পতংগখাদক (ইংৰাজী: Entomophagy)ৰ ৰূপত দেশৰ অন্যান্য প্ৰান্তৰ লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্যত চহকী অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম; এই অঞ্চলত বাস কৰা মানুহে লিংকৰি, জেৱাংকৰি নাইবা মেজাংকৰি, উঁই, পাইন বিছা, এৰিপলু, আমৰলি পৰুৱা, মৌ-মাখি আৰু বৰলক খাদ্য হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। [1]
আমৰলি পৰুৱা (Oecophylla smaragdina): আমৰলি পৰুৱাৰ কণী আৰু অপত্য পলুবোৰ সংগ্ৰহ কৰি তেলত দি পিয়াঁজৰ সৈতে ভাজি পৰিবেশন কৰা হয়। জনবিশ্বাসমতে, গৰু বিহুৰ দিনাখন আমৰলি পৰুৱা খালে বছৰটোলৈ মানুহে সু-স্বাস্থ্য পোৱাৰ উপৰিও সৰুআইকে ধৰি অন্যান্য ৰোগৰ প্ৰতিৰোধ ক্ষমতা লাভ কৰে।[1]
উঁইচিৰিঙা (Acheta domestica): মাটিত থকা উঁইচিৰিঙাৰ গাতবোৰ চিনাক্ত কৰি খান্দি উলিওৱা হয়। সংগ্ৰহ কৰা উঁইচিৰিঙাৰ পাখি গুচাই জুইত সেকি বা তেলত ভাজি পৰিবেশন কৰা হয়।[1]
জেৱাংকৰ(Lethocerus grandis): এই পতংগবিধ অসমৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত খুবেই জনপ্ৰিয়। ইহতক জুইত সেকি বা তেলত ভাজি পৰিবেশন কৰা হয়।[1]
উঁই (Odontotermes obesus): পাখিহীন আৰু পাখিযুক্ত উভয়ধৰণৰ উঁইক প্ৰয়োজন সাপেক্ষে পাখি গুছাই পৰিবেশন কৰা হয়।
মৌ-মাখি আৰু বৰল (Apis indica) আৰু বৰল (Vespa sp.) : মৌৰ চাক বা বৰলৰ বাঁহ সংগ্ৰহ কৰি কেঁচাই বা পগাই উভয়ধৰণে পৰিবেশন কৰিব পাৰি। ইহঁতৰ অপত্যস্তৰবোৰ, যেনে:-পলু আৰু লেটাক বাঁহটো পুৰি তাৰ পৰা পৃথক কৰি কেঁচাই খাব পাৰি। লোকবিশ্বাসমতে, মৌ আৰু বৰলৰ কিছুমান ঔষধি গুণ আছে। প্লীহাৰোগ নাশক, বাত বিষ নাশক আৰু দৃষ্টি শক্তি বৃদ্ধিকাৰক হিচাপে এইবোৰৰ গুৰুত্ব আছে।[1]
লিংকৰ(Agabetes acuductus) আৰু (Hydrochara rickseckeri): অসমৰ বড়ো আৰু মিচিং সম্প্ৰদায়ৰ মাজত লিংকৰি বিশেষভাবে জনপ্ৰিয়। পুখুৰী আৰু খালৰ পৰা লিংকৰি সংগ্ৰহ কৰি জুইত সেকি বা তেলত ভাজি পৰিবেশন কৰা হয়।
ফৰিং (Heiroglyphus banian) আৰু (Neoconocephalus paustris): ফৰিঙৰ পাখি গুছাই জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়। তিৱা সম্প্ৰদায়ৰ মাজত ফৰিং বহুলভাৱে সমাদৃত।
