অসমীয়া | |
---|---|
![]() | |
উচ্চাৰণ | ɔxɔmija |
থলুৱা অঞ্চল | ভাৰত, ভূটান ইত্যাদি। |
অঞ্চল | অসম, অৰুণাচল প্ৰদেশ, নগালেণ্ড, উত্তৰ-পূব ভাৰতৰ আন কোনো কোনো ঠাই, দিল্লী, বাংগালুৰু, উত্তৰ প্ৰদেশ, পুণে-মহাৰাষ্ট্ৰ, কলিকতা আদিৰ ঠাইবিশেষে[1] |
জাতীয়তা | অসমীয়া জাতি |
স্থানীয় ভাষিক |
১৩ নিযুত (মুঠ ২০ নিযুত) |
ভাষা পৰিয়াল |
|
পূৰ্বসূৰী |
মগধী প্ৰাকৃত
|
উপভাষা | *উজনি অসমৰ উপভাষা
|
লিখন প্ৰণালী | অসমীয়া লিপি, আহোম লিপি (দুৰ্লভ) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
![]() |
নিয়মাধীন হয় |
অসম সাহিত্য সভা |
ভাষা সংকেত | |
ISO 639-1 | as |
ISO 639-2 | asm |
ISO 639-3 | asm |
গ্লোটোলগ | assa1263 [2] |
লিংগোৱাস্ফেয়াৰ | 59-AAF-w |
অসমীয়া ভাষা (ইংৰাজী: Assamese language) হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা তথা অসমৰ ৰাজ্যিক ভাষা। এই ভাষা অসমৰ মূল সংযোগী ভাষা (lingua franca)।[3] ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। অৰুণাচল প্ৰদেশ, পশ্চিম বংগৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয়। অৰুণাচলত ব্যৱহাৰ হোৱা সংযোগী ভাষাটোক অৰুণামিজ নামেৰে জনা যায়৷ ভূটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি[4] আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি।[5] অসমীয়াৰ পূৰ্বে এই অঞ্চলত প্ৰাচীন বড়ো-গাৰো ভাষা প্ৰথম মূল সংযোগী ভাষা আছিল।[6] অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাঁওফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ। ২০২৪ চনৰ ৩ অক্টোবৰ তাৰিখে অসমীয়া ভাষাই ভাৰতৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰে৷[7] [8] [9]
প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিদে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়। তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হ'ল- কালিৰাম মেধিৰ মতে প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, ড৹ বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ড° জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, ড° বাণীকান্ত কাকতি, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড° উপেন্দ্ৰনাথ গোস্বামী, ড° গোলোকচন্দ্ৰ গোস্বামী, ড° মহেশ্বৰ নেওগ, ড° নগেন ঠাকুৰ, ড° ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত।[10][11]
বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হ'ব পৰা নাই। কিন্তু মাগধী প্ৰাকৃত সম্পৰ্কে বহু কেইজন ভাষাবিদ সহমতত উপনীত হৈছে। মাগধী প্ৰাকৃতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া ভাষা প্ৰধানকৈ ভাৰত-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে। শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'। এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰৰ মাগধী প্ৰাকৃতৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়।[12]
এইক্ষেত্ৰত ড° উপেন্দ্ৰনাথ গোস্বামীৰ মতে,
অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে।[13]
অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ[14] গ্ৰন্থত ড° গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা এনেদৰে তৈয়াৰ কৰিছে-
ভাষা - অসমীয়া
গোত্ৰ - ভাৰত-ইউৰোপীয়
প্ৰৱৰ - আৰ্য
শাখা - বৈদিক
বৰ্ণ - প্ৰাচ্য (কামৰূপ) প্ৰাকৃত
গণ - কামৰূপী অপভ্ৰংশ
ক্ষণ - দ্বাদশ-ত্ৰয়োদশ শতিকা
ক্ষেত্ৰ - উত্তৰ-পূব ভাৰত খণ্ড
আনহাতে প্ৰাক-আহোম যুগৰ কামৰূপৰ হিন্দুৰজাসকলৰ তাম্ৰফলিবোৰ সংস্কৃতত লিখা হ'লেও তাৰ মাজত সোমাই থকা অনাৰ্য শব্দসমূহে সেই সময়ৰ জনসাধাৰণৰ কথিত ভাষাটোৰ সুকীয়া অস্তিত্বৰ কথাকে সূচায়। বেণীমাধৱ বৰুৱাই এই কথিত ভাষাটোক কামৰূপী প্ৰাকৃত নাম দিছে। ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাই আদিয়েই এই মতকে পোষণ কৰিছে। ড° ডিম্বেশ্বৰ নেওগে Growth of the Asamiya Language-ত অসমীয়া ভাষাৰা জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি চলি অহা ধাৰণাটো ভুল আৰু ই "it did not stand analysis and proper scrutiny" বুলি মন্তব্য কৰিছে।[15][16]
