অৰুণাভ সৰকাৰ | |
---|---|
জন্ম | ২৯ মে', ১৯৪১ (৮৩ বছৰ) টাঙ্গাইল জিলা, বেঙ্গল প্ৰেছিডেন্সি, বৃটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
পেচা | লেখক, কবি, সাংবাদিক |
অৰুণাভ সৰকাৰ (ইংৰাজী: Arunabh Sarkar; ২৯ মে' ১৯৪১ - ১৮ ডিচেম্বৰ ২০১৪) এগৰাকী বাংলাদেশী কবি, স্তম্ভলেখক, সাহিত্য সম্পাদক আৰু স্বাধীনতা সংগ্ৰামী[1] তেওঁৰ জন্ম হৈছিল বাংলাদেশ টাঙ্গাইলত। ২০০৯ চনত কবিতাৰ বাবে তেওঁ বাংলা অকাডেমী সাহিত্য বঁটা লাভ কৰিছিল। ২০০৭ চনত অৰুণাভ সৰকাৰে টাঙ্গাইল সাহিত্য সংসদ কবিতা বঁটাও লাভ কৰে।[2][3] তেওঁ তিনিখন কবিতা সংকলন প্ৰকাশিত হৈছে। সেইবোৰ হ'ল - নগৰে বাউল, কেউ কিছুই জানে না আৰু নাৰীৰা ফেৰে না। ১৯৬৯ চনৰ পৰা ১৯৮৫ চনলৈকে সৰকাৰে কাব্যালোচনী এশিকা সম্পাদনা কৰিছিল আৰু প্ৰায় ৪০ বছৰ ধৰি সাংবাদিক হৈ আছিল।[3] ২০১৪ চনৰ ১৮ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়।[4]