![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
অৰুণাচল প্ৰদেশ | |
---|---|
ওপৰৰ বাওঁফালৰ পৰা সোঁফালে: গোল্ডেন পেগোডা, নামছাই, টাৱাং মঠ, টুটছা নাগা নৃত্যশিল্পী, জিৰো উপত্যকা, পাক্কে বাঘ সংৰক্ষিত বনাঞ্চল, ছেলা পাছ | |
![]() ভাৰতৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ অৱস্থান | |
![]() অৰুণাচল প্ৰদেশৰ মানচিত্ৰ | |
দেশ | ![]() |
গঠন | ২০ ফেব্ৰুৱাৰী ১৯৮৭ |
ৰাজধানী | ইটানগৰ |
বৃহত্তম নগৰ | ইটানগৰ |
জিলাসমূহ | 16 |
চৰকাৰ | |
• ৰাজ্যপাল | ব্ৰিগেদিয়াৰ বি.ডি. মিশ্ৰ |
• মুখ্যমন্ত্ৰী | পেমা খান্দু (ভাজপা) |
• বিধান সভাৰ আসন | ৬০ খন |
• লোকসভাৰ আসন | ২ খন |
• উচ্চ ন্যায়ালায় | গুৱাহাটী উচ্চ ন্যায়ালয় |
কালি | |
• মুঠ |
৮৩,৭৪৩ km2 (32,333 sq mi) |
• স্থান | ১৪শ |
জনসংখ্যা (২০১১) | |
• মুঠ |
১৩৮২৬১১ |
• স্থান | ২৬তম |
• ঘনত্ব | 17/km2 (43/sq mi) |
অৰুণাচল প্ৰদেশ (হিন্দী: अरुणाचल प्रदेश, উচ্চাৰণ: [ərʊˈɳaːtɕəl prəˈd̪eːɕ] ( শুনক)) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক। সংস্কৃতত অৰুণাচল প্ৰদেশৰ অৰ্থ "পুৱতিৰ আলোকেৰে আলোকিত দেশ "[4] উত্তৰ-পূব ভাৰতত ইয়াৰ অৱস্থানৰ বাবে অৰুণাচল প্ৰদেশক সূৰ্য্য উঠা দেশ বুলিও জনা যায়।[5] ("প্ৰদেশৰ" অৰ্থ "ৰাজ্য", বা "অঞ্চল")। উত্তৰ-পূৱ ভাৰতৰ আন আন ৰাজ্যৰ দৰে অৰুণাচল প্ৰদেশৰো সৰহ সংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী বিখ্যাত লিডু-বাৰ্মা পথ (ষ্টিলৱেল পথ)ৰাজ্যখনৰ পূৱ প্ৰান্তেদি গৈছে।
পাহাৰে আৱৰা প্ৰদেশখনৰ অসম সংলগ্ন কিছু অংশ সমতলভূমি। ৰাজ্যখনৰ দুই-তৃতীয়াংশতকৈও বেছি অঞ্চল ঘন অৰণ্যৰে আৱৰা।
অৰুণাচলত অনুসূচীত জাতি আৰু জনজাতিৰ প্ৰাধান্য অধিক। ১৯৮১ চনৰ লোকপিয়ল অনুযায়ী অনুসূচীত জনজাতি ৭৯%। ই সমগ্ৰ ভাৰতৰ অনুসূচীত জনজাতিৰ ৭%। ইয়াত প্ৰধানকৈ ২০টা জনগোষ্ঠীয়ে বসবাস কৰে। এওঁলোকৰ বহুতো উপজাতি আছে। প্ৰধান জনগোষ্ঠীসমূহ হ’ল – আদি, নিশি, আপাতানি, তাগিন, খামটি, নোকটে, ৱাঞ্চে, তাংচা, চিংফৌ, মেনপা, শোৰদুকপেন আৰু অকা। [উদ্ধৃতিৰ প্ৰয়োজন]
অৰুণাচল প্ৰদেশক ১৬খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।[6]জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে।
এই ১৬খন জিলা হৈছে: টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুমপাৰে, উজনি সোৱণশিৰি, নামনি সোৱণশিৰি, পশ্চিম ছিয়াং, পূব ছিয়াং, উজনি ছিয়াং, চাংলাং, টিৰাপ, কুৰুং কুমেই, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত, আৰু অনজৌ জিলা।
অৰুণাচল প্ৰদেশক ১৬খন জিলা হৈছে:[6]
সংকেত | জিলা | সদৰ | জনসংখ্যা (২০১১)[7] |
মাটিকালি (বৰ্গ কিমি) |
জনঘনত্ব (প্ৰতি বৰ্গ কিমি) |
ৱেবছাইট |
০১ | টাৱাং | টাৱাং চহৰ | ৪৯৯৫০ | ২০৮৫ | ২৩ | tawang.nic.in |
০২ | পশ্চিম কামেং | বমডিলা | ৮৭০১৩ | ৭৪২২ | ১২ | westkameng.nic.in |
০৩ | পূব কামেং | চেপ্পা | ৭৮৪১৩ | ৪১৩৪ | ১৯ | eastkameng.nic.in |
০৪ | পাপুমপাৰে | য়ুপিয়া | ১৭৬৩৮৫ | ২৮৭৫ | ৬১ | papumpare.nic.in |
০৫ | উজনি সোৱণশিৰি | দাপৰিজো | ৮৩২০৫ | ৭০৩২ | ১২ | |
০৬ | পশ্চিম ছিয়াং | আলং | ১১২২৭২ | ৮৩২৫ | ১৩ | westsiang.nic.in |
০৭ | পূব ছিয়াং | পাচিঘাট | ৯৯০১৯ | ৪০০৫ | ২৭ | eastsiang.nic.in |
০৮ | উজনি ছিয়াং | য়ুং কিয়োং | ৩৫২৮৯ | ৬১৮৮ | ৫ | |
০৯ | চাংলাং | চাংলাং | ১৪৭৯৫১ | ৪৬৬২ | ৩২ | changlang.nic.in |
১০ | টিৰাপ | খোন্সা | ১১১৯৯৭ | ২৩৬২ | ৪৭ | tirap.nic.in |
১১ | নামনি সোৱণশিৰি | জিৰ' | ৮২৮৩৯ | ৩৪৬০ | ২৪ | |
১২ | কুৰুং কুমেই | কলৰিয়াং | ৮৯৭১৭ | ৮৮১৮ | ১৫ | |
১৩ | দিবাং উপত্যকা | অনীনি | ৭৯৪৮ | ৯১২৯ | ১ | |
১৪ | নামনি দিবাং উপত্যকা | ৰইং | ৫৩৯৮৬ | ৩৯০০ | ১৪ | roing.nic.in |
১৫ | লোহিত | তেজু | ১৪৫৫৩৮ | ২৪০২ | ২৮ | lohit.nic.in |
১৬ | অনজৌ | হাৱাই | ২১০৮৯ | ৬১৯০ | ৩ |
![]() |
ৱিকিমিডিয়া কমন্সত অৰুণাচল প্ৰদেশ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
![]() |
![]() |
![]() | ||
![]() |
![]() |
![]() | ||
![]() ![]() | ||||
![]() | ||||
অসম | নাগালেণ্ড | ![]() |
|
|
|