অসমীয়া ভাষাৰ বিকাশক ড° বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে।[17]
খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়। ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে।
অসমীয়া লিপি অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধিমাতৃকা লিপি হৈ নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। ৮ম-১২শ শতিকামানত ৰচনা কৰা বৌদ্ধ ধৰ্মসাধনাৰ গীত চৰ্যাপদত অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায়। আহোম ৰাজ্যতো বুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। ১৯শ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা 'ধৰ্মপুস্তক' (বাইবেলৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়।
সংস্কৃত ভাষাৰ পৰিৱৰ্তনৰ ধাৰাইদি আহি অসমীয়া ভাষাৰ সৃষ্টি হ'লেও অসমীয়া ভাষাৰ ব্যাকৰণে কিছুমান নিৰ্দিষ্ট বিশেষত্ব প্ৰকাশ কৰিছে। অসমীয়া ভাষাত তলত দিয়াৰ দৰে ৰূপতাত্বিক বৈশিষ্ট্যসমূহ প্ৰকাশ পায়[18]
অসমীয়া ভাষাৰ ধ্বনিতত্ত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি।
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। লিখিতভাৱে স্বৰধ্বনি ১১টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়। উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি।[19][12]
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। জিভাৰ অংশ অনুসৰি সিহঁতক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ তিনিভাগত ভাগ কৰা হয়। আকৌ জিভাৰ উচ্চতা অনুসৰি উচ্চ, উচ্চ-মধ্য, উচ্চ-নিম্ন-মধ্য, নিম্ন-মধ্য আৰু নিম্ন এই পাঁচভাগত ভগাব পাৰি। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।[20]
সন্মুখ | কেন্দ্ৰীয় | পশ্চ | |
---|---|---|---|
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়। লিখিতভাৱে অসমীয়া ভাষাত ৪০টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়।[19][12]
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পৰ্শ, নাসিক্য, পাৰ্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়। স্পৰ্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে। সেইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হ'ব পাৰে। নাসিক্য, পাৰ্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি। উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়। /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হ'ব পাৰে। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।
অসমীয়া ভাষাত 'য়' আৰু 'ৱ' এই দুটা অৰ্ধ-স্বৰ বিশিষ্ট-ধ্বনি নহয়। সিহঁত শ্ৰুতি-ধ্বনি ৰূপতহে থাকে। ওচৰা-ওচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো 'ই' হ'লে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি 'য়' উচ্চাৰিত হ'ব আৰু আগৰটো 'উ' বা 'ও' হ'লে আপোনা-আপুনি 'ৱ' উচ্চাৰিত হ'ব।[20]
উচ্চাৰণ স্থান | দ্বৌষ্ঠ্য | দন্তমূলীয় | পশ্চ-তালব্য | কণ্ঠ্য | |||
---|---|---|---|---|---|---|---|
ঊনবিংশ শতিকাত খ্ৰীষ্টিয়ান মিছনেৰীসকলে যি ভাষাত শিৱসাগৰ জিলাত অৰুণোদই ছপা কৰিছিল সেই ভাষাই সময়ত মান্য ভাষা হৈছিল আৰু সেই ভাষাই বৰ্তমান চৰকাৰী ভাষা। অসমৰ সংবাদ পত্ৰ, স্কুল-কলেজ আদিতো এই ভাষাকে ব্যৱহাৰ কৰা হয়। কিন্তু বৰ্তমান অসমত ইয়াৰ বাহিৰেও কেইবাটাও উপভাষা প্ৰচলিত আছে। বাণীকান্ত কাকতিৰ মতে অসমত দুটা উপভাষাৰ প্ৰচলন আছে (১) পূব আৰু (২) পশ্চিম উপভাষা। কিন্তু বৰ্তমান উপভাষা বিভাজনত পাঁচটা ভাগ কৰা দেখা যায়।[5][21]
![]() |
ৱিকিমিডিয়া কমন্সত অসমীয়া ভাষা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
![]() |
ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ অসমীয়া ভাষাৰ সংস্কৰণ |
|
|
|
|