এৰী পলু (Philosomia ricini): আহোম আৰু মিচিঙকে ধৰি অসমৰ বহুকেইটা সম্প্ৰদায়ৰ মাজত এৰিৰ পলু আৰু লেটা খাদ্যৰূপত বহুলভাৱে সমাদৃত। এৰিৰ পলু আৰু লেটাক কেঁচাই, সিজাই বা তেলত ভাজি পৰিবেশন কৰা হয়।
পতংগ | প্ৰ’টিন (গ্ৰাম) | চৰ্বি (গ্ৰাম) | শৰ্কৰা (গ্ৰাম) | কেলছিয়াম (মি.গ্ৰা.) | লোহা (মি.গ্ৰা.) |
---|---|---|---|---|---|
জেবাংকৰি | ১৯.৮ | ৮.৩ | ২.১ | ৪৩.৫ | ১৩.৬ |
আমৰলি পৰুৱা | ১৩.৮ | ৩.৫ | ২.৯ | ৪৭.৮ | ৫.৭ |
এৰিপলুৰ লেটা | ৯.৬ | ৫.৬ | ২.৩ | ৪১.৭ | ১.৮ |
উঁইচিৰিঙা | ১২.৯ | ৫.৫ | ৫.১ | ৭৫.৮ | ৯.৫ |
উঁই | ১৪.২ | 0 | 0 | 0 | ৩৫.৫ |
সৰু ফৰিং | ২০.৬ | ৬.১ | ৩.৯ | ৩৫.২ | ৫.০ |
ডাঙৰ ফৰিং | ১৪.৩ | ৩.৩ | ২.২ | ২৭.৫ | ৩.০ |
উৰহ | ১৪.২ | ০ | ০ | ০ | ০ |
গুবৰুৱা | ১৭.২ | ৪.৩ | ২.০ | ৩০.৯ | ৭.৭ |
(প্ৰতি ১০০ গ্ৰাম ওজনত)[2]
পৃথিৱীৰ জনসংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে, যদিও সেই অনুপাতে উচ্চগুণ সম্পন্ন প্ৰ’টিনযুক্ত খাদ্যৰ উৎপাদন বৃদ্ধি হোৱা নাই। যাৰ ফলত এদিন হয়তো মানুহৰ খাদ্যস্বৰূপে পতংগ, মানুহৰ দৈনন্দিন আহাৰৰ তালিকাৰ ভিতৰত সোমাই পৰিব বুলি বৈজ্ঞানিক সকলে মত পোষণ কৰিছে।[3][4][5][6] প্ৰায় বৰ্গৰ পতংগই অধিক গুণজাত প্ৰ’টিনৰ ভঁৰাল, সেয়ে এইবোৰক খাদ্যৰূপত ব্যৱহাৰ কৰা হয়।[7] কিছুমান পতংগই বিষাক্ত ৰেচন দ্ৰব্য বৰ্জন কৰে, কিছুমানে এলাৰ্জিকাৰক পদাৰ্থ সৃষ্টি কৰে, আনহাতে কিছুমানে ৰোগৰ বাহক হিচাপেও ক্ৰিয়া কৰে।[8] সেই পতংগক খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ আগতে সতৰ্কতা অৱলম্বণ কৰা প্ৰয়োজন।[9] জৈৱবৈচিত্ৰ্য্যৰ অন্যতম কিছুমান পতংগ, বিশেষকৈ আমৰলি পৰুৱা আৰু বৰলৰ বাহ আদিৰ নিৰ্বিচাৰ ধ্বংসৰ ফলত এনে প্ৰজাতি বিলুপ্ত হোৱাৰ সম্ভাৱনাও নথকা নহয়।[10] এনে পতংগ সহজে ঘৰুৱাভাবে উৎপাদন আৰু বংশ বিস্তাৰৰ বাবে উন্নত প্ৰযুক্তি প্ৰয়োগ কৰিব পাৰি। [11]
ৱিকিমিডিয়া কমন্সত অসমত ব্যৱহৃত পতংগ খাদ্য সম্পৰ্কীয় মিডিয়া ফাইল আছে। |