৰা গান
কাৰ নিচুকনি শুনা
শুনি বাণী ব্যথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি॥
জীৱনে মৰণে ৰণে লহৰী সুধাৰ
ৰসনা শিতানে বহি সিঁচা শতধাৰ
হে’ মোৰ মধুৰননা
মাগিছোঁ মাধুৰী কণা
দিয়া দিয়া দিয়া আই মধু ভাষিণী॥
ৱিকিমিডিয়া কমন্সত অসম সাহিত্য সভা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|